১৯ বছৰ অনূর্ধ্ব এদিনীয়া বিশ্বকাপৰ আজি ফাইনেল
নিউজ ডেস্ক, ৬ ফেব্রুৱাৰী : ষষ্ঠবাৰৰ বাবে ১৯ বছৰ অনূর্ধ্ব এদিনীয়া বিশ্বকাপৰ খিতাপ জয়ৰ লক্ষ্য লৈছে ভাৰতে৷ জিম্বাব’ৱেত চলি থকা আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনৰ আজি হ’বলগীয়া খিতাপ যুঁজৰ মেচখনত আয়ুস মাত্রে নেতৃত্বাধীন ভাৰতে ইংলেণ্ডৰ বিপক্ষে মুখামুখি হ’ব৷
দশমবাৰৰ বাবে প্রতিযোগিতাখনৰ ফাইনেলত স্থান সুৰক্ষিত কৰা ভাৰতীয় দলটোৱে আজি খিতাপ যুঁজৰ মেচখনক লৈ আত্মবিশ্বাসী৷ ২০২২ চনৰ প্রতিযোগিতাখনত ইংলেণ্ডক পৰাস্ত কৰি অন্তিমবাৰৰ বাবে চেম্পিয়নৰ সন্মান অর্জন কৰা ভাৰতে আজি পুনৰ ইংৰাজ বাহিনীক পৰাস্ত কৰি ষষ্ঠবাৰৰ বাবে প্রতিযোগিতাখনৰ খিতাপ জয়ৰ লক্ষ্য লৈছে৷ ছেমিফাইনেলত আফগানিস্তানৰ বৃহৎ ৰানৰ লক্ষ্য অতিক্রম কৰি ফাইনেলত স্থান সুৰক্ষিত কৰা ভাৰতীয় দলটোৰ খেলুৱৈসকলৰ আত্মবিশ্বাস বর্তমান তুংগত৷
আৰ’ন জর্জ, অধিনায়ক আয়ুস মাত্রে আৰু বৈভৱ সূর্যবংশী বর্তমান দুর্দান্ত ফ’ৰ্মত আছে৷ বেদান্ত ত্রিবেদীৰ লগতে কনিষ্ক চৌহান আৰু অভিজ্ঞান কুণ্ডুও ছন্দত আছে৷ অৱশ্যে আজিৰ মেচখন ভাৰতীয় দলটোৰ বাবে বিশেষ সহজ নহ’ব৷ কাৰণ ইংলেণ্ডে প্রতিযোগিতাখনৰ এখন মেচতো পৰাস্ত নোহোৱাকৈ ফাইনেলত স্থান সুৰক্ষিত কৰিছে৷ প্রথমখন ছেমিফাইনেলত ডিফেণ্ডিং চেম্পিয়ন অষ্ট্রেলিয়াক পৰাস্ত কৰি দলটোৰ খেলুৱৈসকলৰ মনোবল তুংগত আছে৷ গতিকে, আজি খিতাপ যুঁজৰ মেচখন ৰোমাঞ্চকৰ হোৱাটো প্রায় নিশ্চিত৷ খেলৰ সময় : দিনৰ ১ বজা৷