নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শাপমুক্তি ভাৰতৰ : হৰমনপ্ৰীতৰ নেতৃত্বত এদিনীয়া বিশ্বকাপৰ চেম্পিয়ন ভাৰত

যোগ্য সহযোগ দিলে প্ৰতীকা ৰাৱাল, স্মৃতি মান্ধানা, হৰমনপ্ৰীত কৌৰ, দীপ্তি শৰ্মা, শ্ৰীচেৰনীৰ লগতে শেহতীয়াকৈ প্ৰতীকাৰ আঘাতপ্ৰাপ্ত হোৱা স্থানত স্থলাভিষিক্ত হোৱা শ্বেফালি বাৰ্মায়ো

ক্ৰিকেটৰ বৰ্ণময় ইতিহাসত ভাৰতীয় মহিলা দলে লিখিলে নিজৰ নাম। বছৰ বছৰজোৰা অপেক্ষা, আশা–আকাংক্ষাৰ ওৰ পেলালে হৰমনপ্ৰীত বাহিনীয়ে। ১৪০ কোটি ভাৰতীয় মুখত মুকুট জয়ৰ আকাংক্ষাক সাকাৰ কৰি ২০২৫ৰ এদিনীয়া বিশ্বকাপৰ ট্ৰফী দখল কৰিলে ভাৰতীয় মহিলা দলে। দুবাৰকৈ ক্ৰমে ২০০৫ আৰু ২০১৭ চনত স্বপ্ন ভংগ হোৱা দলটোৱে সেই ব্যৰ্থতাৰ ওৰ পেলালে। ২০১৭ চনত মাত্ৰ কেইটামান ৰানৰ বাবে বিজয়ৰ কাষ চাপিও ৰৈ গৈ দলটো।

অৱশেষত তৃতীয়বাৰৰ চেষ্টাত শাপমুক্তি ভাৰতৰ৷ ঘৰুৱা খেলপথাৰত বিশ্ব চেম্পিয়নৰ খিতাপ দখল কৰিলে দলটোৱে৷ ফাইনেলত দক্ষিণ আফ্রিকাক ৫২ ৰানত পৰাজিত কৰে ভাৰতে৷

ইয়াৰ লগে লগে মহিলা ক্রিকেটত অষ্ট্রেলিয়া আৰু ইংলেণ্ডৰ আধিপত্যৰ অৱসান ঘটে৷ ২০০৫ আৰু ২০১৭ চনৰ ফাইনেলত পৰাজিত হোৱাৰ পিছত প্রথমবাৰৰ বাবে বিশ্ব চেম্পিয়ন হ’ল ভাৰত কন্যা৷

টছত পৰাজিত হৈ বেটিঙৰ আমন্ত্রণ লাভ কৰা ভাৰতে নির্ধাৰিত ৫০ অভাৰত ৭ উইকেট হেৰুৱাই সংগ্রহ কৰে ২৯৮ ৰান৷ প্রত্যুত্তৰত ৪৫.৩ অভাৰতে ২৪৬ ৰান কৰি ইনিংছ সামৰে দক্ষিণ আফ্রিকাই৷ বেটে–বলে দৃষ্টি আকর্ষণ কৰে ছেফালি বার্মা আৰু দীপ্তি শর্মাই৷

এই দুগৰাকী ক্রিকেটাৰৰ দর্শনীয় প্রদর্শনৰ বাবেই ট্রফী জয় কৰে হৰমনপ্রিত বাহিনীয়ে৷ ফাইনেলৰ পূর্বে হোৱা বৰষুণৰ বাবে দুঘণ্টা পলমকৈ মেচ আৰম্ভ হয়৷ টছত জয়লাভ কৰি দক্ষিণ আফ্রিকাই প্রথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়৷

ভাৰতৰ অ’পেনাৰদ্বয় স্মৃতি মান্ধানা আৰু ছেফালি বার্মাই লাহে লাহে ৰানৰ গতি বৃদ্ধি কৰে৷ ১৮ অভাৰৰ ভিতৰতে ১০০ ৰানৰ যুটি বান্ধে বেটাৰ দুগৰাকীয়ে৷ অৱশ্যে অর্ধশতৰানৰ পৰা ৫ ৰান দূৰত থকা সময়তে স্মৃতি আউট হয়৷ ছেফালিয়ে ৭৮টা বলত ছেফালিয়ে ৮৭ ৰানৰ এটি দর্শনীয় ইনিংছেৰে ভাৰতৰ ভেটি মজবুত কৰে৷ ছেফালি আউট হোৱাৰ পিছতে ছেমিফাইনেলৰ মহানায়িকা ছেফালিয়ে ২৪ ৰান সংগ্রহ কৰে৷ অলৰাউণ্ডাৰ দীপ্তি শর্মাই দৃঢ়তাপূর্ণ বেটিঙেৰে দীপ্তিয়ে অর্ধশতৰান কৰে৷

ৰিচা ঘোষে ২৪টা বলত ৩৪ ৰান কৰে৷ দক্ষিণ আফ্রিকাৰ অপেনাৰ লাৰা উলভার্টে শতৰান কৰি দলৰ বিজয়ৰ আশা সজীৱ কৰি ৰাখিছিল যদিও তেওঁৰ বিদায়ৰ পিছতে আশা নির্বাপিত হয়৷ বেটিং–বলিং উভয়তে দর্শনীয় প্রদর্শন কৰা ছেফালিয়ে মেন অব দ্য মেচৰ সন্মান লাভ কৰে৷ আনহাতে দীপ্তি শর্মাই প্রতিযোগিতাৰ শ্রেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে৷

পিছে ব্যৰ্থতাক একাষৰীয়া কৰি এইবাৰ চেম্পিয়ন হল ভাৰতীয় মহিলা দলটো। এইবাৰৰ বিশ্বকাপ যাত্ৰাও তেনেই মসৃণ নাছিল যদিও সকলো প্ৰত্যাহ্বান নেওচিলে হৰমপ্ৰীত বাহিনীয়ে। যোগ্য সহযোগ দিলে প্ৰতীকা ৰাৱাল, স্মৃতি মান্ধানা, হৰমনপ্ৰীত কৌৰ, দীপ্তি শৰ্মা, শ্ৰীচেৰনীৰ লগতে শেহতীয়াকৈ প্ৰতীকাৰ আঘাতপ্ৰাপ্ত হোৱা স্থানত স্থলাভিষিক্ত হোৱা শ্বেফালি বাৰ্মায়ো।

ডিজিটেল ডেস্ক, ২ নৱেম্বৰ

You might also like