নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিত যোগ দিলে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই

ডিজিটেল ডেস্ক, ২২ ফেব্ৰুৱাৰী : অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ৰাজ্যৰ প্ৰতিটো দলে নিৰ্বাচনী কুচকাৱাজ অব্যাহত ৰখাৰ সময়তে ৰাজ্যৰ ৰাজনীতিত জোকাৰণিৰ সৃষ্টি কৰি শেহতীয়াকৈ কংগ্ৰেছ দল ত্যাগ কৰে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই।

দীৰ্ঘদিনৰ চৰ্চাৰ অন্ত পেলাই অৱশেষত কংগ্ৰেছ ত্যাগ কৰা প্ৰদেশ কংগ্ৰেছ প্ৰাক্তন সভাপতি ভূপেন বৰাই পিন্ধিলে গেৰুৱা বসন। প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন বিধায়ক ভূপেন বৰা আজি পুৱা উপস্থিত হয় বাজপেয়ী ভৱনত । প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ বিজেপিত যোগদানক লৈ দেওবাৰে গুৱাহাটীৰ বাজপেয়ী ভৱনত ব্যাপক আয়োজন কৰা হয়।

ইতিমধ্যে মুখ্যমন্ত্রীয়ে সংবাদমেল সম্বোধন কৰি কৈছিল যে ২২ ফেব্ৰুৱাৰীত ভূপেন বৰাই বিজেপিত যোগদান কৰিব । সেই অনুসৰি আজি বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত যোগদান অনুষ্ঠানৰ আয়োজন কৰা হয়। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত বাজপেয়ী ভৱনত প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰা আৰু প্ৰাক্তন সাধাৰণ সম্পাদক ড৹ সঞ্জু বৰা প্ৰমুখ্যে বিভিন্ন দল-সংগঠনৰ নেতা-কৰ্মীয়ে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে। আজি বশিষ্ঠ চাৰিআলিস্থিত বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তেওঁ আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে। যোগদানৰ পিছত তেওঁ কয়- ‘মই আজিৰ পৰা বিজেপিৰ এজন কাৰ্যকতা। মই দুৰ্যোধনৰ সংগ ত্যাগ কৰিলো।’

ভূপেন বৰাই ইয়াৰ পূৰ্বে ঘোষণা কৰিছিল যে ভাৰতীয় জাতীয় কংগ্ৰেছত ৩২ বছৰ কটোৱাৰ পিছত তেওঁ বিজেপিত যোগদান কৰি এক নতুন ৰাজনৈতিক অধ্যায় আৰম্ভ কৰিব । এই সিদ্ধান্তক তেওঁ দৃঢ়তা আৰু স্পষ্টতাৰে লোৱা এক পদক্ষেপ বুলি অভিহিত কৰিছে।

এই যোগদান কাৰ্যসূচীত বিজেপিৰ ৰাজ্যিক সভাপতিৰ লগতে কেইবাগৰাকীও কেন্দ্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ জ্যেষ্ঠ নেতা উপস্থিত থাকে।

যোগদানৰ পিছতে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত ভূপেন বৰাই আন এক বিস্ফোৰক মন্তব্য কৰে। তেওঁ কয় যে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণা হোৱাৰ লগে লগে ৰাজীৱ ভৱনৰ বহু স্বাভিমানী অসমীয়া নেতা-কৰ্মী বাজপেয়ী ভৱনলৈ গুচি আহিব।

You might also like