নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কার্যালয়ত দৈনিক ৬ ঘণ্টা কটায় বাথৰুমত

🔹 চাকৰি হেৰুওৱা চীনা ব্যক্তি দ্বাৰস্থ হ’ল আদালতৰ

বিশেষ বাৰ্তা, ৩ জুনঃ চীনৰ এগৰাকী ব্যক্তিয়ে কার্যালয়লৈ আহি দৈনিক ৬ ঘণ্টা ধৰি বাথৰুমত কটায়। এই ‘অপৰাধ’ত চাকৰি হেৰুৱাবলগীয়া হ’ল তেওঁ ৷ ৱাং নামৰ ব্যক্তিগৰাকীয়ে চাকৰি হেৰুওৱাৰ পিছত কর্তৃপক্ষৰ বিৰুদ্ধে আদালতত আবেদন জনাইছে ৷ এই আবেদনত ৱাঙে শাৰীৰিক অসুস্থতাৰ কথা উল্লেখ কৰে ৷ কিন্তু আদালতেও ৱাঙক কোনোধৰণৰ সুবিচাৰ দিয়া নাই ৷ দেশখনৰ সংবাদ পত্র ‘ছাউথ চাইনা মৰ্নিং পোষ্ট’ৰ প্রতিবেদন অনুসৰি ২০০৬ চনত কামত যোগ দিয়া ৱাঙে ২০১৪ চনত শাৰীৰিক অসুস্থতাত ভোগে ৷ দীর্ঘ সময় সময় চিকিৎসাৰ পিছত ৱাঙে পুনৰ চাকৰিত যোগদান কৰে যদিও দিনটোৰ অধিক সময় শৌচাগাৰত কটাবলগীয়া হয় ৷ গতিকে ২০১৫ চনৰ ২৩ ছেপ্টেম্বৰত চাকৰি হেৰুৱাবলগীয়া হয় ৱাঙে ৷

You might also like