নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত জি-২০ অনুষ্ঠানৰ প্ৰস্তুতি সম্পূৰ্ণঃ প্ৰতিনিধিসকলক আদৰিবলৈৰ সাজু প্ৰশাসন

  • ২৪ মাৰ্চত ডিব্ৰুগড়ত প্ৰথমবাৰৰ বাবে জি-২০ বৈঠক অনুষ্ঠিত হ’ব
  • ২৩ মাৰ্চৰ বিয়লি ৩ বজাত চাৰ্টাৰ্ড বিমানেৰে প্ৰতিনিধিসকল ডিব্ৰুগড়ত উপস্থিত হ’ব

নিয়মীয়া বাৰ্তা, ২২মাৰ্চ: আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক সহযোগিতাৰ বাবে বিশ্বৰ এক অগ্ৰণী মঞ্চ জি-২০ সন্মিলনৰ বাবে ইতিমধ্যে ব্যাপক প্ৰস্তুতিৰে সম্পূৰ্ণ হৈ উঠিছে ডিব্ৰুগড়।অহা ২৪ আৰু ২৫ মাৰ্চত ডিব্ৰুগড়ত অনুষ্ঠিত হ’ব জি-২০ বৈঠক।যত উপস্থিত থাকিব ইয়াৰ ১৯ খন সদস্য ৰাষ্ট্ৰ আৰু ইউৰোপীয় সংঘৰ সদস্য ৰাষ্ট্ৰসমূহৰ লগতে ৯ খন অতিথি ৰাষ্ট্র আৰু আমন্ত্ৰিত আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ প্ৰতিনিধি সহ মুঠ ১০৩ গৰাকী প্ৰতিনিধি।যাৰ বাবে এতিয়া দিনে-নিশাই ৰং বিৰঙৰে সজাই তোলা হৈছে ডিব্ৰুগড়।বিভিন্ন কাট-আউট,প্ৰধামন্ত্ৰীৰ ফটো সম্বলিত বেনাৰ,পথসমূহৰ নিৰ্মান তথা মেৰামতিৰ লগতে ৰঙৰে আটকধুনীয়া কৰি তোলা হৈছে।ইয়াৰ বাবে গড়কাপ্তানি বিভাগ,বিদ্যুৎ বিভাগ,পৌৰ সভা,স্বাস্থ্য বিভাগ,আৰক্ষী আৰু জিলাৰ প্ৰশাসনিক বিভাগ সকলোৰে ব্যস্ততা বৃদ্ধি পাইছে।

ডিব্ৰুগড়ৰ সেউজীয়া চাহ বাগিছাৰ মাজত অৱস্থিত বিলাসী ৰিৰ্জট “মনোহাৰী ৰিজৰ্টত” পুৱাৰ পৰা সন্ধিয়া লৈকে অনুষ্ঠিত হ’ব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ গৱেষণা আৰু উদ্ভাৱন উদ্যোগ গোটৰ Research and innovation initiative “আৰ আৰ আই জি ছাইড ইভেণ্ট ” বৈঠক অনুষ্ঠিত হ’ব। য’ত ইউৰোপীয় সংঘৰ উপৰি ইয়াৰ ১৯ খন সদস্যৰাষ্ট্ৰ ক্ৰমে আৰ্জেণ্টিনা, অষ্ট্ৰেলিয়া, ব্ৰাজিল, কানাডা, চীন, জাৰ্মানী, ফ্ৰান্স, ভাৰত, ইণ্ডোনেচিয়া, ইটালী, জাপান, কোৰিয়া, মেক্সিকো, ৰাছিয়া, চৌদি আৰৱ, দক্ষিণ আফ্ৰিকা, তুৰ্কী, ব্ৰিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। আনহাতে এইবাৰৰ জি -২০ সন্মিলনত ৯ খন অতিথি ৰাষ্ট্র আৰু আমন্ত্ৰিত আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰিব।য’ত বাংলাদেশ, ইজিপ্ত, মৰিছাছ,নেণ্ডাৰলেণ্ড, নাইজেৰিয়া, ওমান, ছিংগাপুৰ, স্পেইন আৰু UAEৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব বুলি আজি জিলা উপায়ুক্ত বিশ্বজিৎ পেগুয়ে উপায়ুক্তৰ সভাকক্ষত আয়োজিত এক সংবাদ মেলৰ জৰিয়তে জানিবলৈ দিয়ে।আনহাতে সন্ধিয়ালৈ ডিব্ৰুগড়ৰ বগীবিলত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

