নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰাক্তন বিধায়ক জীতেন গগৈ আৰু কুশল দুৱৰীক দুবছৰৰ কাৰাদণ্ড

নিয়মীয়া বাৰ্তা, ৫ মাৰ্চ: গোলাঘাটৰ অতিৰিক্ত জিলা ও সত্ৰ ন্যায়ধীশৰ আদালতে আজি এক গোচৰৰ ভিত্তিত গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে ৷ দুই প্ৰাক্তন বিধায়কসহ মুঠ পাঁচগৰাকী লোকৰ বিৰুদ্ধে ২ বছৰৰ কাৰাদণ্ড আৰু পাঁচ হাজাৰকৈ জৰিমনা বিহিলে আদালতে। ২০০৯ চনৰ মাৰ্চ মাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলত অনাধিকাৰ প্ৰৱেশ কৰি অবৈধ ভাৱে কঁহৰা বনাঞ্চলৰ কাঠনিবাৰী আৰু হোলালপাঠ বনশিবিৰ এলেকাৰ ডিফলু নদীত অবৈধ মৎস্য চিকাৰ কৰাৰ গোচৰৰ ভিত্তিত প্ৰাক্তন বিধায়ক জিতেন গগৈ আৰু কুশল দুৱৰীক দুবছৰৰ কাৰাদণ্ড বিহে আদালতে ৷

আদালতে দুই বিধায়কৰ লগতে তৰুন বৰা, বাবু গগৈ আৰু ডম্বৰুধৰ গগৈকো শাস্তি প্ৰদান কৰিছে ৷ কাজিৰঙাৰ তদানীন্তন আঞ্চলিক বন বিষয়া ধৰণীধৰ বড়োৱে দিয়া গোচৰৰ ভিত্তিত আদালতে এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে ৷ আনহাতে আদালতে এমাহৰ ভিতৰত উচ্চ ন্যায়ালয়ৰ ওচৰত পুনৰ বিবেচনাৰ বাবে আবেদনৰ সময়সীমা বান্ধি দি এমাহৰ বাবে মুকলি কৰি দিয়ে ।

প্ৰেৰকঃ ভৰত দত্ত, গোলাঘাট

You might also like