ধুবুৰী বিধানসভা সমষ্টিত অগপৰ প্ৰাৰ্থিত্ব বিচাৰি ৫গৰাকীৰ আবেদন
আগন্তুক বিধানসভা নিৰ্বাচনত ধুবুৰী বিধানসভা সমষ্টিত অসম গণ পৰিষদ (অগপ) দলৰ টিকট বিচাৰি সৰ্বমুঠ ৫গৰাকীয়ে আবেদন কৰিছে। আজি এয়া সদৰি কৰিছে দলটোৰ ধুবুৰী বিধানসভা পৰিষদৰ সভাপতি দিলীপ কুমাৰ সৰকাৰে।
উল্লেখ্য যে, ধুবুৰীত অগপৰ প্ৰাৰ্থীত্ব বিচাৰি আবেদন কৰাৰ অন্তিম দিন ধাৰ্য কৰা হৈছিল যোৱাকালিৰ ৩ ফেব্ৰুৱাৰীৰ দিনটো। ৩ ফেব্ৰুৱাৰীৰ সেই অন্তিম সময়সীমা উকলাৰ লগে লগে আজি ধুবুৰী বিধানসভা সমষ্টিত টিকট বিচাৰি আবেদন কৰাসকলৰ নথিপত্ৰ আৰু আবেদন পত্ৰবোৰ আজি অগপৰ কেন্দ্রীয় নেতৃত্বৰ হাতত ইতিমধ্যে অৰ্পণ কৰা বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, অগপৰ কেন্দ্ৰীয় কমিটিৰ সাংগঠনিক সম্পাদক ছানোৱাৰ হুছেইন, ধুবুৰী বিধানসভা পৰিষদৰ সম্পাদক নুৰ-ই-চিবলি, অগপৰ ধৰ্মীয় সংখ্যালঘু পৰিষদৰ কেন্দ্রীয় সম্পাদক কলিম উদ্দিন শেখ, ধুবুৰী বিধানসভা পৰিষদৰ সম্পাদক দীপ নাৰায়ণ কলিতা আৰু দলটোৰ এগৰাকী জেষ্ঠ্য কৰ্মী মুন আহমেদে ২৬-ৰ বিধানসভা নিৰ্বাচনত ধুবুৰী বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব বিচাৰি আবেদন কৰিছে।
উল্লেখ্য যে, চলিত ফেব্ৰুৱাৰী মাহৰ ১৫ তাৰিখৰ ভিতৰত এইবেলিৰ বিধানসভা নিৰ্বাচনত ধুবুৰী বিধানসভা সমষ্টিত শাসকীয় মিত্ৰজোটৰ বিজেপি নে অগপই, কোনটো দলে প্ৰাৰ্থীত্ব প্ৰদান কৰিব সেয়া নিশ্চিত হোৱাৰ পূৰ্ণ সম্ভাবনা আছে।
নিয়মীয়া বাৰ্তা, ধুবুৰী, ৪ ফেব্ৰুৱাৰী