নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অগপ–বিজেপি বিধায়কৰ সলনি হ’ব সমষ্টি

নিয়মীয়া বাৰ্তা ২৫ ফেব্ৰুৱাৰীঃ  পুনৰ দিছপুৰত শাসনৰ বাঘজৰী হাতত লোৱাৰ লক্ষ্যৰে অভিযান তীব্রতৰ কৰি তোলা বিজেপি মিত্রজোঁটে কংগ্রেছ–এ আই ইউ ডি এফক প্রতিহত কৰাৰ লক্ষ্যৰে প্রস্তুত কৰিছে এক বিশেষ পৰিকল্পনা৷ অগপ আৰু বিজেপিৰ দখলত থকা এখনো আসন যাতে বিৰোধীৰ হাতলৈ নাযায়, সেই লক্ষ্যৰে সমষ্টি সালসলনিৰ বাবে এক পৰিকল্পনা যুগুতাই তুলিছে উভয় দলে৷ উল্লেখ্য যে কংগ্রেছ আৰু এ আই ইউ ডি এফৰ মিত্রতাই অগপ আৰু বিজেপিৰ দখলত থকা কেইবাটাও সমষ্টিত প্রত্যাহ্বান সৃষ্টি কৰাৰ সম্ভাৱনা আছে৷ লোকসভা নির্বাচনত কংগ্রেছ আৰু এ আই ইউ ডি এফৰ গোপন মিত্রতাৰ ফলত কেইবাটাও বিধানসভা সমষ্টিত বিজেপিয়ে দ্বিতীয় স্থানত থাকিব লগা হৈছিল৷ এই দিশটোৰ প্রতি লক্ষ্য ৰাখি এইবাৰ বিজেপি মিত্রজোঁটে মধ্য অসম, উত্তৰ অসম আৰু নামনি অসমত নিজৰ দখলত থকা বহুকেইটা সমষ্টিত প্রার্থিত্ব সলনিৰ চিন্তা–চর্চা কৰিছে৷ সেই অনুসৰি বিজেপিৰ দখলত থকা একাংশ সমষ্টিত অগপক প্রার্থী প্রক্ষেপৰ সুযোগ দিয়াৰ বিপৰীতে অগপৰ দখলত থকা আন কেইবাটাও সমষ্টিত বিজেপিয়ে প্রতিদ্বন্দ্বিতা কৰাৰ প্রস্তুতি চলিছে৷

এই সন্দর্ভত মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে পুৰণি আসনত বিজেপি–অগপৰ বিধায়কে খেলি থাকিলে এইবাৰ সমস্যা সৃষ্টি হ’ব৷ আসন সলনা–সলনি কৰিব লাগিব৷ মন কৰিবলগীয়া যে কংগ্রেছ–এ আই ইউ ডি এফক প্রতিহত কৰাৰ লক্ষ্যৰে এইবাৰ একাধিক সমষ্টিত অগপ–বিজেপিয়ে প্রার্থী সলনি কৰাৰ বাবেও ইতিমধ্যে চিন্তা–চর্চা আৰম্ভ কৰিছে৷ উভয় দলৰে কেইবাজনো বিধায়কৰ বিৰুদ্ধে সৃষ্টি হৈছে প্রতিষ্ঠানবিৰোধী ঢ়ৌ৷ এনে প্রেক্ষাপটত কেইবাটাও সমষ্টিত যুৱ প্রার্থী অথবা নতুন মুখ প্রক্ষেপ কৰাৰ বাবেও অগপ–বিজেপিৰ অভ্যন্তৰত চলিছে চর্চা৷ এনে চর্চাৰ মাজতে  মন্ত্রী ড০ শর্মাই স্পষ্টভাৱে কয়– ৰাইজৰ মতামতৰ ভিত্তিতহে চূড়ান্ত কৰা হ’ব আসনৰ ভাগ–বাটোৱাৰা৷ তেওঁ কয়– ‘য’ত বিজেপি আছে, তাৰ দুই–চাৰিখন আসন অগপক দিব লাগিব৷ একেদৰে অগপৰ দখলত থকা আসন এইবাৰ বিজেপিক দিব লাগিব৷ অলপ সালসলনি হ’লে মানুহে ভাল পাব৷ তেতিয়া একঘেমীয়া নহয়৷

ইফালে আসন বুজাবুজিৰ প্রসংগত মন্ত্রীগৰাকীৰ ভাষ্য– অগপৰ লগত আসন বুজাবুজিক লৈ এতিয়ালৈ কোনো আলোচনা হোৱা নাই৷ লক্ষণীয় দিশটো হ’ল যে মিত্রজোঁটে কংগ্রেছ–এ আই ইউ ডি এফক প্রতিহত কৰাৰ লক্ষ্যৰে গ্রহণ কৰা এই পৰিকল্পনাই নিদ্রাহৰণ কৰিছে একাংশ বিধায়কৰ৷ অগপ–বিজেপিৰ সমষ্টি সালসলনিৰ সিদ্ধান্ত চূড়ান্ত কৰিলে এইবাৰ যে বহু বিধায়কে সমষ্টি হেৰুৱাব, সেয়া ইতিমধ্যে স্পষ্ট হৈ পৰিছে৷ বিশেষকৈ অগপৰ দখলত থকা আঠটা সমষ্টিত প্রার্থী প্রক্ষেপ কৰাৰ পূর্ণ প্রস্তুতি চলাইছে বিজেপিয়ে৷ অগপৰ দখলত থকা কমলপুৰ, পশ্চিম গুৱাহাটী, নাহৰকটীয়া, লখিমপুৰ, তেজপুৰ, পাটাছাৰকুছি, টীয়ক আৰু দেৰগাঁৱত বিজেপিয়ে নতুন মুখ প্রক্ষেপ কৰাৰ বাবে গোপনে প্রস্তুতি আৰম্ভ কৰিছে৷

