নিয়মীয়া বাৰ্তা, দিখৌমুখ, ২৫ নৱেম্বৰ : দিখৌমুখ ভেছেলিমাৰী গাঁও নিৱাসী স্বাধীনতা সংগ্ৰামী, বিশিষ্ট সমাজকৰ্মী, একালৰ লোকেল বোৰ্ডৰ মেম্বাৰ প্ৰহ্লাদ সাধনিদাৰৰ ২৪ নৱেম্বৰৰ নিশা ১০৬ বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণত নিজা বাসভৱনত মৃত্যু হয়।
১৯১৯ চনত জন্মগ্ৰহণ কৰা সাধনিদাৰ দিখৌমুখৰ পিতৃপুৰুষ অসমৰ প্ৰথমগৰাকী শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ নলে-গলে লগা বন্ধু আছিল আৰু শইকীয়াৰ নেতৃত্বতে তেওঁ দেশৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল। দেশে স্বাধীনতা লাভ কৰাৰ পৰৱৰ্তী সময়ত তেওঁ কেইবাবাৰো কোঁৱৰপুৰ মৌজা পঞ্চায়তৰ সদস্য নিৰ্বাচিত হৈছিল। প্ৰয়াত সাধনিদাৰ দিখৌমুখ অঞ্চলৰ এজন সুদক্ষ ভাৱৰীয়াও আছিল।
তেওঁৰ মৃত্যুৰ বাতৰি লাভ কৰি বহুসংখ্যক গুণমুগ্ধ বাসগৃহত উপস্থিত হৈ এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰি অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মৃত্যুৰ সময়ত তেওঁ দুই পুত্ৰ, বোৱাৰী, এগৰাকী বিবাহিত জী, জোঁৱাই, নাতি-নাতিনীকে ধৰি বহু আত্মীয়-স্বজনক ইহসংসাৰত এৰি যায়। শতায়ু গৰকা স্বাধীনতা সংগ্ৰামী প্ৰহ্লাদ সাধনিদাৰৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে৷