নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আশাৰ খবৰঃ বলীউডত জিলিকব কাজিৰঙা

নিয়মীয়া বাৰ্তা ২৬ জানুৱাৰীঃ  কাজিৰঙাত বলীউডৰ জনপ্ৰিয় অভিনেতা তথা গায়ক আয়ুষ্মান খুৰানা। এখন হিন্দী বোলছবি নিৰ্মানৰ বাবে অভিনেতা জন উপস্থিত হৈছে কাজিৰঙাত। কাজিৰঙাৰ Iora ৰিজৰ্টত বাহৰ পতা অভিনেতা জনে কাজিৰঙাৰ দাঁতিকাষৰীয়া কাৰ্বি আংলংৰ মনোমোহা সেউজীয়া প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত ইতিমধ্যে আৰম্ভ হৈছে ছবিৰ চিত্ৰ গ্ৰহণ।

জানিব পৰা মতে, বলীউডৰ জনপ্ৰিয় পৰিচালক অনুভৱ চিহ্না পৰিচালিত “স্পাই থ্ৰেলাৰ” নামৰ ছবি খনৰ মূল চৰিত্ৰত থকা আয়ুষ্মান খুৰানাই সোমবাৰৰ পৰা নিজৰ শ্বট’ছ দিয়া আৰম্ভ কৰিছে। বিগত বৰ্ষত সফলতা লাভ কৰা পৰিচালক অনুভৱ চিহ্নাৰ দ্বাৰা পৰিচালিত Article 15 ত আয়ুষ্মান খুৰানাই মূল চৰিত্ৰত কৰিছিল। কাৰ্বি আংলংৰ ঘন অৰণ্যৰ মাজত হাতত পুতলা বন্ধুকলৈ যুৱক যুৱতীয়ে কৰা আখৰাকলৈ অনুমান কৰিব পাৰি যে “স্পাই থ্ৰেলাৰ” ছবি খন কোনো নিষিদ্ধ ঘোষিত সংগঠনকলৈ কৰা অভিযানৰ ছবি।

আনহাতে কাজিৰঙাত বলীউডৰ অভিনেতা আয়ুষ্মান খুৰানাক ওচৰতে দেখা পাই উৎফুল্লিত হৈ পৰিছে অঞ্চলবাসী।

You might also like