নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাগ্রামাৰ বাজি–বিপিএফে চৰকাৰ কৰিবই

নতুন পৰিষদ গঠনৰ পাছতো উত্তাল বড়োভূমিৰ ৰাজনীতি

নিয়মীয়া বাৰ্তা ২১ ডিচেম্বৰঃ বিটিচি নির্বাচন অনুষ্ঠিত হ’ল, ফলাফলো ওলাল৷ ইউ পি পি এল–বিজেপি–জি এছ পি মিলি বিটিচিত নতুন পৰিষদো গঠন কৰিলে৷ ইয়াৰ পাছতো উত্তাল হৈয়েই আছে বড়োভূমিৰ ৰাজনীতি৷ প্রমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এল–বিজেপি–জি এছ পি মিত্রজোঁটৰ পৰিষদখনে বিটিচিত ৫ বছৰ কার্যকাল সম্পূর্ণ কৰিব পাৰিব নে নাই, তাক লৈ ৰাজনৈতিক মহলত এতিয়াও তীব্র উৎকণ্ঠা অব্যাহত আছে৷ মূলতঃ বি পি এফপ্রধান হাগ্রামা মহিলাৰীৰ ভূমিকাক লৈয়ে এই উৎকণ্ঠা চলিছে৷ নির্বাচনী ফলাফল অনুসৰি বি পি এফ দলে ১৭খনকৈ আসন দখল কৰি একক বৃহত্তম দল হোৱা সত্ত্বেও ৰাজ্যপালে তেওঁলোকক বিটিচিত পৰিষদ গঠনৰ বাবে আমন্ত্রণ জনাই সংখ্যাগৰিষ্ঠতা প্রমাণৰ সুযোগ নিদিয়া আৰু বিটিচিৰ নির্বাচনী বিধি অনুসৰি নতুন পৰিষদখন গঠন নোহোৱা সম্পর্কত ইতিমধ্যে বি পি এফে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শৰণাপন্ন হৈছে৷ যোৱা ১৮ ডিচেম্বৰত ন্যায়ালয়ে বিটিচি চৰকাৰক স্থিতাৱস্থা বাহালৰ নির্দেশ দিয়াৰ লগতে সেই সম্পর্কত অহা ২২ ডিচেম্বৰত শুনানি গ্রহণৰ দিন ধার্য কৰিছে৷ নতুন বিটিচি চৰকাৰৰ বৈধতাৰ বিষয়টো ন্যায়ালয়ৰ মজিয়াত ওলমি থকাৰ সময়তে আজি আচম্বিতে বি পি এফপ্রধান হাগ্রামা মহিলাৰীয়ে বিটিচিত তেওঁলোকেই চৰকাৰ গঠনৰ হুংকাৰ দিয়ে৷ আগন্তুক দিনত দলটোৰ ভূমিকা আৰু কার্যক্রমণিকা আগুৱাই নিয়া সম্পর্কত আজি বাক্সা জিলাৰ বৰমাত বি পি এফৰ চেণ্ড্রেল ৱর্কিং কমিটীৰ (চি ডব্লিউ চি) বৈঠক অনুষ্ঠিত কৰে৷ বৈঠকত অংশগ্রহণ কৰি বি পি এফপ্রধান মহিলাৰীয়ে সংবাদ মাধ্যমৰ আগত কয়– ‘বিটিচিত বি পি এফৰ চৰকাৰ এনেয়ে হৈ আছে৷ চৰকাৰ আমাৰেই হ’ব৷’ মহিলাৰীয়ে বিটিচিত তেওঁলোকে চৰকাৰ কৰিব বুলি বাজি মাৰি কয়– ‘মই বিটিচিত চৰকাৰ বনালে কি দিব মোক? বাজি লগাব– মই চৰকাৰ নবনাম বুলি? কি দিব? সাহস আছে যদি বাজি মাৰক না৷ হাণ্ড্রেড পার্ছেণ্ট বিটিচিত আমি চৰকাৰ বনামেই৷’ মহিলাৰীয়ে আৰু কয়– ‘আমাক প্লেনিং নালাগে৷ চৰকাৰ এনেয়ে হৈ আছে৷’ আনহাতে, বি পি এফ দলৰ এতিয়া কাৰো লগত মিত্রতা নাই বুলি উল্লেখ কৰি মহিলাৰীয়ে কয় যে অনাগত দিনৰ কার্যক্রমণিকা সম্পর্কত আজিৰ বৈঠকত আলোচনা হ’ব যদিও ছবিখন আজিয়েই স্পষ্ট নহ’ব৷ প্রথমতে বি পি এফে বিটিচিত চৰকাৰ কৰিব৷ তাৰ পাছতহে ২০২১ৰ বিধানসভা নির্বাচন সম্পর্কত সিদ্ধান্ত ল’ব৷ বিধানসভা নির্বাচনলৈ বহুত বাকী আছে৷ মন কৰিবলগীয়া এয়ে যে মহিলাৰীয়ে বি পি এফৰ বর্তমান কাৰো লগত মিত্রতা নাই বুলি কৰা মন্তব্যৰ পাছতেই সাংবাদিকে বি পি এফৰ তিনি মন্ত্রীয়ে মন্ত্রিত্বত থাকিব নে নাই, সেই বিষয়ে প্রশ্ণ কৰাত মহিলাৰীৰ কৌশলপূর্ণ উত্তৰ– ‘তিনি মন্ত্রীয়ে চৰকাৰত থাকিব নে নাই, আপোনালোকক কিয় লাগে?’ সেইদৰে বিটিচিৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৱে বি পি এফে তেওঁলোকক মানসিকভাৱে হাৰাশাস্তি কৰিছে, টেনছন দিছে বুলি কৰা মন্তব্য সম্পর্কত মহিলাৰীয়ে কয়– আমি আইনগত ন্যায় পাবৰ বাবেহে গোচৰ দিছোঁ৷ কাৰো বিৰুদ্ধে ব্যক্তিগতভাৱে গোচৰ দিয়া নাই৷ ন্যায় পাবৰ বাবেহে কেছ দিছোঁ৷ সেইদৰে বর্তমান বি পি এফৰ পৰা কোনো এম চি এল এ ক’লৈকো নাযায় বুলি দোহাৰি বেলেগ দলৰ পৰা কোনোবা বি পি এফলৈ আহিলে আপত্তি নাই বুলি তেওঁ মন্তব্য কৰে৷ এই সম্পর্কত তেওঁ কয় যে বিজেপি, ইউ পি পি এল, জি এছ পি দলৰ নির্বাচিত এম চি এল এসকলক যেনেকৈ গুৱাহাটীৰ হোটেলত ৰাখিছে, ঠিক তেনেকৈ নতুনকৈ জয়লাভ কৰা বি পি এফৰ সদস্যসকলকো কোকৰাঝাৰৰ হোটেলত ৰখা হৈছে৷ আজিৰ চি ডব্লিউ চিৰ বৈঠকখনতে আসন্ন বিধানসভা নির্বাচনৰ বাবে হাগ্রামা মহিলাৰীক সভাপতি হিচাপে লৈ ১২জনীয়া নীতি নির্ধাৰণ কমিটী এখন গঠন কৰা হয়৷