উল্লেখযোগ্য যে, ১৯৯৯ চনত এছিয়ান বিত্তীয় সংকটৰ পিছতেই গোলকীয় অৰ্থনৈতিক আৰু বিত্তীয় বিষয়সমূহৰ আলোচনাৰ বাবে এটা ৰাষ্ট্ৰগোটৰ বিত্তমন্ত্ৰী আৰু কেন্দ্ৰীয় বেংকৰ গৱৰ্ণৰসকলক লৈ জি-২০ গঠন কৰা হৈছিল। চলিত বৰ্ষত অসমত পাঁচ খন বৈঠকৰ ভিতৰত চাৰিখন গুৱাহাটীত আৰু এখন ডিব্ৰুগড়ত অনুষ্ঠিত হব।জি-২০ৰ সদস্য, অতিথি দেশ, আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ ১০৩ জন প্ৰতিনিধি, আৰু বৈজ্ঞানিক সম্প্ৰদায়ৰ আমন্ত্ৰিত অংশগ্ৰহণকাৰীসকলে জি-২০ গৱেষণা আৰু উদ্ভাৱন পদক্ষেপ সমাৱেশ (আৰ আই আই জি) সন্মিলনত এক বহনক্ষম আৰু বৃত্তাকাৰ জৈৱ-অৰ্থনীতি গঢ়ি তোলাৰ দিশসমূহৰ ওপৰত আলোচনা কৰিব।

সংবাদমেল সম্বোধন কৰি ডিব্ৰুগড়ৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে কয় যে ২৩ মাৰ্চৰ বিয়লি ৩ বজাত চাৰ্টাৰ্ড বিমানেৰে প্ৰতিনিধিসকল উপস্থিত হ’ব।২৩ মাৰ্চৰ সন্ধিয়া ডিব্ৰুগড়ৰ মনোহৰী চাহ বাগিচাৰ ভোজগৃহত এক আদৰণি ভোজৰ আয়োজন কৰা হৈছে।২৪ মাৰ্চৰ দিনা ০৮:৪৫ বজাত উদ্বোধনী অধিবেশন (অধিবেশন -I) আৰম্ভ হ’ব ভাৰতৰ অধ্যক্ষ (ড° এছ চন্দ্ৰশেখৰ, বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সম্পাদক)ৰ মুকলি ভাষণেৰে।আনহাতেদি বগীবিলত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত ৭ বজাৰ পৰা ৰাতিৰ আহাৰ গ্ৰহণৰ ব্যৱস্থা কৰাৰো ব্যৱস্থা কৰা হৈছে।অতিথি সকল চাৰিটা স্থান ক্ৰমে মনোহাৰী ৰিৰ্জট, দ্য টি ৰিট্ৰিট, সৰোভাৰ পৰ্টিকো, হোটেল ৰাজ মেৰিডিয়ান আৰু কনভয় হোটেলত থাকিব।সন্মিলনৰ এজেণ্ডাৰ উপৰিও অতিথিসকলে জিলাখনৰ তিনিখন চাহ বাগিচা ক্ৰমে, মনোহাৰী চাহ বাগিচা, এথেলউদ চাহ বাগিচা আৰু মানকটা চাহ বাগিচা পৰিদৰ্শন কৰাৰ লগতে চাহৰ উৎপাদনৰ ব্যৱস্থাসমূহো বুজ লব। সেই অনুসৰি অহা ২৫ মাৰ্চৰ পুৱা ৯:৩০ বজাত প্ৰতিনিধি সকল ইটানগৰ অভিমুখে যাত্ৰা কৰিব আৰু অহা ২৬ মাৰ্চত নতুন দিল্লীৰ বাবে দিনৰ ১১ বজাত ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰৰ পৰা ৰাওনা হোৱাৰ কথা।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like