নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰন্ধন গেছভৰ্তি টেংকাৰ বাগৰি সোণাপুৰত হাহাকাৰ

নিয়মীয়া বাৰ্তা, ৭ জুন : সোণাপুৰ থানাৰ অন্তৰ্গত পাটৰকুছিৰ ৩৭নং ৰাষ্ট্ৰীয় পথত আজি পুৱাৰ ভাগত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে বাগৰি পৰে এখন গেছভৰ্তি টেংকাৰ। গুৱাহাটীৰ পৰা উজনি অভিমুখি AS 01 FC 5453 নম্বৰৰ গেছ পৰিবাহী বাহন খন যোৰাবাটৰ অকোৱা পকোৱা পথ অতিক্ৰম কৰি পাটৰকুচি পাওঁতে নিয়ন্ত্ৰন হেৰুৱাই পথৰ মাজৰ ডিভাই দাৰত প্ৰচন্দ জোৰে খুন্দা মাৰি দিভাইদাৰ পাৰ হৈ আনটো পথত বাগৰি পৰে ৷ ফলত গেছ পৰিবাহী টেংকাৰখনৰ পৰা অহৰহ নিৰ্গত হয় গেছ। বহু সময় ধৰি গেছ অহৰহ নিৰ্গত হৈ থকাত অঞ্চলটোৰ লোকসকল আতংকিত হৈ পৰে ৷ যিকোনো মূহুৰ্ততে টেংকাৰ বিস্ফোৰন হোৱাৰ ভয়ত ওচৰলৈ কোনো লোক যাবৰ সাহস কৰা নাছিল ৷ ইপিনে দুৰ্ঘটনাটোৰ নিচেই ওচৰতে থকা কেবাখনো ধাবা ৰিজৰ্ট কথমপি ৰক্ষা পৰে ৷ বাহন খনত তিনিজন লোক আছিল যদিও দুজন লোক পলায়ন কৰাৰ বিপৰীতে গুৰুতৰ ভাৱে আহত হয় এজন ।আহত লোক জনক ততাতৈয়াকৈ 108 সেৱাৰ জৰিয়তে সোণাপুৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ আনহাতে দুৰ্ঘটনাৰ পিছতে ৰাষ্ট্ৰীয় পথৰ এটা অংশ চলাচল বন্ধ কৰি দিয়ে ৷ দুৰ্ঘটনাৰ কিছু সময়ৰ পিছত ঘটনাস্থলীত আৰক্ষীৰ লগতে অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হয় যদিও বহু পলমকৈ IOCৰ লোক ঘটনাস্থলীত উপস্থিত হোৱাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷

প্ৰেৰক ৰমেশ দাস

You might also like