নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমিনগাঁৱত উতলা গৰম তেল ঢালিলে শিশুসহ পাঁচগৰাকী মহিলাৰ দেহত

🔹  ‘বিচাৰ মেল’ত অনুপস্থিত মহিলাক জবাবদিহি কৰাত এই আক্ৰমণ 

বিশেষ বাৰ্তা, ২৬ মে’ : যোৱানিশা আমিনগাঁৱৰ ইচপাত নগৰত এক ভয়ংকৰ ঘটনা সংঘটিত হয়। জোনালী হাজৰিকা কলিতা নামৰ এগৰাকী মহিলাই উতলা গৰম তেল ঢালি দিয়ে এগৰাকী শিশুসহ পাঁচগৰাকী মহিলাৰ দেহত। আঘাতপ্ৰাপ্ত পাঁচ বছৰীয়া শিশুটোৰ নাম সোণমণি বড়ো। আনহাতে, আহত মহিলাকেইগৰাকী হৈছে মিনতি বড়ো, চকিনা বিবি, প্ৰীতি বেগম, পদুমী বড়ো আৰু মীনা বড়ো। ঘটনাত আঘাতপ্ৰাপ্তসকলক নিশাই জি এম চি এইচলৈ প্ৰেৰণ কৰা হয়। ঘটনা সন্দৰ্ভত ভুক্তভোগীৰ পৰিয়ালে উত্তৰ গুৱাহাটী আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ। আৰক্ষীয়ে আক্ৰমণকাৰী জোনাকী হাজৰিকা কলিতাক আটক কৰি আৰাম্ভ কৰিছে তদন্ত। তথ্য অনুসৰি জোনালীয়ে শুকুৰবাৰেও আক্ৰমণ কৰিছিল প্ৰতিবেশী মহিলাক। তাৰ পিছতেই স্থানীয় মহিলাসকলে অনুষ্ঠিত কৰিছিল “বিচাৰ মেল”। উক্ত “বিচাৰ মেল”ত অনুপস্থিত আছিল জোনালী। সেই সন্দৰ্ভত মহিলাসকলে জবাবদিহি কৰিছিল আক্ৰমণকাৰী জোনালীক। তেনে সময়তে গৰম তেলেৰে আক্ৰমণ কৰে মহিলাসকলক।

প্ৰেৰক মুনীন ডেকা

You might also like