নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৈচিত্ৰ্যময় অসমৰ পাতত চ্যুকাফাৰ নাম সন্নিৱিষ্ট নোহোৱাক লৈ শিৱসাগৰত প্ৰতিক্ৰিয়া; ৰাইজৰ ক্ষোভ!

নিয়মীয়া বাৰ্তা, ২৪ এপ্ৰিলঃ বৰ অসমৰ ভেটী গঢ়োতা স্বৰ্গদেউ চ্যাউলুং চ্যুকাফাৰ নাম ৰাজ্যৰ শিক্ষা বিভাগে প্ৰস্তুত কৰা বৈচিত্ৰ্যময় অসম নামৰ পুঠি খনৰ এটা পৃষ্ঠাত অতি ৰহস্যজনক ভাৱে সৰ্ব প্ৰথমে উল্লেখ কৰাৰ পৰিৱৰ্তে  বাদ দিয়াৰ ঘটনাই কালি নিশাৰে পৰাই শিৱসাগৰ জিলাখনৰ লগতে সমগ্ৰ উজনি অসমতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷
মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱৰ পৰা ড০ ভূপেন হাজৰিকালৈকে উল্লেখ থকা পুঠিখনৰ বিশেষ পৃষ্ঠাটোত স্বৰ্গদেউ চ্যাউল্যুং চ্যুকাফাৰ নাম উল্লেখ নথকাক লৈয়েই সৃষ্টি হৈছে এই প্ৰতিক্ৰিয়াৰ ৷ নৱম শ্ৰেণীৰ পাঠ্যক্ৰমত সন্নিৱিষ্ট পুঠিখনত বৈচিত্ৰ্যময় অসম শীৰ্ষক  লেখনিটোত  স্বৰ্গদেউৰ নাম উল্লেখ নথকাৰ সন্দৰ্ভদ কালি নিশাৰে পৰা সামাজিক মাধ্যমত সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ ধূমুহা ৷ বিশেষকৈ আহোম জনগোষ্ঠীৰ ৰাইজৰ আত্ম সন্মান আৰু মৰ্য্যদাত আঘাত সনা এই ভয়ংকৰ অপমানজনক কাৰ্য্যৰ বিৰুদ্ধে তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আটাছুৰ কেন্দ্ৰীয় কাৰ্য্যকৰী সভাপতি বসন্ত গগৈয়ে ৷
এক বিবৃত্তিত কাৰ্য্যকৰী সভাপতি গৰাকীয়ে স্বৰ্গদেউ গৰাকীৰ নাম উক্ত পুঠিৰ পৰা বাদ দিয়া কাৰ্য্য কোনো কাৰণতেই গ্ৰহণযোগ্য নহয় ৷কেইবা তৰপীয়া পৰীক্ষা নিৰীক্ষাৰ মাজেৰে সম্পন্ন হোৱা পুঠি খনত ইমান এক ভয়ংকৰ বিসংগতি কেনেকৈ হল বুলি ক্ষোভ প্ৰকাশ কৰা বসন্ত গগৈয়ে তাৎক্ষণিক ভাৱে বিতৰণ কৰা পুঠি সমুহ উঠাই লৈ সংশোধনীৰে পুণৰ পুঠি বিতৰণ কৰিবলৈ আহব্বান জনাই ৷ ইয়াৰ অন্যথাই এই ভয়ংকৰ কাৰ্য্যৰ বিৰুদ্ধে সদৌ টাই আহোম ছাত্ৰ সন্থাই হাত সাৱতি বহি নাথাকিব বুলি স্পষ্ট কৰি দিয়ে ৷
আনহাতে একেটা বিবৃত্তিটেই নেতাগৰাকীয়ে উল্লেখ কৰি কয় যে,  ১২২৮ খ্ৰীষ্টাব্দত চাউল্যুং চুকাফাই অসমত প্ৰৱেশ কৰাৰ প্ৰায় তিনিশ বছৰৰ পাছতহে মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱে  অসমত ধৰ্ম প্ৰচাৰ আৰম্ভ কৰিছিল৷অন্যহাতেদি চাউল্যুং  চ্যুকাফাৰ পদাংক অনুসৰণ পৰৱৰ্তী সময়ৰ স্বৰ্গদেউ সকলে মোগলক প্ৰতিহত কৰি  অসমৰ স্বাধীনতা,সুৰক্ষা  অক্ষুন্ন ৰাখিছিল ৷ তেনেস্থলত এই গৰাকী বৰ অসম গঢ়োতাক এনেদৰে অতি পৰকল্পিত ভাৱে পাঠ্য পুথিৰ পৰা নাম বাদ দিয়া কাৰ্য্য কেতিয়াও গ্ৰহণ যোগ্য নহয় বুলি স্পষ্ট কৰি দিয়ে ৷
You might also like