নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রচণ্ড গ্রীষ্মই দহিব সমগ্র দেশ… এল নিনোৰ প্রভাৱত ভাৰতত হ্রাস পাব বৰষুণৰ মাত্রা

ডিজিটেল ডেস্ক, ১২ মার্চ : গ্রীষ্ম ঋতু এতিয়াও আহি পৰা নাই৷ ক’বলৈ গ’লে মার্চ মাহটো বা ফাগুন–চ’ত মাহ তাপমাত্রাৰ ফালৰ পৰা সুখকৰ৷ এই সময়ত বৰ বেছি গৰমো নাথাকে আৰু ঠাণ্ডাও নাথাকে৷ কিন্তু এইবাৰ মার্চ মাহৰ পৰাই খেল দেখুৱাবলৈ আৰম্ভ কৰিছে গৰমে৷ এনে সময়তে অধিক বেয়া খবৰ জনালে বিশ্ব বতৰ বিজ্ঞান সংস্থাই৷

তেওঁলোকে দিয়া পূর্বাভাস মতে, চলিত বছৰত এল নিনোৰ প্রভাৱত অহা কেইবামাহো ব্যাপক গৰম পৰিব পাৰে৷ তাৰ প্রভাৱ পৰিব পাৰে বৰষুণৰ ওপৰত৷ অৱশ্যে বহুতো বিজ্ঞানীয়ে মতামত প্রকাশ কৰিছে যে ইমান খৰধৰকৈ পূর্বাভাস দিয়াটো উচিত হোৱা নাই৷ কিন্তু ভাৰতত যে গ্রীষ্মপ্রৱাহ বৃদ্ধি পাব, সেই বিষয়ে একমত অধিকাংশ বতৰ বিজ্ঞানী৷

বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ আপডেটত কোৱা হৈছে যে জলবায়ুগত পৰিৱর্তনৰ বাবে মার্চ আৰু মে’ মাহত ভূপৃষ্ঠৰ তাপমাত্রা গঢ় হিচাপতকৈ বৃদ্ধিৰ প্রৱণতা দেখা গৈছে৷ যাৰ প্রভাৱ ইতিমধ্যে ভাৰতত দেখিবলৈ পোৱা গৈছে৷ ভাৰতৰ বিভিন্ন ঠাইত ইতিমধ্যে তীব্র গ্রীষ্মপ্রৱাহৰ পৰিস্থিতি সৃষ্টি হৈছে৷ মৌচম ভৱনে এতিয়াই এল নিনোৰ প্রভাৱৰ কথা মানি নল’লেও মঙলবাৰে এই পূর্বাভাস দিয়ে যে আগন্তুক তিনি দিনত জম্মু আৰু কাশ্মীৰৰ লগতে হিমাচল প্রদেশৰ দৰে শীতপ্রধান অঞ্চলত দিনৰ ভাগৰ তাপমাত্রা স্বাভাৱিকতকৈ ৫–৭ ডিগ্রী অধিক হ’ব৷

আনহাতে, দিল্লী, গুজৰাটসহ উত্তৰ–পশ্চিম ভাৰতৰ সমভূমি এলেকাত তাপমাত্রা ৪–৬ ডিগ্রী বেছি হ’ব বুলি কোৱা হৈছে৷ ভূ–বিজ্ঞান মন্ত্রালয়ৰ প্রাক্তন সচিব মাধৱন ৰাজীৱনে কয়- ‘ঋতুৰ দ্বিতীয়ার্ধত এল নিনোৰ প্রভাৱ পৰিব পাৰে৷ এই মুহূর্তত মজলীয়া প্রভাৱ পৰাৰ সম্ভাৱনা আছে৷ পিছে এতিয়াই ভৱিষ্যদ্বাণী কৰাটো ঠিক নহ’ব৷ জুন মাহতে এল নিনোৰ প্রভাৱ আৰু অধিককৈ দেখা যাব৷’

উল্লেখ্য যে প্রশান্ত মহাসাগৰীয় অঞ্চলত, পেৰুৰ অঞ্চলত ভূ–পৃষ্ঠৰ উত্তপ্ত বতাহকে এল নিনো বোলে৷ এল নিনোৰ খুন্দাত সমুদ্রৰ তাপমাত্রা আৰু বতৰৰ পৰিৱর্তন আহে৷ সমুদ্রৰ তাপমাত্রা ৪–৫ ডিগ্রী চেলছিয়াছ বাঢ়ি যাব পাৰে৷ মোটামুটি ২ৰ পৰা ৭ বছৰৰ ব্যৱধানত এল নিনোৰ প্রভাৱত সমগ্র বিশ্বৰ বতৰ প্রভাৱিত হয়৷ যদিহে এইবাৰৰ বাৰিষাত এল নিনোৰ প্রভাৱ বাহাল থাকে তেন্তে বৰষুণৰ ঘনত্ব কমিব৷ ফলত সমস্যাত পৰিব কৃষকসকল৷

You might also like