এই বৈঠকতে দলবিৰোধী কার্যকলাপত জড়িত বিশ্বজিৎ দৈমাৰী, ইমানুৱেল মুছাহাৰী, ৰেওৰেওৱা নার্জিহাৰীক দলৰ পৰা বহিষ্কাৰ কৰে৷ ইপিনে বিটিচি নির্বাচনৰ ফলাফল ঘোষণাৰ পাছৰে পৰা গুৱাহাটীৰ লিলি হোটেলত বাহৰ পাতি থকা ইউ পি পি এল–বিজেপি–জি এছ পিৰ পাৰিষদসকলৰ একাংশই গুৱাহাটী এৰি শ্বিলঙলৈ ঢ়াপলি মেলিছে৷ আজি সেইসকল পাৰিষদে শ্বিলঙৰ পৰা চেৰাপুঞ্জীলৈ যোৱাৰ খবৰ পোৱা গৈছে৷ এই সম্পর্কত বিটিচিৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৱে কয় যে বর্তমান বিটিচিত পূর্ণাংগ পর্যায়ত কাম–কাজ আৰম্ভ হোৱা নাই৷ সেয়ে তেওঁলোক এতিয়া ফুৰিবলৈ গৈছে৷ দুই–এদিনতে সকলোৱে ঘূৰি আহিব৷ কাম–কাজ আৰম্ভ হোৱাৰ পাছত বিনা অনুমতিত কোনেও বিদেশ ভ্রমণলৈও যাব নোৱাৰিব৷ এতিয়া অলপ ফুৰি লৈছে লওক৷ তেওঁ আৰু কয় যে বিটিচিৰ প্রথমখন কার্যবাহী পৰিষদৰ বৈঠকে কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত লৈছে৷ সেইমর্মে ক্রয়–বিক্রয়কে ধৰি দীর্ঘদিনীয়া ভূমিৰ সমস্যা সমাধানৰ বাবে এছ অ’ পি প্রস্তুত কৰা হৈছে৷ বি টি আৰ চুক্তি ৰূপায়ণ, অৰুণোদয় আঁচনিকে ধৰি আন আঁচনিসমূহ ৰূপায়ণৰ বাবে অসম চৰকাৰক আহ্বান জনোৱাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ বিটিচিক সকলো দিশতে উন্নয়ন সাধন কৰিবলৈ বিষয়া–কর্মচাৰীসক সততা আৰু নিষ্ঠাৰে কাম কৰিবলৈ আহ্বান জনাই তেওঁ কোকৰাঝাৰক শান্তিৰ চহৰ হিচাপে প্রতিষ্ঠা কৰিবলৈ যোৱাৰ প্রাক্মুহূর্তত চহৰখনৰ প্রতিখন ব্যৱসায়িক প্রতিষ্ঠানক তিনিটাকৈ বগা গোলাপ ফুলৰ সৈতে পট দিয়া কার্য আৰম্ভ হৈছে বুলি তেওঁ প্রকাশ কৰে৷

