নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘনশ্যাম দাসক মুখ্যমন্ত্রীৰ সচিবৰ দায়িত্ব

নিয়মীয়া বাৰ্তা, ১৪ মে’: মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সচিব ৰূপে ঘনশ্যাম দাসক দায়িত্ব প্রদান কৰা হৈছে৷ কৃষি বিভাগৰ সচিব ৰূপে কার্যনির্বাহ কৰি থকা দাসক শুকুৰবাৰে পার্ছনেল বিভাগে এক নির্দেশযোগে মুখ্যমন্ত্রীৰ সচিব পদলৈ বদলি কৰে৷

আনহাতে, তিনিচুকীয়া জিলাৰ উন্নয়ন আয়ুক্ত ৰূপে কার্যনির্বাহ কৰি থকা সীমান্ত কুমাৰ দাসক মুখ্যমন্ত্রীৰ যুটীয়া সচিব ৰূপে শুকুৰবাৰে বদলি কৰা হৈছে৷ ইফালে, অসম পর্যটন উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক হিচাপে কার্যনির্বাহ কৰি থকা দেৱকুমাৰ মিশ্রক মুখ্যমন্ত্রীৰ প্রধান ব্যক্তিগত সচিব ৰূপে বদলি কৰা হৈছে৷

You might also like