নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাহৰ বাগিছাই বাগিছাই ক’ৰোনাৰ কিৰিলিঃ সংকটত শ্ৰমিক পৰিয়াল; মৃণাল শইকীয়াই আগবঢ়ালে সহায়ৰ হাত

নিয়মীয়া বাৰ্তা, ১৪ মে’ : সম্প্ৰতি চাহ বাগিছাই বাগিছাই ক্ৰমাৎ বৃদ্ধি পাইছে কৰোনাৰ সংহাৰ। প্ৰতি দিনাই চাহ শ্ৰমিকৰ শৰীৰত ধৰা পৰিছে কভিড ১৯ ৰ ভাইৰাছ । যাৰ ফলত ইখনৰ পাছত সিখন চাহ বাগিছাত জিলা প্ৰশাসন আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে কণ্টেইণ্টমেণ্ট জ’ন হিচাপে ঘোষণা কৰিবলৈ বাধ্য হৈছে ।

ইফালে কৰোনাৰ ভ‌ংকৰ সংক্ৰমণৰ লগে লগে কণ্টেইণ্টমেণ্ট জ’ন ঘোষণা কৰা চাহ বাগিছাৰ শ্ৰমিক পৰিয়াল এতিয়া ভুগিছে তীব্ৰ সংকটত । কাম কৰিলেহে পেটৰ পুৰণি মৰে চাহ শ্ৰমিক সকলৰ । এনে সময়ত কণ্টেইণ্টমেণ্ট জ’ন হিচাপে থকা চাহ শ্ৰমিক পৰিয়ালত খাদ্য সংকটে দেখা দিছে ।

বৰ্তমানলৈকে জিলাখনত দহখনৰো অধিক চাহ বাগিছা অঞ্চলৰ শ্ৰমিকৰ দেহত কৰোনা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে আৰু চাৰিখনকৈ চাহ বাগিছাৰ শ্ৰমিকৰ বসতিঅঞ্চলত কণ্টেইণ্টমেণ্ট জ’ন ঘোষণা কৰি প্ৰশাসনে অহা যোৱা বন্ধ কৰি দিছে । জিলাখনৰ বোকাখাটৰ বৰচাপৰি বাগিছা গাঁও, হাওতলী চাহ বাগিছা, বৰফলং চাহ বাগিছাত অত্যাধিক হাৰত কভিডৰ গণ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে কণ্টেইণ্টমেণ্ট জ’ন ঘোষণা কৰাৰ পাছত আজি নুমলীগড় চাহ বাগিছা অঞ্চল কণ্টেইণ্টমেণ্ট জ’ন হিচাপে ঘোষণা কৰে । জিলা খনৰ নুমলীগড় চাহ বাগিচাত ৭২ জন লোকৰ দেহত ক’ভিডৰ সংক্ৰমণ ধৰা পৰাত ইয়াৰ দ্ৰুত সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসনে বাগিচাখনৰ দুটা লাইন কন্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে ।

কন্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা চাহ বাগিচাখনৰ বৰ লাইন আৰু ৫ নং লাইন এলেকাক ইয়াৰ অধীনত সামৰি লোৱা হৈছে । বৰ লাইনৰ উত্তৰে ফেক্টৰী অফিচ, দক্ষিণে বিষ্ণু মন্দিৰ, পূবে ধনশিৰী নদী আৰু পশ্চিমে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ অঞ্চলক এই কন্টেইনমেণ্ট জ’নৰ সীমা হিচাপে নিৰ্ধাৰণ কৰা হৈছে ।

আনহাতে ৫ নং লাইনৰ উত্তৰ আৰু দক্ষিণে চাহ বাগিচা, পূবে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু পশ্চিমে চাহ বাগিচা এলেকা ইয়াৰ সীমা হিচাপে ধৰিছে। সমগ্ৰ অঞ্চলটোত অকৰ্তৃত্বশীলভাৱে কোনো লোকৰ প্ৰৱেশ-প্ৰস্থান আৰু আহ-যাহত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।

