নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৌৰ কৰ বৃদ্ধিৰ প্ৰতিবাদত টিএমচিৰ ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ২২মাৰ্চ: পৌৰকৰ বৃদ্ধিৰ বিৰোধিতাৰে আজি ধুবুৰীত তৃণমূল কংগ্ৰেছ (টিএমচি)ৰ উদ্যোগত এক বিক্ষোভ কাৰ্য্যসূচী ৰূপায়িত হয়। ধুবুৰী পৌৰসভা কাৰ্য্যালয়ৰ সমীপৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰৰ এচুকত ৰূপায়িত হোৱা আজিৰ সেই বিক্ষোভ কাৰ্য্যসূচীত হাতে হাতে দলীয় পতাকা লৈ বিভিন্ন শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে। প্ৰতিবাদ থলীত টিএমচিৰ অসম ৰাজ্যিক উপ-সভাপতি এন. আই. চৌধুৰী প্ৰমুখ্যে আন কেইবা গৰাকী নেতাই পৌৰকৰ বৃদ্ধিৰ বিৰোধিতাত বক্তব্যও ৰাখে।

ইপিনে চৰকাৰে পৌৰকৰ বৃদ্ধিৰ কৰাৰ প্ৰতিবাদত আজি নগাঁও জিলা তৃনমূল কংগ্ৰেছেও নগাঁও চহৰত এক ধৰ্না কাৰ্য্যসূচী ৰূপায়ন কৰে ৷ নগাঁও চহৰৰ মতিৰাম বৰা উদ্যানৰ সন্মুখত ধৰ্না কাৰ্য্যসূচী ৰূপায়ন কৰি অত্যাধিক পৌৰকৰ বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰক দাৱী জনায় ৷ ধৰ্নাকাৰী সকলে পৌৰকৰ বৃদ্ধিৰ প্ৰতিবাদ কৰাৰ লগতে অত্যাবশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰো প্ৰতিবাদ জনায় ৷

লগতে ৰঙিয়াত পৌৰ কৰ বৃদ্ধিৰ প্ৰতিবাদত তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ। তৃণমুল কংগ্ৰেছৰ ৰঙিয়া জিলা সমিতিয়ে ৰঙিয়া ব্লক সমিতিৰ উদ্যোগত এনেদৰে পৌৰ কৰ হ্ৰাস কৰাৰ দাবীত ৰঙিয়া পৌৰ সভাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে । অৰ্ধশতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে প্লে’কাৰ্ড, বেনাৰ আদি লৈ ৰাজ্য চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে নানা ধৰণে শ্লোগান দিয়ে । এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ অন্তত মহকুমা প্ৰশাসনৰ জৰিয়তে অসমৰ মুখ্য সচিবলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে দলটোৱে ।

ইয়াৰোপৰি চিৰাঙৰ বিজনীত তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ। চৰকাৰে জনবিৰোধী নীতিৰে অসমৰ সৰ্বসাধাৰণ ৰাইজক জলাকলা খুৱাই থকা বুলি দাবী উত্থাপন কৰি সম্প্ৰতি ৰাজ্যত মূল্যবৃদ্ধি, অধিক হাৰত বিদ্যুতৰ মাচুল, নিবনুৱা সমস্যা ,দুৰ্নীতি আদিৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলে।চিৰাং জিলা তৃণমূল কংগ্ৰেছৰ উদ্যোগত ৰূপায়ণ কৰা প্ৰতিবাদকাৰী সকলে বিজনী আঞ্চলিক আছুৰ কাৰ্যালয়ৰ সমিপৰ পৰা প্ৰতিবাদী সমদল উলিয়াই বিজনী পৌৰসভাৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

You might also like