ধৰাৰ মায়া এৰি অজানমুলুকলৈ বাঁহীবাদক দীপক শৰ্মা
কিছুদিন পূৰ্বে উন্নত চিকিৎসাৰ বাবে চেন্নাইলৈ লৈ যোৱা হৈছিল তেওঁক। চিকিৎসাধীন অৱস্থাতেই মৃত্যু হয় প্ৰতিভাৱান বাঁহীবাদকগৰাকীৰ।
আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মাৰ আজিৰ পুৱা মৃত্যু ঘটে। তেওঁ ৫৭ বছৰ বয়সত চেন্নাইত শেষ নিশ্বাস ত্যাগ কৰে। আজি পুৱা প্ৰায় ৬.১৫ বজাত তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে বুলি পৰিয়ালসূত্ৰে জানিব পৰা গৈছে।
বিগত কেইবাবছৰ ধৰি যকৃত ৰোগত আক্ৰান্ত হৈ আছিল দীপক শৰ্মা। কিছুদিন পূৰ্বে উন্নত চিকিৎসাৰ বাবে চেন্নাইলৈ লৈ যোৱা হৈছিল তেওঁক। চিকিৎসাধীন অৱস্থাতেই মৃত্যু হয় প্ৰতিভাৱান বাঁহীবাদকগৰাকীৰ।
১৯৬৮ চনৰ ২৩ আগষ্টত নলবাৰী জিলাৰ পানীগাঁৱত জন্মগ্ৰহণ কৰিছিল দীপক শৰ্মাই। গুৱাহাটীৰ অম্বিকাগিৰী নগৰৰ স্থায়ী বাসিন্দা আছিল তেওঁ। দীপক শৰ্মা নিজৰ বাঁহীৰ সুৰেৰে দেশ-বিদেশত অসমৰ সংস্কৃতিক প্ৰতিনিধিত্ব কৰিছিল।
দীপক শৰ্মাই কেইবাটাও বঁটা লাভ কৰিছিল। তেওঁ লাভ কৰা বঁটাসমূহ হল- ব্যক্তিগত টিভি চেনেলে ২০০৬ চনত আগবঢ়োৱা “বেষ্ট মিউজিচিয়ান অৱ দ্য ইয়াৰ”, “সংগীত প্ৰভা” বঁটা (২০০৭), “অসম স্পৰ্টছ কাল্চাৰেল জুৰী এৱাৰ্ড” (২০০৭), “জেম্ছ অৱ অসম” (২০০৮), “আজিম হাজৰিকা বঁটা” (শিৱসাগৰ প্ৰেছ ক্লাব)।
বিশিষ্ট শিল্পীগৰাকীৰ মৃত্যুত সাংস্কৃতিক মহলত শোকৰ ছাঁ পৰিছে। বিভিন্ন সাংস্কৃতিক সংগঠন, শিল্পী, সংগীতপ্ৰেমী আৰু অনুৰাগীয়ে দীপক শৰ্মাৰ অৱদানক স্মৰণ কৰি গভীৰ শোক প্ৰকাশ কৰিছে।
ডিজিটেল ডেস্ক, ৩ নৱেম্বৰ