ডিজিটেল ডেস্ক, ৩ নৱেম্বৰ : অসমীয়াৰ আৱেগ জুবিন গার্গৰ ৰহস্যজনক মৃত্যুক লৈ ৰাজ্যজুৰি অগণিত অনুৰাগীয়ে শোকবিহ্বল হৈ থকাৰ সময়তো সুযোগ গ্রহণ কৰিছিল তথাকথিত জাতীয় সংগঠন বীৰ লাচিত সেনাৰ সদ্য বহিষ্কৃত নেতা বিকাশ অসমে৷ পৰহি দিছপুৰ আৰক্ষীয়ে বিকাশ অসমক গ্রেপ্তাৰ কৰাৰ পাছতে এই তথ্য পোহৰলৈ আহিছে৷
উল্লেখ্য যে প্রিয় শিল্পীৰ মৃত্যুক জাতীয় শোক হিচাপে লৈ প্রতিগৰাকী অসমীয়াই সকলোধৰণৰ আনন্দ–উৎসৱ বর্জন কৰিছিল৷ দীপাৱলীৰ সময়তো শিল্পীগৰাকীৰ প্রতি শ্রদ্ধাঞ্জলি জনাই আতচবাজী ফুটোৱাৰ পৰাও বিৰত থকাৰ সিদ্ধান্ত লৈছিল অসমীয়াই আৰু সেইমর্মে স্বতঃস্ফূর্তভাৱে ৰাজ্যজুৰি সকলোৱে পোহৰৰ উৎসৱ দীপাৱলীৰ সময়ছোৱাত আতচবাজী জ্বলোৱাৰ সলনি বন্তি প্রজ্বলনেৰে প্রিয় শিল্পীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰ প্রার্থনা জনাবলৈ আহ্বান জনাইছিল৷
প্রতিটো কথাতে নিজকে চৰম জাতীয়তাবাদী বুলি অভিহিত কৰি অহা বীৰ লাচিত সেনাৰ সদ্য বহিষ্কৃত নেতা বিকাশ অসমে অসমীয়াৰ এই আহ্বানক এটা সুযোগ হিচাপেহে গ্রহণ কৰিছিল৷ ৰাইজক দেখুৱাই প্রিয় শিল্পীৰ মৃত্যুৰ ন্যায় প্রদানৰ দাবী জনাই বিকাশ অসমে নিশাৰ ভাগত ফটকা ব্যৱসায়ীৰ সৈতে দৰ–দামত লিপ্ত হৈছিল৷ পৰহি দিছপুৰ আৰক্ষীয়ে ইতিমধ্যে ৰুজু হোৱা ৮৭৫/২৫ নম্বৰ গোচৰৰ অধীনত বিকাশ অসমক গ্রেপ্তাৰ কৰাৰ পাছতে তিনিগৰাকী ফটকা ব্যৱসায়ী ক্রমে জিতেন্দ্র শালৈ, বিকি ৰয় আৰু মিঠুন কুমাৰে দিছপুৰ থানাত দাখিল কৰা এজাহাৰৰ পাছতে এই বিস্ফোৰক তথ্য পোহৰলৈ আহিছে৷
এজাহাৰখনত উল্লেখ কৰা মতে, জাতীয়তাবাদী নেতা বিকাশ অসমে দীপাৱলীৰ সময়ছোৱাত ফটকা বিক্রী কৰাৰ সুবিধা দিয়াৰ বাবদ ব্যৱসায়ীকেইজনৰ পৰা দাবী কৰিছিল ৫ লাখ টকা৷ দাবী কৰা ধন তেওঁলোকে যদিহে নিদিয়ে, তেন্তে মহানগৰীত ফটকা ব্যৱসায় কৰাত বাধা দিয়াৰ লগতে বিক্রীৰ বাবে অনা সকলো ফটকা ধ্বংস কৰি দিয়াৰ ভাবুকি দিছিল বিকাশ অসমে৷ দীপাৱলীৰ কিছুদিন পূর্বে জিএছ ৰোডৰ ৰুক্মিণী গাঁৱৰ এখন বিলাসী হোটেলত বিকাশ অসমে ব্যৱসায়ীসকলৰ সৈতে এক আলোচনাত মিলিত হৈ এই দাবী কৰিছিল৷ তাৰ পাছতে ব্যৱসায়ৰ লোকচান হোৱাৰ শংকাত ভোগা ফটকা ব্যৱসায়ীসকলে মুঠ ডেৰ লাখ টকা নগদ ধন ফটাশিল আমবাৰীৰ এক