নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোগীঘোপাৰ চটপাৰাত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া অব্যাহতঃ নিদ্ৰাহৰণ নৈপৰীয়াৰ 

নিয়মীয়া বাৰ্তা, ২০ মেঃ বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত যোগীঘোপাৰ চটপাৰাত ব্ৰহ্মপুত্ৰৰ নৈৰ গৰাখহনীয়া অব্যাহত আছে  । ব্ৰহ্মপুত্ৰ  নৈৰ প্ৰবল গৰাখহনীয়াই ত্ৰস্তমান কৰি তুলিছে নৈপৰীয়া ৰাইজক । চটপাৰা গাৱত ব্ৰহ্মপুত্ৰৰ নৈৰ খহনীয়া দীৰ্ঘদিনৰ পৰা দ্ৰুত হাৰত বৃদ্ধি হোৱাত ৰাইজৰ মাজত এতিয়া আতংকই বিৰাজ কৰিছে।ব্ৰহ্মপুত্ৰ নৈৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰাত প্ৰায় দুশ বছৰ পুৰণি চটপাৰা গাঁওখন নৈৰ বুকুত বিলিন হ’বলৈ উপক্ৰম হৈছে ।নৈখনৰ দাঁতিকাষৰীয়া চটপাৰা আৰু কৰেয়া দ্বিতীয় খণ্ড গাঁৱৰ  প্ৰায় পাঁচ শতাধিক পৰিয়ালৰ বাসগৃহ নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম হোৱাৰ ফলত নিদ্ৰাহৰণ হৈছে পৰিয়াল কেইটাৰ ।যি হাৰত নৈখনৰ পাৰ চপৰা-চপৰে খহিছে তেনে ক্ষেত্ৰত প্ৰায় পাঁচ শতাধিক পৰিয়ালৰ বাসগৃহ বিলীন হৈ যোৱাটো এক প্ৰকাৰৰ নিশ্চিত হৈ পৰিছে ।আনহাতে গাঁৱখনত থকা মছজিদ ঘৰ এটাৰ কিছু অংশ  নৈৰ বুকুত বিলিন হোৱাত উপায়ন্তৰ হৈ গাঁৱৰ একাংশ লোকে মছজিদ গৃহটো ভাঙি লৈ নিৰাপদ স্থানলৈ নিয়ে ।ইয়াৰ উপৰিও গাওঁখনত থকা বিদ্যালয় গৃহ, চটপাৰা বজাৰ নৈৰ বুকুত জাহ যাবলৈ মাত্ৰ কেইমিটাৰ মানহে বাকী আছে ।উল্লেখ্য যে,বিগত বাৰিষাত  ব্ৰহ্মপুত্ৰ নৈ কালৰূপ ধাৰণ কৰাত ইতিমধ্যে নৈৰ বুকুত শতাধিক পৰিয়ালৰ বাসগৃহ – ভেটিমাটি ,শ শ বিঘা কৃষি ভূমি,বিদ্যালয়গৃহ নৈৰ বুকুত জাহ গৈছে ।ব্ৰহ্মপুত্ৰ নৈৰ প্ৰবল খহনীয়াত ইতিমধ্যে যোগীঘোপা কৰেয়া সংযোগী এটি অতি পুৰণি  পথো নৈৰ বুকুত জাহ যায় ।ফলত উক্ত পথৰে যাতায়ত ব্যাহত হৈ পৰিছে । বছৰ বছৰ ধৰি ব্ৰহ্মপুত্ৰৰ  নৈৰ প্ৰবল খহনীয়া অব্যাহত থকা পিছতো আজিকোপতি চৰকাৰ তথা বিভাগীয় কতৃপক্ষই ইয়াৰ স্থায়ী সমাধানৰ কোনো ব্যৱস্হা গ্ৰহন কৰা পৰিলক্ষিত নহ’ল। ব্ৰহ্মপুত্ৰ  নৈৰ গৰাখহনীয়াই চটপাৰা গাঁওৰ ৰাইজক দিশহাৰা কৰি আহিছে যদিও বঙাইগাঁও জিলা জলসম্পদ বিভাগে গাঁওখনক সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে। সম্প্ৰতি সম্পূৰ্ণ চটপাৰা  গাঁওখনেই খহনীয়াৰ কবলত পৰাত  নৈপৰীয়া ৰাইজৰ নিদ্ৰা হৰণ হৈছে ।অঞ্চলটোৰ ৰাইজ এতিয়া মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা  নেতৃত্বধীন চৰকাৰলৈ আশা পালি আছে ।চৰকাৰ প্ৰশাসন তথা জনপ্ৰতিনিধিয়ে এই ক্ষেত্ৰত  শীঘ্ৰে ব্যৱস্হা গ্ৰহণ নকৰিলে চটপাৰা  গাঁওখন নৈৰ বুকুত জাহ যোৱাৰ আশংকাই দেখা দিছে ।চটপাৰা গাঁওখন সুৰক্ষাৰ স্বাৰ্থত চৰকাৰ,সাংসদ, স্থানীয়  বিধায়ক আৰু জিলা প্ৰশাসনে পৰবৰ্ত্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হব ।

প্ৰেৰক টিংকু চন্দ্ৰ দাস

You might also like