নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনীৰ সোণাইকোলাত স্বাস্থ্য শিবিৰ : বাল্য বিবাহৰ বিৰুদ্ধে সজাগতা জিলা প্ৰশাসনৰ

নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ চিৰাঙৰ বিজনী সমষ্টিৰ অন্তৰ্গত চিৰাং জিলাৰ সীমামূৰীয়া তথা বঙাইগাঁও জিলাৰ আওহতীয়া ঠাই সোণাইকোলাত আজি এক বিশেষ স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। সোণাইকোলা চিনিয়ৰ বেচিক স্কুলত অনুষ্ঠিত বিশেষ স্বাস্থ্য পৰীক্ষা শিৱিৰত স্বাস্থ্য বিভাগৰ কেবাজনো বিভিন্ন বিভাগৰ চিকিৎসকে অঞ্চলটোৰ আঠ শতাধিক লোকৰ স্বাস্থ্য পৰীক্ষা কৰি প্ৰয়োজনীয় ঔষধ প্ৰদান কৰে। মাণিকপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত আৰু পাতিলাদাহা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত অনুষ্ঠিত এই চিকিৎসা শিবিৰত মুখ্য অতিথিৰূপে  উপস্থিত থাকে বঙাইগাঁও জিলা উপায়ুক্ত নৱদ্বীপ পাঠক আৰু সন্মানীয় অতিথিৰূপে উপস্থিত থাকে আলুখুন্দা গাওঁ পঞ্চায়তৰ সভাপতি কবিৰ ৰহমানৰ লগতে কেইবাজনো জ্যেষ্ঠ চিকিৎসক। বঙাইগাঁৱৰ উপায়ুক্ত নৱদ্বীপ পাঠক বিশেষ স্বাস্থ্য শিবিৰত উপস্থিত থাকি বাল্যবিবাহৰ  প্ৰতি ৰাইজক  সজাগ হবৰ বাবে আহ্বান জনায়। যদি কোনো লোকে এনে কাম কৰি আছে আৰক্ষীক আৰু স্বাস্থ্য বিভাগক খৱৰ দিবলৈও তেওঁ কয়ৰাইজৰ প্ৰতি আহ্বান জনায়। তেওঁ কয়, বৰ্তমান ১৮ বছৰ বয়সৰ তলৰ কোনো কন্যা সন্তানক বিয়া দিলে ইয়াৰ বাবে প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। ইপিনে স্বাস্থ্য শিবিৰত গৰ্ভৱতী মাতৃৰ সজাগতা আৰু চিকিৎসা কৰোৱা হয়।

প্ৰেৰক বৰ্ণালী তালুকদাৰ 

You might also like