নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ ৮০খন পৌৰসভা, সোমবাৰে মাজুলীৰ উপ–নির্বাচন

নিয়মীয়া বাৰ্তা, ৫ মাৰ্চঃ ৰাজ্যৰ ৮০খন পৌৰসভা আৰু মাজুলী বিধানসভা সমষ্টিক কেন্দ্র কৰি শাসক–বিৰোধীৰ মাজত অব্যাহত থকা নির্বাচনী যুঁজৰ আখৰা চূড়ান্ত পর্যায়ত উপনীত হৈছে৷ ৰাজ্যিক নির্বাচন আয়োগে ইতিপূর্বে ঘোষণা কৰা সূচী অনুসৰি অহা ৬ মার্চত ৮০খন পৌৰসভাৰ ৯৭৬টা ৱার্ডৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ’ব৷ পাটাছাৰকুছি পৌৰসভাৰ ৭নং ৱার্ডত প্রতিদ্বন্দ্বিতা আগবঢ়োৱা এজন প্রার্থীৰ মৃত্যু হোৱাৰ পৰিপ্রেক্ষিতত তাত সাময়িকভাৱে নির্বাচনী প্রক্রিয়া বাতিল কৰা হৈছে৷ পৌৰ নির্বাচন অনুষ্ঠিতব্য ৯৭৬টা ৱার্ডত প্রতিদ্বন্দ্বিতা আগবঢ়োৱা প্রার্থীৰ মুঠ সংখ্যা হ’ল– ২,৫৩২জন৷ প্রার্থীসকলৰ ভিতৰত বিজেপিৰ ৮২৫জন, কংগ্রেছৰ ৭০৬জন, অগপৰ ২৪৩জন, এ আই ইউ ডি এফৰ ১৭জন, অজাপৰ ১১১জন, আপৰ ৩২জন, আৰ জে ডিৰ ১জন, চি পি আই (এম)ৰ ১৪ আৰু নির্দলীয় ৫৮৩জন৷

অহা ৬ মার্চৰ পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ অনুষ্ঠিতব্য ভোটগ্রহণত এই প্রতিদ্বন্দ্বী প্রার্থীসকলৰ ভাগ্য নির্ণয় হ’ব৷ পৌৰ নির্বাচনৰ বিধি মতে, ভোটগ্রহণ আৰম্ভৰ নির্ধাৰিত সময়ৰ ২৪ ঘণ্টা পূর্বে প্রচাৰ অভিযানৰ সামৰণি পৰিব লাগে৷ সেই দিশৰ পৰা প্রচাৰ অভিযানৰ অন্তিম সময় হৈছে আজি পুৱা ৮ বজা৷ কিন্তু ক’ভিড পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি পৌৰ নির্বাচনৰ প্রচাৰত নিশা ৯ বজাৰ পৰা পুৱা ৬ বজালৈ ৰাজ্যিক নির্বাচন আয়োগে বাধা নিষেধ আৰোপ কৰি ৰাখিছে৷ এনে অৱস্থাত আজি পুৱা মাত্র দুঘণ্টাৰ বাবেহে প্রার্থীসকলে প্রচাৰ চলোৱাৰ সুযোগ লাভ কৰিব৷ সেয়েহে কালিৰ দিনটোতেই শাসক–বিৰোধী উভয় শিবিৰৰ প্রার্থীসকলে শোভাযাত্রা, জনসভা আদিৰ আয়োজনেৰে প্রচাৰ অভিযানত উবুৰি খাই পৰা পৰিলক্ষিত হ’ল৷ এক কথাত ক’বলৈ গ’লে পৌৰ নির্বাচনৰ প্রচাৰ অভিযানক লৈ বিগত দিনকেইটাত ৰাজ্যৰ নগৰাঞ্চলত বিৰাজ কৰা উখল–মাখল পৰিৱেশৰ আজি অন্ত পৰিল৷

লক্ষণীয়ভাৱে পৌৰ নির্বাচন আৰু মাজুলীৰ উপ–নির্বাচনৰ প্রচাৰ অভিযানত শাসকীয় শিবিৰৰ তুলনাত বিৰোধী শিবিৰ যথেষ্ট স্তিমিত হৈ ৰোৱা দেখা গৈছে৷ পৌৰ নির্বাচনত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রচাৰ অভিযানত অংশ নল’লেও দলীয় প্রার্থীৰ হৈ কাষ চাপিছে মন্ত্রীসকলে৷ ইফালে প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল কেন্দ্রীয় মন্ত্রীসভাত অন্তর্ভুক্ত তথা ৰাজ্যসভালৈ নির্বাচিত হোৱাৰ পৰিপ্রেক্ষিতত দেশৰ নির্বাচন আয়োগে কৰা ঘোষণা মতে, অহা ৭ মার্চত অনুষ্ঠিত হ’ব মাজুলী বিধানসভা সমষ্টিৰ উপ–নির্বাচন৷ মাজুলী দখলৰ যুঁজত তিনিজন প্রার্থী অৱতীর্ণ হৈছে যদিও মূল যুঁজখন বিজেপিৰ ভুবন গাম আৰু অজাপৰ চিত্তৰঞ্জন বসুমতাৰীৰ মাজত হোৱাটো নিশ্চিত৷ আনজন প্রার্থী হ’ল– ভাইটী ৰিচং৷

