নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়ৰ নৱাগত আদৰণী সভা

বিশেষ বাৰ্তা, ১৬ অক্টোবৰ : মধ্য অসমৰ বাণিজ্য শিক্ষাৰ অন্যতম প্ৰাণকেন্দ্ৰ নগাঁও গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়ৰ দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয় ৪২ সংখ্যক নৱাগত আদৰণী সভা।

আজি প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত মহাবিদ্যালয়ৰ ন-পুৰণি ছাত্ৰ-ছাত্ৰীৰ চিনাকি চৰা অনুষ্ঠান হৈ যোৱাৰ পাছতে অনুষ্ঠিত হয় মুকলি সভা। উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সাংবাদিক নৰেশ কলিতা। মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক চৈতন্য কুমাৰ পাণ্ডেই আঁত ধৰা অনুষ্ঠানটিত আদৰণী ভাষণ আগবঢ়ায় অধ্যক্ষ ড০ মৃগাংক শইকীয়াই। সভাত সাংবাদিক নৰেশ কলিতাই ভাষণত সদ্যপ্ৰয়াত গণশিল্পী জুবিন গাৰ্গৰ কৰ্মৰাজিৰ বিষয়ে ছাত্ৰ-ছাত্ৰীৰ মাজত ব্যাখ্যা আগবঢ়ায়। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক লিখা-মেলাৰ জৰিয়তে অসমীয়া ভাষাক জীয়াই ৰাখিবলৈ আহ্বান জনায়।

সভাতেই নৱাগত আদৰণী অনুষ্ঠান অনুষ্ঠিত হয়। নৱাগত আদৰণী অনুষ্ঠানৰ আঁত ধৰে অধ্যাপিকা নাতাশা বৰুৱাই। সভাতেই আলোচনী “বাণিজ্যিম” আৰু Soft skills আৰু Gender matters নামৰ দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। সভাত মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি প্ৰদীপ কুমাৰ বৰা, জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকা, উপাধ্যক্ষ বিজুমণি পাঠকৰ লগতে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰীসকল উপস্থিত থাকে।

প্ৰেৰক কনক হাজৰিকা

You might also like