ডিজিটেল ডেস্ক, ৭ অক্টোবৰ : নিলম্বন হ’ল জুবিন গাৰ্গৰ দুই PSO। দেহৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক শেহতীয়াকৈ নিলম্বন কৰা হয়। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পিছত আৰম্ভ হোৱা চি আই ডিৰ তদন্তত দুয়োৰে একাউন্টত ১ কোটিৰো অধিক টকাৰ লেনদেন হোৱাৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহে। এই বৃহৎ পৰিমাণৰ ধন লেনদেনৰ তথ্য পোহৰলৈ অহাৰ লগে লগে দুয়োজনকে নিলম্বন কৰা হৈছে।
উল্লেখ্য যে জুবিন গার্গৰ ৰহস্যজনক মৃত্যুৰ উৎস বিচাৰি বিশেষ তদন্তকাৰী গোটে তদন্ত অব্যাহত ৰখাৰ সময়তে শিল্পীগৰাকীৰে সম্পর্কিত আন কেইবাটাও অকথিত অধ্যায় পোহৰলৈ আহিছে৷ ছিংগাপুৰৰ অভিশপ্ত ১৯ ছেপ্টেম্বৰৰ দিনটোৰ প্রতিটো কথা তন্ন তন্নকৈ জানিব বিচৰা এছআইটিয়ে বিগত সময়ছোৱাত শিল্পীগৰাকীৰ সৈতে সম্পর্ক থকা বিভিন্ন স্তৰৰ বহুকেইজন লোকক জেৰা চলাইছে৷ এই লোকসকলৰ ভিতৰত এছআইটিয়ে শিল্পীগৰাকীৰ দুই চৰকাৰী দেহৰক্ষী ক্রমে নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যকো জেৰা অব্যাহত ৰাখিছে ৷ প্রথম অৱস্থাত এই জেৰা স্বাভাৱিক বুলি ভবা হৈছিল যদিও জেৰাত ওলোৱা তথ্যই একপ্রকাৰ হতভম্ভ কৰি তুলিছে এছআইটি তদন্তকাৰী দলক৷ ধন–সম্পত্তিক কেতিয়াও বৰ বিশেষ গুৰুত্ব নিদিয়া শিল্পী জুবিন গার্গৰ দুই দেহৰক্ষীৰ একাউণ্টৰ জৰিয়তে বিগত ৫ বছৰত লেনদেন হৈছিল ১ কোটিৰো অধিক ধন৷ এই ধন ক’ৰ পৰা কিদৰে দেহৰক্ষীদ্বয়ৰ একাউণ্টলৈ আহিল এই তথ্য বিচৰাৰ সময়তে আন বহু আপত্তিজনক তথ্য পোহৰলৈ আহিছে৷
লক্ষণীয় যে কিছু বছৰ পূর্বে নিষিদ্ধঘোষিত সংগঠন আলফা (স্বাঃ)-ই জুবিন গার্গক ভাবুকি দিছিল৷ শিল্পীগৰাকীৰ জীৱনৰ নিৰাপত্তাৰ প্রতি লক্ষ্য ৰাখি তেতিয়াই অসম আৰক্ষীয়ে তেওঁক দুগৰাকী চৰকাৰী দেহৰক্ষী দিছিল৷ প্রাৰম্ভিক অৱস্থাত শিল্পীগৰাকীৰ সৈতে এছক’ৰ্ট গাড়ী আছিল যদিও পিছলৈ সেয়াও নোহোৱা হ’ল৷ কিন্তু সকলো নাইকিয়া হ’লেও জুবিন গার্গৰ সৈতে অন্তিম সময়লৈকে থাকি গ’ল দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য৷ বহু বছৰ শিল্পীগৰাকীৰ সৈতে থাকি একপ্রকাৰ অত্যন্ত বিশ্বাসী ৰূপত পৰিণত হৈছিল দুয়োজন দেহৰক্ষী৷ বিশেষ সূত্রই সদৰী কৰা মতে, শিল্পী জুবিন গার্গে যেতিয়ালৈকে সাৰে থাকে তেতিয়ালৈকে পাল পাতি কর্তব্য সম্পাদন কৰিছিল দুই দেহৰক্ষীয়ে৷
