নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোহলি অবিহনে আমেৰিকা অভিমুখে ভাৰতীয় দল

🔹 ভিছা সমস্যাৰ বাবে যাব নোৱাৰিলে কোহলি

বিশেষ বাৰ্তা, ২৬ মে’ : টি–২০ বিশ্বকাপ খেলিবলৈ আমেৰিকা অভিমুখে ৰাওনা হ’ল ভাৰতীয় দল৷ কিন্তু দলৰ সৈতে যাব নোৱাৰিলে বিৰাট কোহলি৷ তেওঁৰ অবিহনে মার্কিন মুলুকত উপস্থিত হ’ব ভাৰতীয় খেলুৱৈসকল৷ জানিব পৰা মতে, ভাৰতৰ পৰা ডুবাই হৈ আমেৰিকালৈ যাব ৰোহিত–দ্রাবিড়হঁত৷ শনিবাৰে নিশা মুম্বাইৰ পৰা ডুবাইলৈ উৰা মাৰে ভাৰতীয় দলটো৷ তাত অধিকাংশ ক্রিকেটাৰ থাকিলেও চকুত পৰে বিৰাটৰ অনুপস্থিতি৷ উল্লেখ্য যে আইপিএলৰ বাবে ভাৰতীয় ক্রিকেটাৰসকলক দুটা ভাগত আমেৰিকালৈ পঠিওৱাৰ সিদ্ধান্ত লয় ভাৰতীয় ক্রিকেট ব’র্ডে৷ আইপিএলৰ মেচ ইতিমধ্যে শেষ হোৱা বাবে শনিবাৰেই অধিকাংশ খেলুৱৈ ৰাওনা হয়৷ কিন্তু ৰোহিতহঁতৰ সৈতে আমেৰিকালৈ যোৱা নাই বিৰাট কোহলি আৰু হার্দিক পাণ্ডিয়া৷ অথচ দুয়োজন ক্রিকেটাৰৰ নিজ নিজ দলে ইতিমধ্যে আইপিএলৰ পৰা বিদায় লৈছে৷ অহা ৩০ মে’ত আমেৰিকাৰ বিমানত উঠিব কোহলি৷ হার্দিকো সম্ভৱতঃ দ্বিতীয় পর্যায়ত টি–২০ বিশ্বকাপ খেলিবলৈ যাব৷ ফলত ১ জুনত বাংলাদেশৰ বিৰুদ্ধে খেলিবলগীয়া একমাত্র প্রস্তুতি মেচত নেখেলে তেওঁলোকে৷ জানিব পৰা মতে, আমেৰিকাৰ ভিছা সম্পর্কীয় কিছু কাম বাকী থকা বাবে কোহলিয়ে দলৰ সৈতে যাব নোৱাৰিলে৷ আনহাতে, ভাৰতীয় দলৰ সহঃ অধিনায়ক হার্দিক সম্প্রতি লণ্ডনত আছে৷ তেওঁ তাৰ পৰাই পোনে পোনে আমেৰিকাত দলৰ সৈতে যোগ দিব৷ অৱশ্যে হার্দিকে কেতিয়া দলত যোগ দিব, সেই কথা জানিব পৰা হোৱা নাই৷ ৩০ মে’ত আমেৰিকালৈ যোৱাৰ কথা সঞ্জু চেমচন, যশস্বী জয়ছোৱাল, যুজৱেন্দ্র চাহাল আৰু কোহলি৷ উল্লেখ্য যে বিশ্বকাপত ভাৰতৰ প্রথমখন খেল অনুষ্ঠিত হ’ব ৪ জুনত আয়াৰলেণ্ডৰ বিৰুদ্ধে৷ ৯ জুনত ৰোহিতহঁতৰ প্রতিপক্ষ পাকিস্তান৷

You might also like