নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিত্য ব্যৱহাৰ্য সা-সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে মৰিগাঁও সদৰ ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী

বার্তা বুৰো, ২৯ মাৰ্চ: আজি মৰিগাঁও সদৰ ছাত্ৰ সন্থাই নিত্য ব্যৱহাৰ্য সা-সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিৰ প্ৰতিবাদত মৰিগাঁও চহৰৰ মাজমজিয়াত অসম চৰকাৰৰ যোগান মন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী ৰূপায়ণ কৰে।মৰিগাঁও সদৰ ছাত্ৰ সন্থাৰ উদ্যোগত ৰূপায়ণ হোৱা কাৰ্যসূচীটোত সদৰ ছাত্ৰ সন্থাৰ ভা:সভাপতি চুমন বৰা আৰু সাধাৰণ সম্পাদক প্ৰণৱজ্যোতি বৰ্মনৰ নেতৃত্বত মৰিগাঁও চহৰত শতাধিক ছাত্ৰ কৰ্মীয়ে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি অত্যাবশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনায়। উক্ত কাৰ্যসূচীত জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপুল কু: নাথৰ লগতে সাধাৰণ সম্পাদক ৰূপজ্যোতি মেধী তথা জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক লোকেন্দ্ৰ চেত্ৰীৰ লগতে মৰিগাওঁ সদৰ ছাত্ৰ সন্থাৰ উপদেষ্টা কমল মহন্ত উপস্থিত থাকে। প্ৰতিবাদকাৰী সকলে যোগান মন্ত্ৰী হুচিয়াৰ, অত্যাবশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধি ৰোধ কৰক, ইন্ধনজাত সামগ্ৰী মূল্যবৃদ্ধি ৰোধ কৰক, মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা চৰকাৰ হুচিয়াৰ ইত্যাদি শ্লগানেৰে মৰিগাঁও চহৰৰ ৰাজপথ উত্তাল কৰি তুলে।

You might also like