নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘গোৱালা ছাৰে হোৱাটছএপযোগে মোৰ মানুহগৰাকীক দিছিল বহু অশ্লীল মেছেজ’

🔹 লাহোৱালত পৰকীয়া প্রেমৰ বলি বিষ্ণুপ্রিয়াৰ স্বামীৰ বিস্ফোৰণ

নিয়মীয়া বার্তা, ৪ মার্চ : ‘মোৰ সন্মুখতে তাইক গুলীয়াই দিলে৷ লগে লগে তাই পৰি গ’ল আৰু তাৰ পাছত সি নিজকে গুলীয়ালে৷ অনুপম গোৱালা ছাৰে মোৰ মানুহগৰাকীক হোৱাটছএপত বহু অশ্লীল মেছেজো দিছিল৷’– পৰহি লাহোৱালৰ মদাৰখাটত সংঘটিত ৰাজ্য কঁপোৱা ঘটনাৰ পাছত গুলীবিদ্ধ হৈ সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা বিষ্ণুপ্রিয়া লাহন গগৈৰ স্বামী বিপুল গগৈয়ে কালি সংবাদ মাধ্যমৰ আগত এই বিস্ফোৰণ ঘটায়৷ গগৈয়ে সদৰী কৰা অনুসৰি, প্রায় দুবছৰমানৰ পৰা নামৰূপ থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া অনুপম গোৱালাই তেওঁলোকৰ ঘৰলৈ অহা–যোৱা কৰিছিল৷ মাটিৰ এটা গোচৰ সন্দর্ভত লাহোৱাল থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া হৈ থাকোঁতেই অনুপম গোৱালাই বিষ্ণুপ্রিয়াৰ সৈতে প্রথম চিনাকি হৈ পৰৱর্তী সময়ত অবৈধ প্রেমৰ সম্পর্ক গঢ়ি তোলে আৰু ম’বাইল ফোনৰ জৰিয়তে সঘনাই যোগাযোগ ৰাখিছিল৷ সঘনাই ফোন কৰা, পৰস্ত্রীক অশালীন মেছেজ দিয়া বাবে গগৈয়ে পত্নীক গালি–গালাজ কৰাতেই ক্ষান্ত নাথাকি দুবাৰকৈ ম’বাইল ফোন ভাঙি পেলোৱা বুলি মন্তব্য কৰি কয় যে শেহতীয়াকৈ যোৱা অক্টোবৰ মাহতহে এটা নতুন ম’বাইল ফোন কিনি দিছিলোঁ৷ সংবাদ মাধ্যমক গগৈয়ে জানিবলৈ দিয়া মতে, ঘটনাৰ নিশা প্রায় ডেৰ–দুই বজাত তেওঁৰ ম’বাইলত এটা অচিনাকি ফোনকল অহাত উচপ খাই উঠে আৰু নম্বৰটো চিনিব নোৱাৰি কাষৰ কোঠাত ল’ৰাৰ লগত শুই থকা পত্নী বিষ্ণুপ্রিয়াক নম্বৰটো দেখুৱাই চিনি পায় নেকি প্রশ্ণ কৰে৷ তেতিয়া লগে লগে পত্নীয়ে সেয়া অনুপম গোৱালাৰ নম্বৰ বুলি তেওঁক জানিবলৈ দিয়ে৷ তাৰ কিছু সময়ৰ পাছতেই দুৱাৰত খুব জোৰে  ঢকিয়ায়৷ প্রথমে দুৱাৰ খোলাৰ কথা ভবাও নাছিলোঁ বুলি সদৰী কৰি তেওঁ কয় যে পৰৱর্তী সময়ত হুলস্থূল বেছি হোৱাৰ শংকাত খুলি দিলোঁ৷ প্রথমে গোৱালা ছাৰ দুৱাৰমুখতে আছিল৷ বিষ্ণুপ্রিয়া ওলাই অহাৰ লগে লগে কয়– তোমাক নিব আহিছোঁ। এতিয়াই মোৰ লগত ব’লা বুলি কৈয়েই ভিতৰলৈ সোমাই আহে৷ কিছু সময় কথা–বতৰাৰ পাছত বিষ্ণুপ্রিয়াই যাবলৈ অমান্তি হোৱাত একেবাৰে ওচৰৰ পৰা দুটাকৈ গুলী মাৰে আৰু নিজৰ মূৰতো দুটা গুলী মাৰে৷ প্রথমাৱস্থাত পৰিস্থিতি বিষম দেখি সন্তান দুটিৰ ভৱিষ্যতৰ কথা ভাবি গগৈয়ে পত্নী বিষ্ণুপ্রিয়াক অনুপম গোৱালাৰ সৈতে যাবলৈও অনুমতি দিছিল৷ কিন্তু বিষ্ণুপ্রিয়াই যাবলৈ অমান্তি হোৱাত আৰক্ষী বিষয়া অনুপম গোৱালাই দীর্ঘদিনীয়া পৰকীয়া প্রেমক এক স্থায়ী ৰূপ দিয়াৰ সপোন চকুৰ সন্মুখতে থানবান হৈ পৰা দেখি ক্রোধান্বিত হৈ প্রেমিকালৈ গুলী নিক্ষেপ কৰিছিল৷ ইফালে, দুটিকৈ কণমানিৰ সৈতে সুখৰ জীৱন অতিবাহিত কৰিও দীর্ঘকাল পৰপুৰুষৰ সৈতে অবৈধ সর্ম্পক ৰাখি অৱশেষত আজিও সংকটজনক অৱস্থাত ডিব্রুগডৰ এখন নার্ছিং হোমত চিকিৎসাধীন হৈ আছে বিষ্ণুপ্রিয়া৷ বিষ্ণুপ্রিয়াৰ বুকুৰ বাঁওফালে লগা গুলী মাংসপেশীয়েদি বাহিৰ হৈ গৈছে যদিও সোঁফালে লগা গুলীয়ে শৰীৰৰ বহু ক্ষতিসাধন কৰা বুলি চিকিৎসালয়ৰ সূত্রত প্রকাশ৷ বুকুৰ সোঁফালে লগা গুলীয়ে বিষ্ণুপ্রিয়াৰ হাঁওফাঁও, যকৃৎ আৰু মেৰুদণ্ডত আঘাত কৰাত স্বাস্থ্য ক্রমাৎ জটিল হৈ পৰিছে৷ যাৰ ফলত তেওঁৰ এমআৰআই আদিকে ধৰি কোনো স্বাস্থ্য পৰীক্ষা কৰিব পৰা নাই৷ বর্তমানেও আইচিইউত চিকিৎসাধীন হৈ থকা বিষ্ণুপ্রিয়াৰ জীৱন এতিয়াও সংকটমুক্ত নহয় বুলি চিকিৎসালয় সূত্রত প্রকাশ৷ আনহাতে, এই সমগ্র ঘটনা সন্দর্ভত গুলীবিদ্ধ মহিলাগৰাকীৰ স্বামী গগৈয়ে লাহোৱাল থানাত এখন এজাহাৰ প্রদান কৰাৰ বিপৰীতে আৰক্ষী বিষয়া অনুপম গোৱালাৰ পত্নীয়েও পূর্বপৰিকল্পিতভাৱে আৰক্ষী বিষয়াজনক ব্লেকমেইল কৰি আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱাৰ অভিযোগ তুলি বিষ্ণুপ্রিয়াৰ বিৰুদ্ধে এজাহাৰ প্রদান কৰিছে বুলি আৰক্ষী সূত্রই জানিবলৈ দিছে৷ লাহোৱাল থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়াৰ লগতে ঘোঁৰামৰা আৰক্ষী চকীৰ ভাৰপ্রাপ্ত আৰক্ষীয়ে ঘটনাটো সন্দর্ভত নিজাববীয়াকৈ প্রাথমিক তদন্ত আৰম্ভ কৰিছে৷ অৱশ্যে বর্তমানলৈকে ঘটনাটো সন্দর্ভত কেনেধৰণে তদন্ত কৰিছে বা তদন্তৰ আওতাত ঘটনাৰ প্রকৃত কাৰণ কি হ’ব পাৰে, সেই সন্দর্ভত এতিয়াও আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰা নাই৷ হয়তো আৰক্ষীৰ তদন্তহে ঘটনাৰ প্রকৃত কাৰণ পোহৰলৈ অহাৰ সম্ভাৱনা আছে৷

প্ৰেৰক কাঞ্চনজ্যোতি গোহাঁই

You might also like