শেহতীয়াকৈ শিল্পীগৰাকীৰ মৃত্যুৰ উৎস বিচাৰি এছআইটিয়ে চলোৱা তদন্তত হাজিৰ হোৱাৰ নির্দেশ দিয়া হৈছিল দুই দেহৰক্ষীক৷ কিন্তু দুয়োজনৰ সৈতে কথা পাতি তেওঁলোকৰ বেংক একাউণ্ট পৰীক্ষা কৰাৰ শেষত হতভম্ভ হৈ পৰে এছআইটিৰ দল৷ কিয়নো বিগত ৫ বছৰত জুবিন গার্গৰ দুয়োজন দেহৰক্ষীৰ একাউণ্টত লেনদেন হৈছিল প্রায় ১ কোটি টকা৷ এজনৰ একাউণ্টত ৭০ লাখ টকাৰ লেনদেন হোৱাৰ লগতে আনজনৰ ৪০ লাখ টকা লেনদেন হৈছিল৷ দেহৰক্ষী হ’লেও জুবিন গার্গৰ ধন তেওঁলোকৰ একাউণ্টত কিদৰে সোমাল এই সন্দর্ভত যোৱা সপ্তাহত এছআইটিয়ে পৃথকে দুয়োজন দেহৰক্ষীক জেৰা কৰিছিল৷
এছআইটিৰ জেৰাত তেওঁলোকে সদৰী কৰা মতে, শিল্পীগৰাকীয়ে বিহুৰ অনুষ্ঠানৰ পৰা আৰম্ভ কৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত অংশগ্রহণ কৰাৰ সময়ত ৬–৮ লাখ টকাকৈ মাননি হিচাপে লয়৷ সেই ধনৰ সিদ্ধার্থ শর্মাই হিচাপ ৰাখে যদিও জুবিন গার্গে ষ্টুডিঅ’ত বিভিন্নজনৰ গান গোৱাৰ বাবদ লাভ কৰা ধন দুয়োজন দেহৰক্ষীৰ একাউণ্টত জমা দিবলৈ প্রযোজকক কয়৷ কিয়নো জুবিন গার্গৰ লগত কোনোদিনে নগদ ধন নাথাকিছিল৷ তেওঁৰ মোবাইলতো গুগল পে’ৰ দৰে ডিজিটেল লেনদেনৰ ব্যৱস্থা নাছিল৷ গতিকে দুয়োজন দেহৰক্ষীক ধনখিনি নিজৰ একাউণ্টত জমা ৰাখি পৰৱর্তী সময়ত যিকোনো সহায়ৰ বাবে অহা লোকক শিল্পীগৰাকীয়ে লগে লগে গুগল পে’ৰ জৰিয়তে ধন আদায় দিবলৈ নির্দেশ দিছিল৷ এছআইটিয়ে দেহৰক্ষী দুজনৰ একাউণ্ট পৰীক্ষা কৰি পাইছে যে প্রতিমাহে শিল্পীগৰাকীয়ে বিভিন্নজনক ৩,০০০ৰ পৰা ১৫,০০০ টকা পর্যন্ত ধন গুগল পে’যোগে আদায় দিছিল৷ এছআইটিয়ে পুনৰ দুয়োজনৰ একাউণ্ট বিতংভাৱে পৰীক্ষা কৰাৰ পাছত এই বৃহৎ ধনৰাশি একেদিনাই যে জমা হোৱা নাছিল সেই বিষয়ে নিশ্চিত হয়৷
সূত্রটোৱে সদৰী কৰা মতে দুয়োজন দেহৰক্ষী ক্রমে নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যই উক্ত ধনৰ লেনদেনৰ বিষয়ে বিতং তথ্য এছআইটিৰ সন্মুখত দাখিল কৰিছে৷ তদন্তৰ মাজতো সহজ–সৰল শিল্পীগৰাকীয়ে সকলোকে বিশ্বাস কৰিব পৰা মনটোৰ বিষয়ে অৱগত হৈ কিছু আৱেগিকো হৈ পৰিছিল এছআইটিৰ তদন্তকাৰী বিষয়া৷ আজিৰ ঠগ–প্রৱঞ্চনাৰ যুগতো যে জুবিন গার্গৰ দৰে এগৰাকী হাইপ্র’ফাইল সংগীত তাৰকাই এনেদৰে সাধাৰণ মানুহকো বিশ্বাসত ল’ব পাৰে তাৰ অন্যতম উদাহৰণ হৈ পৰিছে দুই দেহৰক্ষী৷
কিন্তু এছ আই টিৰ তদন্তত ইমান বৃহৎ পৰিমাণৰ ধন দেহৰক্ষী দুগৰাকীৰ একাউণ্টত লেনদেন হোৱাৰ তথ্য পোহৰলৈ অহাৰ লগে লগে শেহতীয়াকৈ দুয়োজনকে নিলম্বন কৰা হৈছে।