উল্লেখ্য যে মাজুলীৰ উপ–নির্বাচনৰ নির্বাচনী প্রক্রিয়া সুস্থ আৰু নিকাভাৱে সম্পন্ন কৰিবলৈ ব্যাপক তৎপৰতা অৱলম্বন কৰিছে দেশৰ নির্বাচন আয়োগে৷ নির্বাচন আয়োগে  স্পষ্ট কৰি দিয়ে যে মাজুলীৰ উপ–নির্বাচনৰ প্রচাৰ অভিযান সম্পর্কত এগ্জিট প’ল বা ৰাইজৰ মতামতৰ ভিত্তিত কৰিব খোজা নির্বাচনী ফলাফলৰ পূর্বানুমান ঘোষণা কৰাৰ ক্ষেত্রত জনপ্রতিনিধিত্ব আইন ১৯৫১ৰ ধাৰা ১২৬ৰ অধীনত দেশৰ নির্বাচন আয়োগে এক অধিসূচনাযোগে নিষেধাজ্ঞাৰ সময় ঘোষণা কৰিছে৷ এই অনুসৰি ধাৰা ১২৬ (ক)ৰ উপধাৰা ১ৰ অধীনত ভোটগ্রহণৰ দিনা অর্থাৎ ৭ মার্চৰ পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬.৩০ বজাৰ ভিতৰত এগ্জিট প’ল চলোৱা বা ছপা, ৰেডিঅ’, টেলিভিছন আদি গণমাধ্যমসমূহত প্রচাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷

আনহাতে উল্লিখিত আইনৰ ধাৰা ১২৬ (১) (খ)ৰ অধীনত ঘোষণা কৰা নিষেধাজ্ঞা অনুসৰি ভোটগ্রহণ সমাপ্ত হোৱাৰ ৪৮ ঘণ্টা আগৰ পৰা সমাপ্ত হোৱালৈকে অর্থাৎ ৫ মার্চৰ সন্ধিয়া ৫ বজাৰ পৰা ৭ মার্চৰ সন্ধিয়া ৫ বজালৈ কোনো বৈদ্যুতিন মাধ্যমত নির্বাচনী প্রচাৰ সম্পর্কীয় যিকোনো বিষয় তথা এগ্জিট প’ল বা ৰাইজৰ মতামতৰ ভিত্তিত কৰিব খোজা নির্বাচনী ফলাফলৰ পূর্বানুমান বা অন্যান্য নির্বাচনী ফলাফল সম্পর্কীয় জৰীপ সম্বন্ধে প্রচাৰ কৰিব নোৱাৰিব৷ এই নিষেধাজ্ঞা উলংঘা কৰিলে দুবছৰ পর্যন্ত কাৰাবাস বা জৰিমনা বা জৰিমনাৰ সৈতে কাৰাবাস হ’ব পাৰে৷ ভোটগ্রহণৰ অন্তিম সময়ৰ ৪৮ ঘণ্টা আগতে অন্ত পৰিব প্রচাৰ অভিযানৰ৷ জনপ্রতিনিধিত্ব আইন ১৯৫১ৰ ধাৰা ১২৬ৰ আধাৰত জাৰি কৰা দেশৰ নির্বাচন আয়োগৰ নির্দেশনা অনুসৰি অহা ৫ মার্চৰ সন্ধিয়া ৫ বজাত সকলো ৰাজনৈতিক দল আৰু প্রার্থীয়ে প্রচাৰ অভিযান সামৰিব লাগিব৷ ইয়াৰ পাছত কোনো লোকে নির্বাচনী প্রচাৰ সম্বন্ধীয় কোনো সভা, শোভাযাত্রা আদি অনুষ্ঠিত কৰিব নোৱাৰিব বা কোনো জনসমাগমত নির্বাচনী প্রচাৰ চলাব নোৱাৰিব৷

তদুপৰি টেলিভিছন, চিনেমাটোগ্রাফ বা অন্য তেনে কোনো মাধ্যমত নির্বাচনী প্রচাৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ ইয়াৰ উপৰি নির্বাচন অনুষ্ঠিত হোৱা অঞ্চলত উল্লিখিত সময়ছোৱাত কোনোধৰণৰ সাংস্কৃতিক অনুষ্ঠান, নাট্যানুষ্ঠান বা যিকোনো মনোৰঞ্জনধর্মী অনুষ্ঠান অনুষ্ঠিত কৰি নির্বাচন সম্পর্কীয় প্রচাৰেৰে জনসাধাৰণক প্রভাৱিত কৰিব নোৱাৰিব৷ এই নিষেধাজ্ঞা উলংঘা কৰিলে দুবছৰ পর্যন্ত কাৰাবাস বা জৰিমনা বা জৰিমানৰ সৈতে কাৰাবাস হ’ব পাৰে৷

You might also like