নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বনকৰ্মী ৰাজবীৰক হানি-খুঁচি হত্যা বন মাফিয়াৰ : গোৱালপাৰাত ভয়ংকৰ ঘটনা

বাৰ্তা ব্যুৰ, ৩০ মেঃ গোৱালপাৰাৰ কৃষ্ণাই আঞ্চলিক বন বিভাগৰ অন্তৰ্গত কৃষ্ণাই শালপাৰা দাৰাপাৰাত যোৱানিশা চোৰাং কাঠ মাফিয়া আৰু স্থানীয় একাংশ লোকে ভয়ংকৰ আক্ৰমণ কৰে বন বিভাগৰ লোকক। এই আক্ৰমণত ৰাজবীৰ আহমেদ (২৫) নামৰ অস্থায়ী বনকৰ্মী এজন নিহত হোৱাৰ লগতে মবিনুৰ ৰহমান, নজৰুল ইছলাম, গোলাম মস্তফা আলী আঘাতপ্ৰাপ্ত হৈ আহত হয়।  উন্নত চিকিৎসাৰ বাবে আহত তিনিজনক গুৱাহাটীৰ জিএনআৰচি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ নিহত ৰাজবীৰ আহমেদৰ ঘৰ কৃষ্ণাইৰ গান্ধীনগৰত৷ প্ৰাপ্ততথ্যমতে, কৃষ্ণাই আঞ্চলিক বন বিভাগৰ অন্তৰ্গত বৰো মাটিয়া প্ৰস্তাবিত সংৰক্ষিত বনাঞ্চলত গছ কটা খবৰ লাভ কৰি কৃষ্ণাই বন বিভাগৰ দল এটি নিশা ১০ মান বজাত বনাঞ্চলত উপস্থিত হৈ এখন শাল গছ ভৰ্তি ট্ৰেক্টৰ জব্দ কৰে। জব্দকৃত শালগছৰ কুণ্ডাসহ ট্ৰেক্ট জব্দ কৰি বন বিভাগৰ কাৰ্যালয়লৈ আনিব লোৱাতে চোৰাং কাঠ মাফিয়া আৰু স্থানীয় একাংশ লোকে হাতে হাতে লাঠি, জোং, দা খুকুৰি, লৈ বন বিভাগৰ দলটোৰ লগতে আৰু বন বিভাগৰ গাড়ীত আক্ৰমণ কৰে। এই বৰ্বৰ আক্ৰমণত আন কেবাজনো বনকৰ্মী তাৰ পৰা পলাই প্ৰাণ ৰক্ষা কৰে যদিও চাৰিজন লোকক খেদি খেদি মৰিয়াই মৰিয়াই দলবদ্ধভাৱে আক্ৰমণ কৰে ৷ পাছত দৈৱক্ৰমে প্ৰানৰক্ষা কৰা বনকৰ্মীয়ে শীৰ্ষ বিযায়ক খবৰ দিয়াত পাছত ঘটনাস্থলীত কৃষ্ণাই আৰক্ষী সহ বন বিভাগৰ দল উপস্থিত আঘাতপ্ৰাপ্তসকলক বনাঞ্চলৰ বিভিন্ন প্ৰান্তত তেজেৰে লুতুৰিপুতুৰি অৱস্থাত উদ্ধাৰ কৰি আহত সকলক নিশাই গোৱালপাৰা চলেছ হস্পিতালত ভৰ্তি কৰোৱা হৈছিল যদিও পৰবৰ্তী সময়ত চাৰিয়োকে উন্নত চিকিৎসাৰ বাবে নিশাই গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় যদিও ৰাজপথত শেষ নিশ্বাস ত্যাগ কৰে ৰাজবীৰ আহমেদে। নিহত ৰাজবিৰ আহমদক বন মাফিয়াই চোকা অস্ত্রৰে দেহৰ বহু ঠাইত আঘাত হানি খুছি আক্ৰমণ কৰিছিল। আৰু নজৰুল ইছলামৰ নামৰ বন কৰ্মী জনক হাতত খুকুৰীৰে আক্ৰমণ চলাইছিল।  নিশাই কৃষ্ণাই আৰক্ষীয়ে ঘটনাস্থলীৰ  পৰা বহু  দা খুকুৰি আদি উদ্ধাৰ কৰি লৈ আনে। ইফালে এই ঘটনা পুৱা ৰাজহুৱা হোৱাত কৃষ্ণাই বন বিষয়াৰ কাৰ্যালয়ত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । স্থানীয় শ শ ৰাইজ আৰু দল সংগঠনে বন মাফিয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ ডিএফঅ জিতেন্দ্র কুমাৰৰ ওপৰত ক্ষোভ প্ৰকাশ কৰি বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। দীর্ঘ দিনৰ পৰা গোৱালপাৰাত চোৰাং কাঠ ৰমৰমীয়া ব্যৱসায়ী চলি আছে আজিলৈ  তাৰ কোনো ধৰণৰ তদন্ত নাই। সেয়ে এই ঘটনাৰ উচিত তদন্তৰ বাবে দাবী জনাই আমছুৰ সভাপতি আনিমুল হক চৌধুৰীয়ে ৷ ইতিমধ্যে আমছুকে ধৰি কৃষ্ণাইৰ বিভিন্ন দলসংগঠনে বন মাফিয়াৰ আক্ৰমণত নিহত ৰাজবীৰ আহমেদৰ পৰিয়ালক ২০ লাখ টকা, লগতে আহত সকলক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ লগতে ঘটনা সমগ্ৰ ঘটনাটোৰ এক ন্যায়িক তদন্তৰ দাবী জনাই ডিএফঅৰ জৰিয়তে বন বিভাগৰ শীৰ্ষ বিভাগক স্মাৰকপত্ৰ প্ৰদান কৰে। ইফালে নিহত ৰাজবীৰ আহমেদৰ মৃতদেহ গোৱালপাৰা অসামৰিক চিকিৎসালয়ত মৰনোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহ কৃষ্ণাই আঞ্চলিক বন বিভাগৰ কাৰ্যালয়লৈ অনা হয়। কাৰ্যালয়ত নিহত ৰাজবীৰ আহমেদক বন বিভাগৰ বিযয়া কৰ্মচাৰীসকলে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ অন্তত বিয়লি ২ বজাত গান্ধীনগৰৰ বাসগৃহলৈ লৈ অনা হয়। বিয়লি ৫ বজাত কৃষ্ণাই আঞ্চলিক কবৰস্থানত হাজাৰ হাজাৰ লোকৰ উপস্থিতিত জানাজা সম্পন্ন কৰি শেষকৃত্য সম্পন্ন কৰা হয়। কৃষ্ণাইত বনকৰ্মীৰ দলক বন মাফিয়াই আক্ৰমণ কৰা ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে  গোৱালপাৰা পূৱ সমষ্টিৰ বিধায়ক এ কে ৰচিদ আলমে ৷ দুধনৈৰ বিধায়ক যাদৱ স্বৰ্গীয়াৰীয়ে কৃষ্ণাই আঞ্চলিক বন বিভাগৰ কাৰ্যালয়ত উপস্থিত হৈ সংবাদমাধ্যমৰ আগত কয় বনকৰ্মীক আক্ৰমণ কৰি হত্যা এয়া সঁচাই দুৰ্ভাগ্যজনক ৷ চৰকাৰ এই ক্ষেত্ৰত অতি কঠোৰ পদক্ষেপ গ্ৰহণ কৰি দোষীক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷ লগতে বন বিভাগে অতি শীঘ্ৰ অবৈধ বালি মহল আৰু চোৰাং কাঠৰ মিল বোৰ বন্ধ কৰাৰ উদ্যোগ হাতত ল’ব লাগে বুলি মত ব্যক্ত কৰে বিধায়ক যাদৱ স্বৰ্গীয়াৰীয়ে ৷
দুধনৈত উপস্থিত আৰক্ষী সঞ্চালক প্ৰধান  জি পি সিং 
কৃষ্ণাই বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মীক শালপাৰা-দাৰাপাৰাৰ বন মাফিয়াসকলে আক্ৰমণ কৰি এজন বনকৰ্মীক নিহত কৰাৰ লগতে  তিনি জন বনকৰ্মীক গুৰুত্বৰ ভাবে আহত কৰা ঘটনাৰ সবিশেষ বুজ লোৱাৰ বাবে দুধনৈত উপস্থিত অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং। সঞ্চালক প্ৰধানগৰাকীয়ে গোৱালপাৰা আৰক্ষী অধীক্ষকৰ লগতে দুধনৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ সৈতে বৈঠকত মিলিত হৈ আৰক্ষী প্ৰশাসনক ঘটনাৰ সঠিক তদন্তৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি অহা ২৪ ঘন্টাৰ ভিতৰত সকলো অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়ে। লগতে বনাঞ্চল সুৰক্ষাৰ বাবে বন বিভাগক আৰক্ষী প্ৰশাসনক সকলো ধৰণৰ সহযোগিতা আগবঢ়াব বুলি উল্লেখ কৰে। ইতিমধ্যে দুধনৈ আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত ভদ্ৰেশ্বৰ ৰাভা আৰু মহেন ৰাভা নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। ইপিনে আৰক্ষীৰ ভয়ত দাৰাপাৰা গাঁৱৰ সকলো পুৰুষ মানুহ পলায়ন কৰা বুলি জানিব পৰা গৈছে।
ৰাজবীৰ আহমেদৰ মৃত্যুত শোকৰ ছাঁ
কৃষ্ণাই গান্ধীনগৰ নিবাসী ৰাজবীৰ আহমেদৰ মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ কৃষ্ণাই অঞ্চলত। অতি অমায়িক তথা পৰিয়ালৰ একমাত্ৰ সন্তান ৰাজবীৰ আহমেদ আছিল এগৰাকী সমাজকৰ্মী যুৱক। বিভিন্ন দল সংগঠনৰ লগত জৰিয়তে ৰাজবীৰ আহমেদে বিগত ১ বছৰ পূৰ্বে কম্পিউটাৰ অপাৰেটৰ হিচাপে অস্থায়ী কৰ্মী হিচাপে যোগদান কৰিছিল কৃষ্ণাই আঞ্চলিক বন বিভাগৰ কাৰ্যালয়ত। ৰোগীয়া পিতৃৰ চোৱাচিতাৰ লগতে পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী ৰাজবীৰ আহমেদৰ দৰিদ্ৰ পৰিয়ালটো অনাগত দিনত কেনেদৰে চলিব তাক লৈ চিন্তিত সকলো ৷ নিহত ৰাজবীৰ আহমেদক উপযুক্ত ক্ষতিপূৰণৰ বাবে দাবী জনাইছে কৃষ্ণাইবাসীয়ে।
প্ৰেৰক উদিত নাৰায়ণ কলিতা
You might also like