নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শংকৰদেৱ কলাক্ষেত্ৰত মাই ওৱাইফছ এইথ বচন মঞ্চস্থ

✅নটসূৰ্যৰ নাট সমাৰোহৰ সফল সামৰণি

বিশেষ বাৰ্তা, ১৩ ডিচেম্বৰঃ যোৱা ৯ ডিচেম্বৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা নটসূৰ্যৰ ২৭সংখ্যক বাৰ্ষিক নাট সমাৰোহৰ আজি সামৰণি পৰে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰীশংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত সামৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি ড০ কুলধৰ শইকীয়াই। এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অইল ইণ্ডিয়া লিমিটেডৰ মানৱ সম্পদ বিভাগৰ মুখ্য মহাপ্রৱন্ধক মাধুৰ্য্য বৰুৱাই। উল্লেখযোগ্য যে আজিৰ এই নাট্য সন্ধিয়া নটসূৰ্যৰ এগৰাকী শুভাকাংক্ষী তথা বিশিষ্ট পৰিৱেশবিদ তথা গুৱাহাটী আই আই টিৰ অধ্যাপক সদ্যপ্রয়াত ড০ চন্দন মহন্তৰ সোঁৱৰণত অনুষ্ঠিত হৈছিল। যোৱা চাৰিটা সন্ধিয়াত পাঁচখন বিভিন্ন আংগিক আৰু সোৱাদৰ নাট পূৰ্ণ প্ৰেক্ষাগৃহভৰ্তি দৰ্শকৰ সহযোগত সফলতাৰে মঞ্চস্থ হৈ যোৱাৰ পিছত আজি সন্ধিয়া মুম্বাইৰ ‘দ্য ফিল্ম এণ্ড থিয়েটাৰ ছ’চাইটী’ৰ নাট ‘মাই ওৱাইফ’চ এইথ্ বচন’ মঞ্চস্থ হয়। তিনিটা চৰিত্ৰৰ এই হাস্যমধুৰ নাটখনিত অভিনয় কৰে মুম্বাইৰ তাৰকা শিল্পী অনুপ চৰ্নি, বিনয় জৈন আৰু মনীষা সিং কাটিৱালে। নাটখনিৰ ৰচনা, পৰিকল্পনা আৰু পৰিচালনা আছিল অতুল সত্য কৌশিকৰ। ডেৰ ঘণ্টাজোৰা হিন্দী নাটকখনত পোহৰ নিক্ষেপণত আছিল কমলেশ ওজা আৰু আজাহাৰ। নাটখনৰ নেপথ্য সংগীতত আছিল লতিকা জৈন। সমাৰোহৰ অন্তত নটসূৰ্যৰ সাধাৰণ সম্পাদক ৰামকৃষ্ণ শৰ্মাই এই নাট সমাৰোহ সফলতাৰে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সহযোগ আগবঢ়োৱা বাবে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়, পৰ্যটন বিভাগ আৰু তথ্য আৰু জনসংযোগ বিভাগ, অইল ইণ্ডিয়া লিমিটেড, নুমলীগড় ৰিফাইনাৰী লিমিটেড, ভাৰতীয় টি ব’ৰ্ড, প্রচাৰ মাধ্যম আদিকে ধৰি সমূহ বিজ্ঞাপন দাতা, দৰ্শকবৃন্দ আৰু শুভাকাংক্ষীক কৃতজ্ঞতা জ্ঞাপন কৰে।

#বাৰ্তা ডেস্ক

You might also like