পুনৰ মুকলি হোৱাৰ পথত জাগীৰোডৰ গণেশ টকীজ…
নিয়মীয়া বাৰ্তা, জাগীৰোড, ৩০ অক্টোবৰ : মৃত্যুৰ পিছতো যেন এতিয়াও কাষতে আছে জুবিন। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সপোনৰ “ৰৈ ৰৈ বিনালে” ছবিয়ে খুলিব দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা ছবিগৃহৰ দুৱাৰ। জাগীৰোডৰ গণেশ টকীজে পুনৰ প্ৰাণ পাব জুবিন গাৰ্গৰ অন্তিমখন ছবিৰে।
২০১৯ চনৰ পৰা বন্ধ হৈ থকা জাগীৰোডৰ মাজমজিয়াত থকা ছবিগৃহটি পুনৰ মুকলিৰ বাবে লোৱা সিদ্ধান্তত এতিয়া উৎফুল্লিত জাগীৰোডবাসী। “জুবিন গাৰ্গ ফেন ক্লাব”ৰ প্ৰচেষ্টাত ছবিগৃহ কৰ্তৃপক্ষই লোৱা এই সিদ্ধান্তই এতিয়া হাঁহি বিৰিঙাইছে চলচ্চিত্ৰপ্ৰেমীৰ মাজত। ইতিমধ্যে কৰ্তৃপক্ষই আৰম্ভ কৰিছে চিত্ৰগৃহটিৰ চাফ-চিকুণ কৰা পৰ্ব।
উল্লেখ্য যে ২০২২ চনৰ জাগীৰোডৰ সমীপৰ পলাহগুৰিত এক অনুষ্ঠানত জুবিন গাৰ্গে ব্যক্ত কৰিছিল ছবিগৃহটি পুনৰ মুকলিৰ কথা। সেই সপোনেই যেন এতিয়া বাস্তৱায়িত হ’বলৈ গৈ আছে ইয়াৰ যোগেদি। ৩১ অক্টোবৰত মুক্তি লাভ কৰিবলগীয়া প্ৰাণৰ শিল্পীগৰাকীৰ ছবি “ৰৈ ৰৈ বিনালে”ৰ যোগেৰেই দৰ্শকৰ বাবে পুনৰ মুকলি কৰা হ’ব দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা জাগীৰোডৰ “গণেশ টকীজ” ।
এতিয়া লক্ষ লক্ষ অনুৰাগীৰ এটাই অপেক্ষা- কিদৰে চিনেমাৰ যোগেৰে জীৱন্ত ৰূপত আকৌ এবাৰ চাব পাৰে প্ৰাণৰ শিল্পীক। ছবিগৃহটো পুনৰ মুকলিৰ প্ৰস্তুতিৰ খবৰে জাগীৰোড অঞ্চলৰ চলচ্চিত্ৰপ্ৰেমীক আনন্দিত কৰিছে।