উল্লেখযোগ্য যে ইয়াকে লৈ জিলাখনত কন্টেইনমেণ্ট জ’নৰ সংখ্যা ৬টালৈ বৃদ্ধি পাইছে । ইফালে আজি খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই চাহ বাগিছা অঞ্চলৰ বৰফলং চাহ বাগিছাৰ কণ্টেইণ্টমেণ্ট জ’নত থকা ৰোগী আৰু পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰে । চাহ বাগিছা অঞ্চলত কভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ লগে লগে খাদ্য সংকটে দেখা দিছে উক্ত অঞ্চল সমুহত । যিহেতু কণ্টেইণ্টমেণ্ট জ’ন ঘোষণা কৰাত দৈনিক দিন হাজিৰা কৰা শ্ৰমিক পৰিয়ালে দৈনিক বজাৰ কৰি পৰিয়াল পোহপাল দিয়ে । এনে সময়ত কেইবাদিন ঘৰতে আবদ্ধ হৈ পৰাত শ্ৰমিক পৰিয়াল সমুহ সংকটত পৰাটো স্বাভাৱিক । এনে সময়তে বিধায়ক গৰাকীয়ে খাদ্য সামগ্ৰী যোগান ধৰি সহায়ৰ হাত আগবঢ়োৱাত শ্ৰমিক পৰিয়ালে বিধায়ক গৰাকীৰ এনে কৰ্মক প্ৰশংসা কৰে ।

আনহাতে আজি জিলাখনত কভিডত ১৭০ জন লোক আক্ৰান্ত বুলি চিনাক্ত হৈছে। ইয়াকে লৈ জিলাখনিত ২৫২৬ জনলৈ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। জিলাখনত সক্ৰিয় ৰোগী সংখ্যা ৮৯৬ জন। ইয়াৰে ৬৮৭ জন হোম আইচলেশ্বনত থকাৰ বিপৰীতে ২০৯ জন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । চিকিৎসাধীন হৈ থকা সকলৰ ভিতৰত ১২৮ জন গোলাঘাট কভিড হাস্পতালত, ৩৬ জন শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত, ১৫ জন উৰিয়ামঘাট আদৰ্শ চিকিৎসালয়ত, ৪ জন খুমটাই আদৰ্শ চিকিৎসালয়ত, ২১ জন নুমলীগড় বিবেকানন্দ কেন্দ্ৰ হাস্পতালত আৰু ৫ জন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । আজিৰ দিনটোত ২৭৮ জন লোক কভিডমুক্ত বুলি চিনাক্ত হোৱাত ঘৰলৈ যাবলৈ চিকিৎসকে অনুমতি দিয়ে । আনহাতে যোৱা ২৪ ঘণ্টাত জিলাখনত এই ৰোগত আক্ৰান্ত হৈ দুজন লোকৰ মৃত্যু হৈছে ।

গোলাঘাট জিলা তথ্য আৰু জনসংযোগ বিভাগৰ পৰা সদৰি কৰা মতে, গোলাঘাট কভিড হাস্পতালত জিলাখনৰ হাবিয়াল গাঁৱৰ মানিকী হাজৰিকা (৬৫) নামৰ মহিলা গৰাকী কভিডত আক্ৰান্ত হৈ যোৱা ১০ মে’ৰ পৰা গোলাঘাট কভিড হাস্পতালত চিকিৎসাধীন হৈ আছিল । কিন্তু আজি চিকিৎসাধীন অৱস্থাতে মহিলা গৰাকীৰ মৃত্যু হয় । সেইদৰে কমাৰগাঁৱৰ বুধবাৰীৰ ভাগ্যৱতী চাহু নামৰ ৬৫ বছৰীয়া মহিলা গৰাকীৰ দেহত কভিডৰ অৱস্থিতি ধৰা পৰাত আজি চিকিৎসালয়ত ভৰ্তি কৰোৱা পাছতে মৃত্যুক সাৱটি লয় ।

You might also like