নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুকুৰমাৰাত পশুধনক বিনামূলীয়া টিকাকৰণ-চিকিৎসা প্ৰদান

🔹 SOS ভিলেজৰ প্ৰশংসনীয় পদক্ষেপ

নিয়মীয়া বাৰ্তা, ২১ মে’ : দক্ষিণ কামৰূপৰ কুকুৰমাৰা আদৰ্শ গাঁৱত SOS ভিলেজৰ প্ৰশংসনীয় পদক্ষেপ। SOS ভিলেজৰ উদ্যোগত আৰু ছয়গাঁও পশু চিকিৎসালয়ৰ সহযোগত আজি পুৱাৰে পৰা কুকুৰমাৰা ৰাজহুৱা খেলপথাৰ প্ৰাংগণত পোহনীয়া গৰু-ছাগলীক বিনামূলীয়া টিকাকৰণ কৰা হয়। ইয়াৰ উপৰি পশুধনক বিনামূলীয়া চিকিৎসা আৰু দৰব-পাতি বিতৰণ কৰা হয়। পশুধনক বিনামূলীয়া টিকাকৰণ আৰু চিকিৎসা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি সেৱা আগবঢ়ায় ছয়গাঁও পশু চিকিৎসালয়ৰ ডা: হেমন্ত কুমাৰ ডেকা, ডা: অঞ্জন গোস্বামী, সহায়ক মিন্টুৰাজ দাস, হৰমোহন গোস্বামী, দেৱেশ্বৰ দাস আৰু মৈত্ৰীয়ে। ইফালে, পুৱাৰ ভাগতে ৰাজহুৱা খেলপথাৰত পশুধনক টিকাকৰণ আৰু চিকিৎসা প্ৰদান কৰাৰ উপৰি মানুহৰ ঘৰে ঘৰে গৈ গৰু-ছাগলীক চিকিৎসকৰ দলটোৱে টিকাকৰণ কৰে। কুকুৰমাৰা গাঁৱৰ গাঁওপ্ৰধান জনক দাসৰ নেতৃত্বত সম্পন্ন হোৱা এই কাৰ্যসূচীৰ বাবে অঞ্চলটোৰ ৰাইজে SOS ভিলেজৰ কাৰ্যকৰ্তা আৰু ছয়গাঁও পশু চিকিৎসালয়ৰ চিকিৎসকৰ দলটোক ভূয়সী প্ৰশংসা কৰে। ইফালে, গাঁওপ্ৰধান জনক দাসে জানিবলৈ দিয়া মতে, কুকুৰমাৰা গাঁৱৰ বহু পৰিয়ালৰ একমাত্ৰ উপাৰ্জনৰ পথ পোহনীয়া পশুধন । তেওঁলোকে বিনামূলীয়া টিকাকৰণ আৰু চিকিৎসাৰ জৰিয়তে বহু পৰিমাণে উপকৃত হ’ব বুলিও জানিবলৈ দিয়ে।

প্ৰেৰক ভগৱান দাস

You might also like