ফ্রান্সৰ পৰা লেজাৰ অস্ত্র ‘হেলমা’ ক্রয় কৰিব ভাৰতে
নিউজ ডেস্ক, ২২ ফেব্রুৱাৰী : প্রতিৰক্ষা মন্ত্রালয়ে ভাৰতীয় স্থলসেনা আৰু বায়ুসেনাৰ বাবে নতুন ড্রোন ধ্বংসকাৰী লেজাৰ অস্ত্র ক্রয়ৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ ইতিমধ্যে ফ্রান্সৰ চিলাচৰ সৈতে ‘হেলমা পি’ নামৰ বহুমুখী ড্রোনবিৰোধী অস্ত্র ক্রয়ৰ বাবে চুক্তি স্বাক্ষৰ কৰিছে৷
প্রতিৰক্ষা মন্ত্রালয়ৰ সূত্রৰ মতে, অপাৰেচন সিন্দূৰৰ পিছত শত্রু ড্রোনে আকাশমার্গ উলংঘা কৰাৰ আশংকাত এই পদক্ষেপ গ্রহণ কৰা হৈছে৷ ইতিমধ্যে ভাৰতৰ প্রতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই প্রস্তুত কৰা এণ্টি–ড্রোনৰ জৰিয়তে আকাশমার্গত লেজাৰ ভিত্তিত ড্রোন ধ্বংসৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছে৷ কিন্তু এই থলুৱা প্রযুক্তি ব্যৱহাৰ কৰি নির্মিত ড্রোন ধ্বংসকাৰী লেজাৰ অস্ত্রৰ বাণিজ্যিক উৎপাদন আৰম্ভ কৰিবলৈ আৰু কেইবছৰমান সময় লাগিব৷ ইয়াৰ মাজতে চাহিদা পূৰণৰ বাবে ভাৰতে অত্যাধুনিক লেজাৰ অস্ত্র হেলমা পি ক্রয় কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷
সামৰিক ভাষাত এই শ্রেণীৰ অস্ত্রক ডাইৰেক্ট এনার্জী ৱেপন ছিষ্টেম বুলি কোৱা হয়৷ কেইবাকিলোৱাট শক্তিৰ লেজাৰ ৰশ্মি ব্যৱহাৰ কৰি শত্রুৰ ড্রোন ধ্বংস কৰিব পাৰে হেলমাই৷ ইয়াৰ পৰিসৰ দুই কিলোমিটাৰতকৈ অধিক৷ তদুপৰি হেলমাত কম উচ্চতাত উৰি থকা শত্রুৰ ড্রোন ধৰা পেলাব পৰা ৰাডাৰ আৰু শত্রুৰ ড্রোনৰ নিয়ন্ত্রণ ব্যৱস্থাত ব্যাঘাত জন্মাব পৰা উচ্চ শক্তিৰ জেমাদ আছে৷ পৰম্পৰাগত বিস্ফোৰকভর্তি বায়ু প্রতিৰক্ষা ব্যৱস্থাৰ তুলনাত ইয়াৰ খৰচো একেবাৰে নগণ্য৷ এই সন্দর্ভত যোৱা নৱেম্বৰ মাহত প্রাথমিক দ্বি–পাক্ষিক চুক্তিত উপনীত হৈছিল ভাৰত আৰু ফ্রান্স৷
শেহতীয়াভাৱে ১৭ ফেব্রুৱাৰীত ভাৰত ভ্রমণলৈ অহা ফ্রান্সৰ ৰাষ্ট্রপতি ইমানুৱেল মেক্রন’ৰ সৈতে স্বাক্ষৰিত দ্বি–পাক্ষিক চুক্তিৰ সময়ত এই অস্ত্র ক্রয়েও স্থান লাভ কৰিছে৷ শীঘ্রে এই চুক্তি কার্যকৰী হ’ব আৰু ভাৰতে অত্যাধুনিক লেজাৰ অস্ত্রৰে শত্রুক প্রতিহত কৰিবলৈ সক্ষম হ’ব৷