নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জ এআইইউডিএফৰ জিলা পৰিষদৰ সদস্যৰ বিজেপিত যোগদান

নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰঃ দক্ষিণ শালমাৰাত এআইইউডিএফত খহনীয়া। এআইইউডিএফৰ নেতা তথা জিলা পৰিষদ সদস্য ডঃ জাকিৰ হোছেনৰ বিজেপিত যোগদান ।

আজি ফকিৰগঞ্জ বিজেপি দলৰ কাৰ্যালয়ত আনুষ্ঠিত সভাত আনুষ্ঠানিকভাবে বিজেপি দলত যোগদান কৰে যুৱ নেতা তথা জিলা পৰিষদ সমষ্টিৰ সদস্য ডঃ জাকিৰ হোছেইন । দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি অধিৰ চন্দ্ৰ দাস, ফকিৰগঞ্জ মণ্ডল বিজেপিৰ সভাপতি প্ৰদীপ কুমাৰ পাণ্ডেৰ উপস্থিতিত যুৱ নেতা ডঃ জাকিৰ হোছেইনে বি জে পি দলত অনুষ্ঠানিক ভাবে যোগদান কৰে। জাকিৰ হোছেইনৰ বিজেপি গমনত অঞ্চলটোৰ বিজেপি দলৰ ভেটি অধিক শক্তিশালী হোৱাৰ আশংকা প্ৰকাশ কৰিছে দলৰ নেতা কৰ্মীসকলে।

You might also like