বড়োৱে লগতে বি পি এফে গুৱাহাটী উচ্চ ন্যায়ালয়ত তৰা গোচৰ সম্পর্কত কয় যে তেওঁলোকে এনেয়ে টেনচন দিয়াৰ বাবে গোচৰটো দিছে৷ একো লাভ নহয়৷ একো কৰিব নোৱাৰে৷ বি পি এফে বিটিচিত তিনিটা কার্যকাল শাসন কৰিছিল৷ তেওঁলোকেও কোনো ৰুল, প্রচিডি’ৰ মনা নাছিল৷ অকল চৰকাৰ গঠনতে নহয়, অন্যান্য কাম–কাজতো কোনো ৰুল, প্রচিডি’ৰ মনা নাছিল৷ নতুন চৰকাৰে কেৱল এছেম্বলীৰ ক্ষেত্রতে নহয়, বাকী সকলো ব্যৱস্থাতে ৰুল আৰু প্রচিডি’ৰ সম্পূর্ণৰূপে মনাৰ ব্যৱস্থা কৰিব৷ একেদৰে বিজেপি নেতা প্রাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীয়ে বি পি এফৰ সভাপতিজনক তীক্ষ্ণ কটাক্ষ কৰি কয় যে বিপদৰ পৰা উদ্ধাৰ পাবলৈহে হাগ্রামা মহিলাৰীয়ে স্ববিৰোধী মন্তব্য কৰিছে৷ গুৰুতৰ ৰোগত আক্রান্ত হোৱা ৰোগী এজনে যেনেকৈ বহুতৰে পৰামর্শ শুনি গাঁৱলীয়া ঔষধ, হোমি’পেথী, এল’পেথী, আয়ুর্বেদিক সকলো ধৰণৰ ঔষধ ব্যৱহাৰ কৰি ভাল হ’ব খোজে, ঠিক তেনেকৈ হাগ্রামা মহিলাৰীয়ে বিপদৰ পৰা উদ্ধাৰ পাবলৈ কমেও শতাধিক লোকৰ পৰামর্শ শুনি স্ববিৰোধী কার্য তথা মন্তব্য কৰি আছে৷ বিটিচিৰ ১৭জন নির্বাচিত সদস্য তেওঁৰ সৈতে আছে আৰু বাকীসকলক মেনেজ কৰিবলৈ এসপ্তাহৰ সময় বিচাৰি ৰাজ্যপালৰ ওচৰত হাগ্রামা মহিলাৰীয়ে আবেদন দাখিল কৰিছিল৷ কিন্তু সেই নিশাই প্রমোদ বড়োৱে সংখ্যাগৰিষ্ঠতাৰ তালিকাসহ ৰাজ্যপালৰ ওচৰত চৰকাৰ গঠনৰ সুযোগ দিবলৈ আবেদন দাখিল কৰে আৰু পৰৱর্তী পর্যায়ত প্রমোদ বড়োৱে বিটিচি চৰকাৰ গঠন কৰে৷ গুৱাহাটী উচ্চ ন্যায়ালয়ত হাগ্রামা মহিলাৰীয়ে দাখিল কৰা ৰীট আবেদনক লৈ তেওঁ প্রতিক্রিয়া প্রকাশ কৰি কয় যে ন্যায়ালয়ত হাগ্রামা মহিলাৰীয়ে কেনেদৰে বে–আইনীভাৱে তিনিবাৰকৈ চীফ হ’ল, তাৰ উত্তৰ দিব লাগিব৷ বিটিচিত ইতিমধ্যে ইউ পি পি এল–বিজেপি–জি এছ পিয়ে চৰকাৰ কৰিছে৷ হাগ্রামা মহিলাৰীয়ে একো কৰিব নোৱাৰে৷ ইফালে আজি আমিনগাঁৱত সংবাদ মাধ্যমৰ আগত ‘নেডা’ৰ আহ্বায়ক তথা মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয়– মই ইতিমধ্যে বিটিচিৰ অধ্যায়ৰ পৰা ওলাই আহিছোঁ৷ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসেও বর্তমান বৰাক উপত্যকাত দলীয় কামত ব্যস্ত আছে৷ সেয়ে বিটিচিক লৈ কিবা জানিব লগা থাকিলে, সেই বিষয়ে সংবাদ মাধ্যমক বিটিচিৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োকে সুধিবলৈ তেওঁ আহ্বান জনায়৷

You might also like