নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এলপিজি : উৰাবাতৰিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাৰ সিদ্ধান্ত

ডিজিটেল ডেস্ক, ১২ মার্চ : ভাৰত চৰকাৰে পশ্চিম এছিয়াৰ সাম্প্রতিক সংঘাতৰ পৰা সৃষ্টি হোৱা ভূ–ৰাজনৈতিক পৰিস্থিতিৰ পৰিপ্রেক্ষিতত দেশখনত এলপিজি আৰু পেট্র’পণ্যৰ বর্তমানৰ স্থিতি সন্দর্ভত আলোচনা কৰিবলৈ এখন ভিডিঅ’ কনফাৰেন্সৰ আয়োজন কৰে৷ কনফাৰেন্সখনত গৃহ আৰু ৰাজনৈতিক বিভাগ, উপভোক্তা পৰিক্রমা বিভাগ, তথ্য আৰু সম্প্রচাৰ বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে সকলো ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালকপ্রধানসকলে অংশগ্রহণ কৰে৷ ভিডিঅ’ কনফাৰেন্সখনত সমগ্র দেশতে ঘৰুৱা আৰু বাণিজ্যিক উভয় প্রকাৰৰ এলপিজি চিলিণ্ডাৰৰ স্থিতি সন্দর্ভত বিশদ আলোচনা কৰা হয়৷

কনফাৰেন্সত ভাগ লোৱা প্রতিগৰাকী সদস্য আৰু বিভাগে বিভিন্ন পর্যায়ত এলপিজি চিলিণ্ডাৰৰ যোগান আৰু বিতৰণ, পৰিবহণ আৰু মজুত পর্যাপ্তৰ ওপৰত তদাৰকী আৰু নিৰীক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ এলপিজি চিলিণ্ডাৰৰ নাটনি সন্দর্ভত ভুৱা বাতৰি, উৰাবাতৰি ৰোধ কৰিবলৈ বিশেষ পদক্ষেপ লোৱাৰো সিদ্ধান্ত গ্রহণ কৰা হয় আলোচনাত৷

ভাৰত চৰকাৰৰ উদ্যোগত আয়োজিত ভিডিঅ’ কনফাৰেন্সখনৰ পিছত অসম আৰক্ষীৰ সঞ্চালকপ্রধান আৰু খাদ্য, ৰাজহুৱা বিতৰণ তথা উপভোক্তা পৰিক্রমা বিভাগ আৰু ৰাজ্যখনত কাম–কাজ চলাই থকা তেলৰ বিপণন কোম্পানীসমূহৰ প্রতিনিধিবর্গৰ উপস্থিতিত লোকসেৱা ভৱনত অসমৰ মুখ্য সচিব ড০ ৰবি কোটাৰ অধ্যক্ষতাত এখন চমু পর্যালোচনা সভা অনুষ্ঠিত হয়৷ পর্যালোচনা সভাখনৰ মাজতে সমগ্র ৰাজ্যত এলপিজি চিলিণ্ডাৰ আৰু পেট্র’লিয়াম পণ্যৰ স্থিতি সন্দর্ভত বিশদভাৱে আলোচনা কৰা হয়৷ তেল বিপণন কোম্পানীসমূহৰ প্রতিনিধিবর্গই উল্লেখ কৰে যে ৰাজ্যখনত সম্প্রতি এলপিজি চিলিণ্ডাৰৰ কোনোধৰণৰ নাটনি হোৱা নাই৷ ঘৰুৱা উপভোক্তাসকলৰ প্রয়োজনীয়তা পূৰাব পৰাকৈ পর্যাপ্ত মজুত আছে৷ অধ্যক্ষগৰাকীয়ে সংশ্লিষ্ট সকলোকে নিজৰ নিজৰ পর্যায়ত পৰিস্থিতি ঘনিষ্ঠভাৱে নিৰীক্ষণ কৰাৰ নির্দেশ দিয়ে৷ এই সন্দর্ভত যিকোনো ধৰণৰ সংকটৰ সৃষ্টি হ’লে সকলো পক্ষৰ পৰা সহযোগিতা আহ্বান কৰা হয়৷

উক্ত বৈঠকতে উপভোক্তাসকলক কোনোধৰণৰ উৰাবাতৰি বা ভুৱা বাতৰিৰ প্রতি গুৰুত্ব নিদিবলৈ আহ্বান জনোৱা হয়৷ সামাজিক মাধ্যম বা আন যিকোনো ধৰণৰ মাধ্যমত কোনো ভুৱা বাতৰি বা উৰাবাতৰি প্রচাৰ হ’লে তেনে কার্যত লিপ্ত ব্যক্তি-সংস্থাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব৷

ইপিনে, ৰন্ধন গেছকে ধৰি পেট্ৰ’লিয়ামজাত সামগ্ৰী তথা ইন্ধনক লৈ উৰাবাতৰি বিয়পোৱাসকলৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে অসম আৰক্ষীয়ে । ৰাজ্যখনত এলপিজি আৰু অন্যান্য পেট্ৰ’লিয়ামজাত সামগ্ৰীৰ নাটনি হোৱা বুলি উৰাবাতৰি বিয়পোৱা লোকৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি বৃহস্পতিবাৰে অসম আৰক্ষীয়ে সকীয়নি প্ৰদান কৰিছে।

You might also like