নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত পুনৰ বিলাতী সুৰা জব্দ

বিশেষ বাৰ্তা, ৩ জুনঃ মৰিয়নিৰ একাংশ ৱাইন শ্ব’পে অবৈধভাৱে অধিক হাৰত বিলাতী সুৰা সৰবৰাহ কৰি আহিছে । আৰক্ষী আৰু আৱকাৰীৰ চকুত ধূলি দি এইদৰে অবৈধভাৱে বিলাতী সুৰা সৰবৰাহ কৰিবলৈ আহি আজি আৰক্ষীৰ জালত পৰে বিলাতী সুৰাসহ দুই সৰবৰাহকাৰী । মৰিয়নি নগৰৰ এখন ৱাইন শ্ব’পৰ পৰা অবৈধভাৱে সুৰা সৰবৰাহ কৰাৰ খবৰ মৰিয়নিৰ আৰক্ষীয়ে গোপন সূত্ৰে লাভ কৰে । পিছত আৰক্ষীয়ে অভিযান চলাই ষ্টেচন ৰোডৰ পৰা এ এছ – ০৭- এন – ২২৫৪ নম্বৰৰ এখন ভানত সুৰাখিনি উঠাওঁতেই বাহনসহ সুৰাখিনি জব্দ কৰে । আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ষ্টেচন ৰোডত অৱস্থিত জি ডি ৱাইন শ্ব’পখনৰ পৰা এই সুৰাখিনি অবৈধভাৱে সৰবৰাহ কৰিছিল । বাহনখনত মুঠ ১১ কাৰ্টন বিলাতী সুৰা উঠাইছিল আৰু অসম-নাগালেণ্ড সীমামূৰীয়া খেৰেমীয়ালৈ নিয়াৰ যো-জা কৰিছিল । সন্দেহ কৰা মতে, সুৰাখিনি নাগালেণ্ডলৈ গোপনে সৰবৰাহ কৰিবৰ বাবেই এইদৰে নিছিল । আৰক্ষীয়ে সুৰা আৰু বাহনসহ দুই সৰবৰাহকাৰী খেৰেমীয়াৰ দীপাংকৰ বৰা আৰু পানীনৰাৰ কমল মাঝিক আটক কৰি থানালৈ আনে । পিছত সুৰাখিনি মৰিয়নিৰ আবকাৰী বিভাগক চমজাই দিয়ে । উল্লেখযোগ্য যে মৰিয়নিৰ একাংশ ৱাইন শ্ব’পে এইদৰে সুৰা সৰবৰাহকাৰীক অবৈধভাৱে সুৰা যোগান ধৰি আহিছে । এইক্ষেত্ৰত এনে সুৰা বিপণীসমূহৰ বিৰুদ্ধে আজিলৈকে আৰক্ষী অথবা আবকাৰী বিভাগে কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like