ইয়াৰ বিপৰীতে বিজেপিয়ে অগপক ৰহা, বটদ্রৱা, পলাশবাৰী আৰু বিশ্বনাথ সমষ্টি এৰি দিয়াৰ বাবে প্রস্তুত হৈছে৷ অনানুষ্ঠানিকভাৱে চলা এনে আসন ভাগ–বাটোৱাৰাক লৈ এতিয়াও দুয়ো দলৰ নেতৃত্বই কোনো মন্তব্য প্রকাশ কৰা নাই যদিও এই সমষ্টিসমূহত বিজেপি আৰু অগপৰ একাংশ নতুন মুখে আৰম্ভ কৰিছে নির্বাচনী তৎপৰতা৷ এই সন্দর্ভত মন্ত্রী ড০ শর্মাই কয়– বিজেপিৰ য’ত বিধায়ক আছে, তাত অগপয়ো সভা অনুষ্ঠিত কৰিছে৷ একেদৰে অগপৰ বিধায়ক থকা সমষ্টিতো বিজেপিয়ে মিটিং কৰিছে বা নেতাসকল গৈছে৷ ইয়াৰ দ্বাৰা সমষ্টিকেইটাৰ ভোটাৰে থিৰাং কৰিব যে তেওঁলোকক অগপৰ প্রার্থী লাগে নে বিজেপিৰ প্রার্থী লাগে৷ এই সভাসমূহৰ দ্বাৰা দৰাচলতে আমি ভোটাৰ সন্দর্ভতো ধাৰণা লৈ আছোঁ৷

ইফালে সমষ্টি সালসলনিৰ বিষয়টো সন্দর্ভত অগপৰ সভাপতি অতুল বৰাৰ মন্তব্য– প্রতিটো সমষ্টিতে বিজেপিৰ দৰে অগপয়ো সমীক্ষা চলাই আছে৷ উক্ত সমীক্ষাৰ পাছতহে প্রার্থী চূড়ান্ত হ’ব৷ সভাপতি বৰাই ইয়াকো কয়– জয়ৰ সম্ভাৱনা থকা প্রার্থিকহে প্রার্থিত্ব প্রদান কৰা হ’ব৷ ইতিমধ্যে দুটাকৈ বেলেগ বেলেগ প্রতিষ্ঠানৰ দ্বাৰা সমীক্ষা চলোৱা হৈছে৷ এই সমীক্ষাৰ প্রতিবেদন হাতত পৰাৰ পাছতহে সমষ্টি চূড়ান্ত কৰা হ’ব৷ অগপৰ সভাপতি অতুল বৰাৰ এনে মন্তব্যৰ বিপৰীতে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে বিজেপি আৰু মিত্রজোঁটে ১০৩খন আসন কেনেকৈ পাব, তাৰ সমীকৰণো ইতিমধ্যে দাঙি ধৰিছে৷ সভাপতি ৰঞ্জিত দাসৰ মতে, ২০১৬ চনত বিজেপিয়ে লাভ কৰা ৬০খন আসনৰ আটাইকেইখন বিজেপিয়ে লাভ কৰাটো নিশ্চিত৷

আনহাতে, অগপৰ দখলত থকা ১৪খন আৰু বিটিচি এলেকাৰ অন্তর্গত ১২খন আসন মিত্রদলে লাভ কৰিব৷ ইয়াৰ লগত জোনাইৰ বিধায়ক ভুবন পেগুৱে বিজেপিত যোগ দিয়াৰ ফলত মুঠ আসনৰ সংখ্যা ৮৭ হ’ব৷ কংগ্রেছ–এ আই ইউ ডি এফৰ দখলত থকা আঠখন আসন এইবাৰ বিজেপিয়ে দখল কৰিব৷ তদুপৰি বিজেপিৰ চাৰিগৰাকী সংখ্যালঘু প্রার্থী আৰু বৰাকত পূর্বতকৈ এখন আসন বৃদ্ধিৰে বিজেপিৰ মুঠ আসনৰ সংখ্যা হ’ব ১০৩খন৷ ইফালে অগপ–বিজেপিৰ আসন সালসলনিক লৈ চলি থকা এনে চিন্তা–চর্চাৰ ফলত স্বাভাৱিকতে দুয়ো দলৰ বহু বিধায়কে সমষ্টি হেৰুওৱাৰ সম্ভাৱনা বৃদ্ধি পোৱাই নহয়, আন একাধিক সমষ্টিত শাসকীয় দলটোৱে নতুন মুখ প্রক্ষেপ কৰাৰ সম্ভাৱনা প্রবল হৈ পৰিছে৷ এনে প্রেক্ষাপটত বিজেপিৰ একাংশ বিধায়কে তীব্র উৎকণ্ঠাত সময় কটাইছে৷

You might also like