নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ ৫খন ভয়ানক দলং

- হেমাশ্রী দুৱৰা

মানুহৰ কৌতূহলৰ অন্ত নাথাকে৷ মানুহে সদায় পৃথিৱীখন নিজৰ ধৰণেৰে সজাই ল’বলৈ প্রয়াস কৰে৷ বিচিত্র মানুহৰ বিচিত্র চিন্তাৰে গঢ়ি ডঠাৰ বাবেই পৃথিৱীখনত সকলো দিশতেই বিচিত্রতা বিৰাজমান৷ এই বৈচিত্র্যময় চিন্তাৰ বাবেই মানুহে আন বহুতো কামৰ লগতে কিছুমান আচৰিত কামো কৰিছে, যিবোৰ আজিৰ পৃথিৱীত বিচিত্র হৈ ধৰা দিছে৷ তেনে কিছুমান বস্তুৰ ভিতৰত অন্যতম বিশ্বৰ বিভিন্ন প্রান্তত থকা ভয়ানক দলংসমূহ৷ এই লেখাটোত বিশ্বৰ পাঁচখন ভয়ানক দলঙৰ বিষয়ে আমি আলোচনা কৰিম৷

বিশ্বৰ পাঁচখন ভয়ানক দলং বুলি ক’লেই প্রথমে আহে Hussaini Suspension Bridge’ৰ নাম৷ এই দলংখন পাকিস্তানত অৱস্থিত৷ ২০১৪ চনত এই দলংখন মুকলি কৰা হৈছিল৷ এই দলংখনে দুখন গাঁৱৰ মাজত সম্পর্ক স্থাপন কৰিছে৷ ইয়াৰ উচ্চতা প্রায় ৮,৫৩০ ফুট আৰু দলংখনৰ মাজৰভাগ ডেৰৰ পৰা দুই ফুট বহল, য’ত যিকোনো মানুহ তললৈ সৰি পৰিব পাৰে৷ জানিবলৈ পোৱা মতে, প্রতিবছৰে এইখন দলঙত ১৫–২০জন লোকৰ মৃত্যু হয়৷ সেইবাবে এই দলংখন বিশ্বৰ আটাইতকৈ ভয়ানক দলং হিচাপে পৰিগণিত হৈছে৷

দ্বিতীয়তে আহে China Glass Bridge৷ এইখন দলং চীন দেশত আছে৷ ইয়াৰ উচ্চতা প্রায় ১,১৮০ ফুট৷ এই দলঙৰ তলৰভাগ সম্পূর্ণ গ্লাছেৰে নির্মিত৷ ইয়াৰ পৰা তললৈ চালে আকাশত উৰি থকা যেন লাগে, লগতে ইয়াৰ যি ঠাইতে খোজ দিয়া হয় গ্লাছখন ফাটি যোৱা যেন লাগে, যিয়ে ইয়াক আৰু ভয়ংকৰ কৰি তোলে৷ কল্পনা কৰকচোন এখন চিঁচাৰ দলঙত আপুনি খোজকাঢ়ি গৈ আছে৷ আপোনাৰ প্রতিটো খোজতে দলংখন ভগাৰ দৰে হৈছে৷ কিমান ভয়ংকৰ হ’ব পাৰে এইখন দলং।

বিশ্বৰ তৃতীয়খন ভয়ংকৰ দলং হৈছে Ai Petri Bridge৷ এই দলংখন ৰাছিয়াত অৱস্থিত৷ ইয়াৰ উচ্চতা প্রায় ৪,০৪৮ ফুট৷ এই দলংখন পাহাৰৰ এটি ওখ শৃংগত অৱস্থিত, য’ত বতাহৰ প্রভাৱ বহুত বেছি৷ বিশেষকৈ বাৰিষা কালত ইয়াক ঘন ডাৱৰে আৱৰি থাকে৷ যাৰ বাবে দলংখন আৰু ভয়ানক হৈ পৰে৷

 

চতুর্থ স্থানত থকা বিশ্বৰ ভয়ানক দলংখন হৈছে Royal Gorge Bridge৷ এই দলংখন আমেৰিকাত আছে৷ ইয়াৰ উচ্চতা প্রায় ৯৫৫ ফুট৷ দলংখন আমেৰিকা যুক্তৰাষ্ট্রৰ সর্বোচ্চ দলং হৈ আছে আৰু ২০১২ চনলৈকে পৃথিৱীৰ দহখন সর্বোচ্চ দলঙৰ ভিতৰত আছিল৷ সর্বোচ্চ এখন দলং হোৱাৰ বাবেই ই ভয়ানক হৈ পৰে৷ এখন ধুনীয়া উদ্যানৰ লগত ই সংলগ্ণ হৈ আছে বাবে দলংখনৰ সৌন্দর্য অতি মনোমোহা৷ উল্লেখ্য যে এই দলংখনে ১৯২৯ চনৰ পৰা ২০০১ চনলৈকে বিশ্বৰ আটাইতকৈ ডাঙৰ দলং বুলি স্বীকৃতি পাইছিল৷

ভয়ানক দলঙৰ তালিকাত স্থান পোৱা আন এখন অন্যতম দলং হ’লZhangjiajie Glass Bridge৷ এই দলংখনো চীন দেশত অৱস্থিত৷ এই দলংখন ২০১৫ চনত মুকলি কৰা হৈছিল৷ দুখন পাহাৰৰ মাজত অৱস্থিত এই দলংখনৰ উচ্চতা প্রায় ৯৮৪ ফুট৷ সম্পূর্ণ দলংখন গ্লাছেৰে নির্মিত হোৱা বাবে ইয়াত উঠিলে আকাশত উৰি থকা যেন লাগে৷ সেইবাবে সকলো মানুহ ইয়াত উঠিব নোৱাৰে৷

You might also like