নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নেচনেল ল ইউনিভার্ছিটী এণ্ড জুডিচিয়েল একাডেমীত চাকৰি

গুৱাহাটীৰ আজ্ঞাঠুৰীস্থিত আইন শিক্ষাৰ এখন আগশাৰীৰ উচ্চ শিক্ষাৰ অনুষ্ঠান নেচনেল ল ইউনিভার্ছিটী এণ্ড জুডিচিয়েল একাডেমীত খালী হৈছে গেষ্ট ফেকাল্টীৰ ২টা পদ৷ অর্হতাসম্পন্ন প্রার্থীক সাক্ষাৎকাৰলৈ আমন্ত্রণ জনাই বিশ্ববিদ্যালয় কর্তৃপক্ষই এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, পদ দুটা ক্রমেGuest Faculty Member of History, Economics & English আৰুGuest Faculty Member of Law (Specialization in Business Law, International Law) বিভাগত পূৰণ কৰা হ’ব৷ নিযুক্তিপ্রাপ্তই প্রতিটো ক্লাছৰ বিনিময়ত ১৫০০ টকা লাভ কৰিব৷Guest Faculty Member of History, Economics & English আৰুGuest Faculty Member of Law (Specialization in Business Law, International Law) পদৰ প্রার্থী গড়ে ৫৫ শতাংশ নম্বৰ লৈ স্নাতকোত্তৰ হোৱাৰ লগতে নেট/শ্লেট/ছেট উত্তীর্ণ হোৱা হ’ব লাগিব৷ অৱশ্যে পিএইচডি/এমফিল প্রার্থীৰ ক্ষেত্রত ই প্রযোজ্য নহয়৷Guest Faculty Member of History, Economics & English পদৰ প্রার্থীৰ সাক্ষাৎকাৰ ২৮ অক্টোবৰ তাৰিখে দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হ’ব৷

আনহাতে,Guest Faculty Member of Law (Specialization in Business Law, International Law) পদৰ প্রার্থীৰ সাক্ষাৎকাৰ ২৯ অক্টোবৰত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হ’ব৷ সাক্ষাৎকাৰৰ স্থানConference Hall, 1st Floor, Administrative Building, National Law University & Judicial Academy, Assam, Hajo Road, Amingaon, Guwahati-31৷ সাক্ষাৎকাৰলৈ আহোঁতে যাৱতীয় নথি–পত্রৰ মূল আৰু প্রত্যায়িত প্রতিলিপিসহ শেহতীয়া বায়’ডাটা আনিব লাগিব৷

You might also like