নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজমেৰলৈ তীর্থ কৰিবলৈহে হেনো গৈছে ইউডিএফৰ প্রার্থী

নিয়মীয়া বাৰ্তা ১২ এপ্ৰিলঃ বিজেপিৰ হর্ছ ট্রেডিঙৰ শংকাত ভুগি মহাজোঁটৰ অংশীদাৰ দল এ আই ইউ ডি এফ আৰু বি পি এফৰ প্রার্থীসকলক কংগ্রেছে ৰাজস্থান আৰু ছত্তিশগড়ৰ বিলাসী হোটেলত ৰাখিছে৷ কংগ্রেছ বিধায়িনী দলৰ নেতা দেৱব্রত শইকীয়াই কালি সংবাদ মাধ্যমৰ আগত বিজেপিৰ হর্ছ ট্রেডিঙৰ পৰা ৰক্ষা কৰাৰ বাবে সতর্কতামূলক ব্যৱস্থা হিচাপে সেই পদক্ষেপ গ্রহণ কৰা বুলি উল্লেখ কৰি সাৱধানীৰ মৰণ নাই বুলি মন্তব্য কৰে৷ তেওঁ আনকি সাপ আৰু মাখিৰ পৰা সাৱধানে থাকিব লাগে বুলিও কয়৷ পিছে আজি হঠাৎ সুৰ সলনি কৰিলে দেৱব্রত শইকীয়াই৷

জয়পুৰৰ পঞ্চতাৰকাযুক্ত ফেয়াৰম’ণ্ট হোটেল ৰিজ’টত থকা এ আই ইউ ডি এফৰ প্রার্থীসকলৰ প্রসংগত আভুৱা ভাঁৰা ভাষ্য প্রদান কৰি শইকীয়াই কয় যে আজমেৰ শ্বৰীফলৈ তীর্থ কৰিবলৈ হেনো জয়পুৰলৈ গৈছে৷ হাফিজ বছিৰ আহমেদ কাছিমীৰ এক বক্তব্যৰ উদ্ধৃতিৰে শইকীয়াই কয় যে লকডাউনৰ বাবে এইবাৰ তেওঁলোক হজলৈ যাব নোৱাৰে৷ সেয়ে জয়পুৰৰ পৰা কিছু নিলগত থকা আজমেৰ শ্বৰীফলৈ যোৱাৰ বাবেই তেওঁলোক জয়পুৰলৈ গৈছে৷ তেওঁ আৰু কয় যে কংগ্রেছৰো কিছুসংখ্যক সংখ্যালঘু বিধায়ক জয়পুৰলৈ গৈছে৷ তেওঁলোকো তাৰ পৰা তীর্থ কৰিবলৈ আজমেৰ শ্বৰীফলৈ যাব৷

You might also like