নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ ছুনামিৰ সৃষ্টি কৰি গুৱাহাটী পৌৰ নিগম দখল বিজেপি মিত্ৰজোঁটৰ

নিয়মীয়া বাৰ্তা, ২৪ এপ্ৰিলঃ সুদীর্ঘ ৯ বছৰৰ বিৰতিৰ অন্তত অনুষ্ঠিত হোৱা গুৱাহাটী পৌৰ নিগম (জি এম চি) নির্বাচনৰ ফলাফল আজি ঘোষণা কৰা হয়৷ মুঠ ৫৭টা ৱার্ডৰ বাবে অনুষ্ঠিত হোৱা নির্বাচনৰ ভোটগণনা আজি পুৱা ৮ বজাৰ পৰা গুৱাহাটীৰ মণিৰাম দেৱান ট্রেড চেণ্টাৰত  অনুষ্ঠিত হয়৷

৬০ ৰ ভিতৰত ৫৮টা আসনত জয়ী বিজেপি মিত্ৰজোঁট

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত দলৰ বিজয়ৰ পিছতে বিজেপি কৰ্মীসকলে গুৱাহাটীত বিজয় উৎসৱ উদযাপন কৰে। জিএমচিৰ মুঠ ৬০টা ৱাৰ্ডৰ ভিতৰত, বিজেপিয়ে ৫২টা ৱাৰ্ড জয় হোৱাৰ বিপৰীতে ইয়াৰ সহযোগী অগপই ৬টা ৱাৰ্ডত জয়লাভ কৰিছে। ইফালে আপ আৰু অসম জাতিয়া পৰিষদে (এজেপি) এটাকৈ আসন জয়ী হবলৈ সক্ষম হৈছে। বিজেপি-মিত্ৰজোঁটৰ বৃহৎ বিজয়ৰ পিছতে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত বিজয় উৎসৱ পালন কৰে দলটোৰ কৰ্মকৰ্তাসকলে।

বিজেপিৰ কৰ্মকৰ্তাক অভিনন্দন প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশাল সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ বাবে বিজেপিক অভিনন্দন জ্ঞাপন কৰি কয়- “উন্নয়নৰ বাবে বিজেপিক এক সুন্দৰ জনাদেশ দিয়াৰ বাবে মই গুৱাহাটীৰ জনসাধাৰণক ধন্যবাদ জনাইছোঁ”।

ইপিনে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত আম আদমী পাৰ্টীয়ে ৩৮জন প্ৰাৰ্থী প্ৰক্ষেপ কৰি এখন আসনত বিজয় সাব্যস্ত কৰে।

আনহাতে ৫৪টা ৱাৰ্ডত প্ৰাৰ্থী দি শূন্য হৈ ৰ’ল কংগ্ৰেছ।  বহু ৱাৰ্ডত দ্বিতীয় স্থানতো থাকিবলৈ সক্ষম নহ’ল কংগ্ৰেছ। একেৰাহে সপ্তমটো নিৰ্বাচনত মুখথেকেচা কংগ্ৰেছৰ।

উল্লেখ্য যে এইবাৰ পৌৰ নিগমৰ নির্বাচনত মুঠ ৬০টা ৱার্ডত ভোটগ্রহণ হ’বলগীয়া আছিল যদিও ইয়াৰে তিনিটাত পূৰ্বেই শাসনাধিষ্ঠিত বিজেপিয়ে বিনাপ্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছিল৷ এই ৱার্ডকেইটা হৈছে ৫, ৬ আৰু ২২ নম্বৰ ৱার্ড৷ ভোটগ্রহণ অনুষ্ঠিত হোৱা ৫৭টা ৱার্ডত সর্বমুঠ ১৯৭গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছিল৷ ইয়াৰে ৫০জন বিজেপিৰ, ৭জন অগপৰ, ৫৪জন কংগ্রেছৰ, ৩৮জন আম আদমী পার্টীৰ, ২৫জন অসম জাতীয় পৰিষদৰ, ৪জন চি পি আই এমৰ আৰু ১৯জন নির্দলীয় প্রার্থী৷

You might also like