নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধ্বস্ত গাজাত নিৰীহৰ মৃত্যু মিছিল

ৰক্তক্ষয়ী যুদ্ধই পাঁচ মাহ অতিক্রম কৰিবলৈ লৈছে৷ তথাপি পেলেষ্টাইনী সশস্ত্র সংগঠন হামাছৰ বিৰুদ্ধে গাজাত ইজৰাইলে চলোৱা সামৰিক অভিযানৰ অন্ত পৰাৰ কোনো লক্ষণ দেখা নাই বিশেষজ্ঞসকলে৷ ইতিমধ্যে যুদ্ধভূমি গাজা বধ্যভূমিত পৰিণত হৈছে৷ ইজৰাইলে বাৰে বাৰে হুংকাৰ দিছে যে হামাছক সম্পূর্ণৰূপে উৎখাত নকৰালৈকে গাজাত অভিযান অব্যাহত থাকিব৷ উত্তৰৰ পৰা দক্ষিণ গাজালৈ সঘন ইজৰাইলী সেনাই কেৱল বোমা–ক্ষেপণাস্ত্র নিক্ষেপ কৰি নিৰীহ লোকৰ বসতিস্থলবোৰ ধ্বংস কৰিছে৷ পাইকাৰী হাৰত হত্যা কৰা হৈছে পেলেষ্টাইনী শিশু–মহিলাসকলক৷ কার্যতঃ সমগ্র গাজা এতিয়া ধ্বংসস্তূপত পৰিণত হৈছে৷ পেলেষ্টাইনী লোকসকলৰ শেষ আশ্রয়স্থল হিচাপে চিহ্ণিত দক্ষিণ গাজাৰ ৰাফা চহৰতো আৰম্ভ কৰা হৈছে হিংস্র অভিযান৷ শেহতীয়াকৈ আমেৰিকাৰ এক প্রতিবেদন অনুসৰি গাজা ভূ–খণ্ডত ইজৰাইল সেনাৰ হিংস্র অভিযানত অকল শিশু আৰু মহিলা নিহত হৈছে পঁচিশ সহস্রাধিক৷ শেহতীয়াকৈ মার্কিন প্রতিৰক্ষা দপ্তৰ পেণ্টাগনৰ প্রতিবেদনত এই তথ্য প্রকাশ পোৱাৰ লগে লগে বিশ্বজুৰি সৃষ্টি হৈছে চাঞ্চল্য৷ পেলেষ্টাইনী স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি, গাজাত ইজৰাইলৰ পাশৱিক অভিযানত ত্রিশ সহস্রাধিক লোক নিহত হৈছে৷ এই প্রতিবেদনত উল্লেখ কৰা অনুসৰি নিহত লোকসকলৰ অধিকসংখ্যকেই শিশু আৰু মহিলা৷ বাৰে বাৰে ৰাষ্ট্রসংঘৰ মজিয়াত গাজাত যুদ্ধবিৰতিক লৈ গৃহীত হৈছে প্রস্তাৱ৷ কিন্তু এই প্রস্তাৱ অগ্রাহ্য কৰিছে ইজৰাইলে৷ আনকি ইজৰাইলৰ বন্ধু তথা বিশ্বৰ মহাপৰাক্রমী শক্তি হিচাপে চিহ্ণিত আমেৰিকাই গাজাত নিৰীহ লোকৰ হত্যা বন্ধ হ’ব লাগে বুলি দাবী জনাইছে যদিও সেই দাবীকো অগ্রাহ্য কৰিছে ইজৰাইল চৰকাৰে৷ শেহতীয়াকৈ ৰাফা চহৰত সৃষ্টি হৈছে মানৱীয় সংকট৷ চহৰখনত সংঘর্ষ জর্জৰিত লোকসকললৈ সাহায্য আগবঢ়োৱা কেন্দ্র এটাত ইজৰাইলী সেনাই গোলাবর্ষণ কৰাৰ ফলত শতাধিক লোক নিহত হয়৷ এই ঘটনাৰ পিছতে জাঙুৰ খাই উঠিছে আন্তর্জাতিক মানৱ অধিকাৰ সংগঠনসমূহ৷ আমেৰিকাই এই ঘটনাক তীব্র গৰিহণা দিয়াৰ লগতে গাজাৰ দুর্গত লোকসকলৰ বাবে আকাশৰ পৰা বিমানেৰে খাদ্য–সামগ্রী পেলোৱা হ’ব বুলি ঘোষণা কৰিছে৷ মার্কিন ৰাষ্ট্রপতি জ’ বাইডেনে ইজৰাইলক শীঘ্রে যুদ্ধবিৰতিৰ প্রতি সন্মতি প্রকাশ নকৰিলে পৰিস্থিতি অতি জটিল হৈ পৰিব বুলি সতর্কবাণী কৰিছে৷
