ছালৰ কৰ্কট ৰোগত আক্ৰান্ত প্ৰাক্তন অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ মাইকেল ক্লাৰ্ক, ৰোগৰ কাৰণ আৰু উপসৰ্গ জনালে চিকিৎসকে
নিউজ ডেস্ক, ২৮ আগষ্ট : অষ্ট্ৰেলিয়াৰ বিশ্বকাপ বিজয়ী অধিনায়ক মাইকেল ক্লাৰ্ক ছালৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছে। বুধবাৰে ইনষ্টাগ্ৰামত এই কথা নিজেই প্ৰকাশ কৰে ৪৪ বছৰীয়া প্ৰাক্তন অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ ক্লাৰ্কে। তেওঁ নিজৰ এখন ছবিও পোষ্ট কৰে।
ক্লাৰ্কে লিখিছে- “ছালৰ কৰ্কট ৰোগ এটা গুৰুতৰ সমস্যা। বিশেষকৈ অষ্ট্ৰেলিয়াত।” তেওঁৰ পোষ্টৰ পৰা জানিব পৰা গৈছে যে শেহতীয়াকৈ তেওঁৰ ছালৰ কৰ্কট ৰোগ আঁতৰাবলৈ অস্ত্ৰোপচাৰ কৰা হৈছে। তেওঁ নিজৰ অনুৰাগীসকলক সকীয়াই দি লিখিছে- “সকলোৱে সচেতন হোৱা উচিত। নিৰাময়তকৈ প্ৰতিৰোধ অধিক গুৰুত্বপূৰ্ণ। মোৰ ক্ষেত্ৰত নিয়মীয়াকৈ পৰীক্ষা আৰু আগতীয়াকৈ ধৰা পেলোৱাৰ বাবে মই চিকিৎসকৰ ওচৰত কৃতজ্ঞ।”
মন কৰিবলগীয়া যে ক্লাৰ্কৰ প্ৰথমবাৰৰ বাবে ২০০৬ চনত কেন্সাৰ ধৰা পৰিছিল। তেওঁ বিভিন্ন সময়ত ছ’চিয়েল মিডিয়াত অনুৰাগীসকলক কৰ্কট ৰোগৰ ক্ষেত্ৰত সচেতন হ’বলৈ পৰামৰ্শ দি আহিছে।
ছালৰ কৰ্কট ৰোগ কি?
ছালৰ কলাত অস্বাভাৱিক কোষ বৃদ্ধি হ’লে কৰ্কট ৰোগ হয়। চিকিৎসকৰ মতে ছালৰ কোষবোৰ পুৰণি হ’লে তাৰ ঠাইত নতুন কোষৰ প্ৰয়োজন হয়। কিন্তু যদি এনে নহয়, যদি কোষবোৰ দ্ৰুতগতিত বৃদ্ধি হ’বলৈ আৰম্ভ কৰে, তেন্তে কেন্সাৰ হোৱাৰ আশংকা থাকে। যদি প্ৰাৰম্ভিক অৱস্থাত ছালৰ কৰ্কট ৰোগ ধৰা পৰে তেন্তে উপযুক্ত চিকিৎসাৰ দ্বাৰা ইয়াক আৰোগ্য কৰিব পৰা যায়।
কি কি লক্ষণৰ প্ৰতি সাৱধান হ’ব লাগে ?
(১) যদি হঠাতে ছালত মমৰ দৰে বগা গোট ওলায়। যদি সময়ৰ লগে লগে ই বাঢ়িবলৈ আৰম্ভ কৰে, তেন্তে আগতীয়াকৈ সাৱধান হওক।
(২) ছালত বাদামী, ক’লা বা আন ৰঙৰ দাগ দেখা দিব পাৰে।
(৩) যদি ছালৰ কোনো অংশত দাগ ওলায় আৰু সেই ঠাইত খজুৱতি বা তেজ ওলোৱা অব্যাহত থাকে তেন্তে সাৱধান হোৱাটো প্ৰয়োজন।
কাৰণ কি?
(১) যিকোনো ৰাসায়নিক পদাৰ্থ সঘনাই ছালৰ সংস্পৰ্শলৈ অহা।
(২) ঘৰৰ কোনোবা এজনৰ যদি এই ৰোগ হয়, তেন্তে পিছত আনৰ এই ৰোগ হোৱাৰ সম্ভাৱনা থাকে।
(৩) বেছি সময় ৰ’দত থাকিলে বা ৰ’দত পোৰা আৰু ফোঁহা ওলালে ভাল নহ’লে কেন্সাৰ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়।
আগতীয়াকৈ সাৱধান হওক
(১) তীব্ৰ ৰ’দ পৰিহাৰ কৰক।
(২) কেৱল গ্ৰীষ্মকালতে নহয়, বাৰিষা আৰু শীতকালতো ছানস্ক্ৰীন প্ৰয়োগ কৰি ঘৰৰ বাহিৰলৈ ওলাই যাওক।
(৩) বজাৰত উপলব্ধ বিভিন্ন ক্ৰীম আৰু চুলিৰ ৰং কৰা পেকেটৰ উপাদানসমূহ ভালদৰে পৰীক্ষা কৰি তাৰ পিছত ব্যৱহাৰ কৰক। এইবোৰৰ পৰাও কেন্সাৰ হোৱাৰ আশংকা থাকে।
(৪) হঠাৎ ছালত যদি কোনো দাগ বা গোটা দেখা যায় তেন্তে তাক আওকাণ নকৰিব আৰু লগে লগে চিকিৎসকৰ লগত যোগাযোগ কৰিব।