নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন বিভাগক ১০ হাজাৰ জৰিমনা হাইক’ৰ্টৰ

অইলক খননৰ অনুমতি সন্দর্ভত শপতনামা দাখিলত ব্যর্থ

নিয়মীয়া বাৰ্তা, ২১ অক্টোবৰঃ ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যানৰ অধীনস্থ এলেকাত অইল ইণ্ডিয়া লিমিটেডক খননৰ বাবে দিয়া অনুমতি সন্দর্ভত যাৱতীয় শপতনামা দাখিলত ব্যর্থ হোৱাৰ বাবে বন বিভাগক ১০ হাজাৰ টকাৰ জৰিমনা বিহিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ এই সন্দর্ভত দাখিল কৰা ৩৫/২০২০ নম্বৰৰ ৰাজহুৱা স্বার্থত গোচৰৰ শুনানি গ্রহণ কৰি উচ্চ ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে বন বিভাগক শপতনামা দাখিল কৰিবলৈ নির্দেশ দিছিল৷

অইলক খননৰ অনুমতি প্রদানৰ পূর্বে জৈৱ–বৈচিত্র্য প্রভাৱ সম্বন্ধীয় অধ্যয়ন কৰাৰ তথ্য শপতনামাৰ জৰিয়তে দাখিল কৰিবলৈ নির্দেশ দিছিল৷ কিন্তু এই সন্দর্ভত শপতনামা অথবা জৈৱ–বৈচিত্র্য প্রভাৱ সম্বন্ধীয় অধ্যয়নৰ প্রতিবেদন দাখিলত ব্যর্থ হয় ৰাজ্যৰ বন বিভাগ৷ বিশেষকৈ উচ্চতম ন্যায়ালয়ৰ নির্দেশৰ ভিত্তিত বন বিভাগক এই তথ্যসমূহ দাখিল কৰিবলৈ নির্দেশ দিছিল উচ্চ ন্যায়ালয়ে৷

কিন্তু বন বিভাগৰ ব্যর্থতাত ক্ষুণ্ণ হৈ বিচাৰপীঠখনে জৰিমনা বিহাৰ লগতে ৰাজহুৱা স্বার্থজড়িত আবেদনখনৰ পৰৱর্তী শুনানিৰ দিন তিনি সপ্তাহৰ পিছত অহা ১৯ নৱেম্বৰত ধার্য কৰিছে৷ উল্লেখ্য যে ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যানৰ পাৰিপার্শ্বিক সংবেদনশীল এলেকাৰ ভিতৰত সাতটা হাইড্র’কার্বন প্রকল্পৰ বাবে দিয়া অনুমতিক প্রত্যাহ্বান জনোৱা হৈছিল৷ আবেদনকাৰীয়ে খননৰ বাবে দিয়া অনুমতিত স্থগিতাদেশ প্রদান কৰিবলৈ উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰা হৈছে৷

You might also like