শেহতীয়াকৈ গাজাত দ্বিতীয়বাৰৰ বাবে হামাছ আৰু ইজৰাইলৰ যুদ্ধবিৰতিৰ বিষয়টোৱে চর্চা লাভ কৰিছে৷ মার্কিন ৰাষ্ট্রপতি বাইডেনৰ তৎপৰতাত পাৰস্য উপ–সাগৰীয় ৰাষ্ট্র কাটাৰৰ পিছত ইজিপ্তৰ ৰাজধানী কাইৰোত হামাছ আৰু ইজৰাইল চৰকাৰৰ প্রতিনিধিৰ মাজত আলোচনা চলিছে৷ এই আলোচনাই ইতিবাচক গতি লাভ কৰা বুলি ৱাশ্বিংটন প্রশাসনে ঘোষণা কৰিছে যদিও ইজৰাইল আৰু হামাছৰ তৰফৰ পৰা এই সন্দর্ভত কোনোধৰণৰ মন্তব্য আগবঢ়োৱা নাই৷ গতিকে বিষয়টোক লৈ বিভিন্ন মহলত সৃষ্টি হৈছে সন্দেহ৷ কাৰণ ৰাষ্ট্রসংঘই নিজাববীয়াকৈ যুদ্ধবিৰতিৰ প্রস্তাৱ গৃহীত কৰাৰ পিছতো বিশ্বৰ সর্বোচ্চ সংস্থাটোৰ প্রস্তাৱক অগ্রাহ্য কৰিছে ইজৰাইল চৰকাৰে৷ এনে পৰিস্থিতিত হঠাতে ইজৰাইলে যুদ্ধবিৰতিৰ প্রতি সন্মতি প্রকাশ কৰিব নে নাই, তাক লৈ বিভিন্ন মহলত সৃষ্টি হৈছে সন্দেহ৷ অৱশ্যে হামাছৰ জিম্মাত থকা ইজৰাইলী পণবন্দীসকলক উদ্ধাৰৰ বাবে যুদ্ধবিৰতিৰ কৌশল গ্রহণ কৰিব পাৰে ইজৰাইল চৰকাৰে৷ গাজাত ৰক্তক্ষয়ী অভিযান ইজৰাইলক বন্ধ কৰিবলৈ বাধ্য কৰোৱাৰ বাবে হামাছৰ হাততো একমাত্র হাথিয়াৰ হৈছে ইজৰাইলী পণবন্দীসকল৷ গতিকে হামাছে যুদ্ধবিৰতি নে গাজাত সম্পূর্ণৰূপে অভিযান বন্ধৰ দাবী উত্থাপন কৰিব, সেয়াও এক সন্দেহৰ বিষয়৷ পৰিস্থিতি অতি ভয়াৱহ হৈ পৰিছে৷ গাজা হৈ পৰিছে এতিয়া অকল্পনীয় নৰক৷ গাজা ভূ–খণ্ডত বসতি অঞ্চলসমূহ সম্পূর্ণৰূপে ধ্বংস হৈ পৰিছে৷ শিক্ষা প্রতিষ্ঠানসমূহ ইজৰাইলী বোমাত বিধ্বস্ত৷ সমগ্র গাজাত স্বাস্থ্য সেৱা বুলি এতিয়া একোৱেই বর্তি নাই৷ যিসমূহ আশ্রয়স্থলত নিৰীহ লোকসকলে হাতৰ মুঠিত প্রাণটো লৈ আশ্রয় গ্রহণ কৰিছে, তাতো সঘনে বোমাবর্ষণ কৰি আছে ইজৰাইলে৷ খাদ্য, খোৱাপানী আদিৰ যোগান বন্ধ হৈ পৰিছে সমগ্র গাজাত৷ গতিকে যুদ্ধবিৰতিৰ তাৎক্ষণিক প্রয়োজন হৈ পৰিছে গাজাত৷ আন্তর্জাতিক মহলৰো একমাত্র দাবী ইজৰাইল আৰু হামাছৰ যুদ্ধবিৰতি৷ যুদ্ধবিৰতিৰ জৰিয়তেহে বিধ্বস্ত গাজাৰ বাসিন্দাসকলক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিব পৰা যাব৷

You might also like