স্থানত বিকাশ অসমৰ অন্যতম বিশ্বস্ত সহযোগী বিক্রান্ত কলিতাৰ হাতত অর্পণ কৰে৷ ধনখিনি দিয়াৰ পাছতো বাকী থকা পৰিমাণ আন ব্যৱসায়ীৰ পৰা সংগ্রহ কৰি হ’লেও তেওঁলোকক আদায় দিবলৈ বিকাশ অসমে নির্দেশ দিছিল জিতেন্দ্র শালৈ প্রমুখ্যে আন ফটকা ব্যৱসায়ীসকলক৷ কিন্তু বিকাশ অসমৰ এই নির্দেশ মানিবলৈ তেওঁলোকে অস্বীকাৰ কৰিছিল৷
এই সন্দর্ভত কালি দিছপুৰ থানাত ব্যৱসায়ী তিনিজনে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ৮৮৩/২৫ নম্বৰত আন এটা গোচৰ ৰুজু কৰে৷ ভাৰতীয় ন্যায় সংহিতাৰ ৩০৮ (২)/৩০৮ (৫)/৩ (৫) নং ধাৰাকেইটা গোচৰটোত ৰুজু কৰিছিল৷ পূব আৰক্ষী জিলাৰ উপ–আৰক্ষী আয়ুক্ত মৃণাল ডেকাই এই সন্দর্ভত সদৰী কৰা মতে, সম্প্রতি বিকাশ অসমক ৰাহুল মিশ্র নামৰ লোকজনৰ অপহৰণৰ গোচৰত ৰুজু হোৱা ৮৭৫/২৫ নম্বৰৰ গোচৰটোৰ অধীনত গ্রেপ্তাৰ কৰি আদালতত হাজিৰ কৰা হৈছে৷ পৰৱর্তী সময়ত ফটকা ব্যৱসায়ীসকলে দাখিল কৰা এজাহাৰৰ ভিত্তিত ৰুজু হোৱা গোচৰটোৰ অধীনত পুনৰ গ্রেপ্তাৰ কৰা হ’ব বিকাশ অসমক৷ তেওঁ কয় যে ব্যৱসায়ী ৰাহুল মিশ্রক অপহৰণৰ নেতৃত্বত আছিল বিকাশ অসম৷ অপহৰণ কৰাৰ পাছত পৰিয়ালক ধনদাবীও কৰাৰ ক্ষেত্রত অন্যতম ভূমিকা আছিল বিকাশ অসমৰ৷ অকল এয়াই নহয়, মহানগৰীৰ কেইবাজনো ব্যৱসায়ীক ধনদাবী কৰাৰ অভিযোগ আছে বিকাশ অসমৰ বিৰুদ্ধে৷ আৰক্ষীয়ে সম্প্রতি আটাইকেইটা গোচৰ পৰীক্ষা কৰি আছে৷
জানিব পৰা মতে, ৰাজ্যৰ আন কেইবাখনো থানাতো বিকাশ অসমৰ বিৰুদ্ধে ৰুজু হৈ আছে কেইবাটাও গোচৰ৷ এই গোচৰসমূহো তদন্তৰ আওতালৈ অনা হ’ব৷ কালি দিছপুৰ আৰক্ষীয়ে পূর্বে ৰুজু হোৱা গোচৰটোৰ অধীনত গ্রেপ্তাৰ কৰা বিকাশ অসমক আদালতত হাজিৰ কৰায়৷ আদালতে তিনি দিনৰ আৰক্ষী জিম্মালৈ বিকাশ অসমক প্রেৰণ কৰিছে৷ যি কি নহওক, প্রিয় শিল্পীৰ মৃত্যুক আজিও সহজভাৱে অসমীয়াই ল’ব পৰা নাই৷ নিজৰ কাম–বন এৰি হ’লেও ৰাইজে কেৱল প্রিয় শিল্পীৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্তৰ দাবী জনাই আহিছে৷ কিন্তু এই সময়তে বীৰ লাচিতৰ দৰে অসমীয়াৰ গৌৰৱৰ নাম লৈ সৃষ্টি হোৱা সংগঠনৰ এজন পাবত গজা নেতাই জুবিন গার্গৰ নাম ব্যৱহাৰ কৰি এনেদৰে ধন ঘটিবলৈ লোৱা বিষয়টোৱে প্রতিগৰাকী সচেতন অসমীয়াক ক্ষুব্ধ কৰি তুলিছে৷