নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত গ্ৰীষ্মকালীন অভিনয় কৰ্মশালাৰ সফল সামৰণি

🔹 নাট্য বিদ্যালয়ৰ প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা মঞ্চস্থ তিনিখনকৈ নাটক

নিয়মীয়া বাৰ্তা,  ২৮ জুলাই : সুস্থ নাট্য চিন্তা আৰু অনুশীলনেৰে ২০১৩ চনৰে পৰাই ঢকুৱাখনা মহকুমাত বলিষ্ঠ নাট্য আন্দোলন গঢ়ি তোলা ঢকুৱাখনা নাট্য বিদ্যালয়ৰ উদ্যোগত ৫ জুলাইৰ পৰা অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ বুধবাৰে সন্ধিয়া সফল সামৰণি পৰে। অসম চৰকাৰৰ সাস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু লখিমপুৰ জিলা প্ৰশাসনৰ সহযোগত সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হোৱা সামৰণী অনুষ্ঠানটি উদ্বোধন কৰে অসম নাট্য সন্মিলনৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট নাট্যকৰ্মী চৈয়দ নাজিম আহমেদে। শিশুসকলৰ সাংস্কৃতিক মন আৰু অভিভাৱকৰ সামাজিক দায়বদ্ধতা সম্পৰ্কে বক্তব্য আগবঢ়ায় বিশিষ্ট নাট্যকৰ্মী আহমেদে। ইয়াৰ পিছতে মঞ্চস্থ কৰা হয় নিতুল বৰ্মনৰ পৰিচালনাত গণেশ চমুৱাৰ সামগ্ৰিক পৰিকল্পনা আৰু কল্যাণ দত্তৰ সহ:পৰিচালনাত পি ভি কাৰান্থৰ জনপ্ৰিয় নাটক ভগীৰথীৰ অসমীয়া নাট্যৰূপ ‘পিঞ্জৰাৰ বিদ্যালয়’।প্ৰেক্ষাগৃহপূৰ্ণ দৰ্শকৰ সন্মুখত চাৰি বছৰৰ পৰা দহ-বাৰ বছৰীয়া এই কণ কণ শিশুসকলৰ সাৱলীল অভিনয়ে মোহাচ্ছন্ন কৰি তোলে নাট্যপ্ৰেমীক।

পাৰুল বৰগোঁহাইৰ সংগীতে নাটখনিক অনন্য মাত্ৰা প্ৰদান কৰে। ইয়াৰ পিছতেই নতুন পৰিকল্পনা আৰু নতুন চিন্তাধাৰাৰে হেমন্ত ফুকনৰ পৰিচালনাত আৰু ৰক্তিম বুঢ়াগোহাঁইৰ সহ:পৰিচালনাত আহোমসকলৰ ধৰ্মীয় পৰম্পৰাৰ ওপৰত ৰচিত ‘টাই ছিউ’ শীৰ্ষক নাটখনি মঞ্চস্থ কৰা হয় । শেষত মঞ্চস্থ কৰা হয় কৃষ্ণ ভূঞাৰ পৰিচালনাত ডঃ চন্দ্ৰধৰ চমুৱাৰ জনপ্ৰিয় নাটক ‘তমসা তীৰৰ ভূত’। ইয়াৰ আগতে বন্তি প্ৰজ্বলন কৰে বিশিষ্ট শিক্ষাবিদ ভোলানাথ গগৈয়ে। ঢকুৱাখনা নাট্য বিদ্যালয়ৰ সচিব গণেশ চমুৱাই আঁতধৰা সামৰণী অনুষ্ঠানত ঢকুৱাখনা মহকুমাৰ সহকাৰী আয়ুক্ত যমুনা সোণোৱাল, ঢকুৱাখনা নৰ্মাল স্কুলৰ অধ্যক্ষ লক্ষী কোঁৱৰ, শিক্ষাবিদ বিদ্যা দত্ত, প্ৰমোদ লাহনকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি, অভিভাৱক, নাট্যপ্ৰেমী ৰাইজ উপস্থিত থাকে।

 

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like