নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ প্ৰথম ৫ জি ক’লৰ পৰীক্ষণ সফল

বিশেষ বাৰ্তা, ২০ মেঃ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি আই আই টি মাদ্ৰাছত ভাৰতৰ প্ৰথমটো ৫ জি অডিঅ’আৰু ভিডিঅ’কল সফলতাৰে পৰীক্ষণ কৰে। এই গোটেই নেটৱৰ্কটো ভাৰতত ডিজাইন কৰি বিকাশ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে কয়। “আই আই টি মাদ্ৰাজত সফলতাৰে ৫জি কল পৰীক্ষা কৰা হৈছে।

এণ্ড টু এণ্ড নেটৱৰ্ক ভাৰতত ডিজাইন আৰু বিকশিত কৰা হৈছে” বৈষ্ণৱে কু এপত এই কথা পোষ্ট কৰে। ইয়াক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ বাস্তৱায়ন বুলিও তেওঁ কৈছে। উল্লেখনীয় যে, অহা সপ্তাহত টেলিকমিউনিকেচন বিভাগে ৫ জি স্পেকট্ৰাম নিলামৰ প্ৰস্তাৱ কেন্দ্ৰীয় কেবিনেটলৈ চূড়ান্ত অনুমোদনৰ বাবে প্ৰেৰণ কৰাৰ সম্ভাৱনা আছে।

You might also like