নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১২ ফেব্রুৱাৰীৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা

বিশেষ বাৰ্তা, ৭ ডিচেম্বৰঃ অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে আজি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময় সূচী প্রকাশ কৰিছে৷ অহা ১২ ফেব্রুৱাৰীৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাসমূহ অনুষ্ঠিত হ’ব৷ ইয়াৰ পূর্বে অহা ২৪ জানুৱাৰীৰ পৰা ৮ ফেব্রুৱাৰীলৈ ব্যৱহাৰিক বিষয়ৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ’ব৷ আজি ঘোষণা কৰা সূচী অনুসৰি ১২ ফেব্রুৱাৰীৰ বিয়লি ১.৩০ বজাৰ পৰা ইংৰাজী বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব৷ সেইদৰে ১৩ ফেব্রুৱাৰীৰ পুৱা ৯ বজাৰ পৰা সংগীত (গ্রুপ ‘এ’) আৰু বিয়লি ১.৩০ বজাৰ পৰা বিহু বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব৷ ১৬ ফেব্রুৱাৰীত বিয়লি ১.৩০ বজাৰ পৰা ৰাসায়নিক বিজ্ঞান, বিজনেছ ষ্টাডিজ আৰু ৰাজনীতি বিজ্ঞান বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব৷ ১৭ ফেব্রুৱাৰীত পুৱা ৯ বজাত অনুষ্ঠিত হ’ব সংগীত (গ্রুপ ‘বি’)ৰ পৰীক্ষা৷ একেদিনাই বিয়লি ১.৩০ বজাৰ পৰা কাৰিকৰী প্রথম প্রশ্ন কাকত আৰু কাৰিকৰী চতুর্থ ঐচ্ছিক প্রশ্ণকাকতৰ পৰীক্ষা অনুষ্ঠিত হ’ব৷ ১৯ ফেব্রুৱাৰীত বিয়লি ১.৩০ বজাৰ পৰা পদার্থ বিজ্ঞান, একাউণ্টেন্সি, শিক্ষা আৰু জেনেৰেল ফাউণ্ডেচন পাঠ্যক্রমII বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব৷ ২১ ফেব্রুৱাৰীত বিয়লি ১.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব ঐচ্ছিক ইংৰাজী আৰু আধুনিক অসমীয়া ভাষাৰ পৰীক্ষা৷ ২২ ফেব্রুৱাৰীৰ পুৱা ৯ বজাত উদ্যমিতা বিকাশ আৰু ১.৩০ বজাৰ পৰা উচ্চ সংস্কৃত বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব৷ ২৩ ফেব্রুৱাৰীত পুৱা ৯ বজাৰ পৰা সংগীত (গ্রুপ ‘চি’) বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব৷ সেইদিনা বিয়লি ১.৩০ বজাৰ পৰা আই টি, আই টি ই এছ, ৰিটেইল ট্রেড, এগ্রিকালচাৰ ডেইৰী ফার্মাৰ, ক্লৰিকালচাৰিষ্ট, হেলথ্ কেয়াৰ, প্রাইভেট ছিকিউৰিটী, ট্যুৰিজিম আৰু হস্পিতালিটী, বিউটী এণ্ড ৱেলনেছ, ইলেক্ট্রনিকছ আৰু অট’মটিভ বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব৷ ২৭ ফেব্রুৱাৰীৰ বিয়লি ১.৩০ বজাত অনুষ্ঠিত হ’ব গণিত বিষয়ৰ পৰীক্ষা৷ ২৯ ফেব্রুৱাৰীত জীৱবিজ্ঞান, বীমা আৰু বুৰঞ্জী বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব৷ ১ মার্চৰ বিয়লি ১.৩০ বজাত অনুষ্ঠিত হ’ব ফাইন আর্টছ, ইকনমিক জি’গ্রাফি আৰু বায়’ টেকন’লজী বিষয়ৰ পৰীক্ষা৷ ২ মার্চৰ বিয়লি ১.৩০ বজাৰ পৰা উচ্চ ভাষা, আৰবিক, পার্চিয়ান, আৰু সংস্কৃত বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব৷ ৪ মার্চৰ বিয়লি ১.৩০ বজাত অর্থনীতি বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব৷ ৫ মার্চৰ পুৱা ৯ বজাত কাৰিকৰী দ্বিতীয় প্রশ্ণকাকত আৰু কাৰিকৰী পঞ্চম ঐচ্ছিক প্রশ্ণকাকতৰ পৰীক্ষা অনুষ্ঠিত হ’ব৷ সেইদিনাই বিয়লি ১.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব স্বদেশী অধ্যয়ন বিষয়ৰ পৰীক্ষা৷ ৬ মার্চত বিয়লি ১.৩০ বজাত ষ্টেটিকছ আৰু ৭ মার্চৰ বিয়লি ১.৩০ বজাৰ পৰা বিজনেছ মেথেমেটিকছ এণ্ড ষ্টেটিকছ, ভূগোল আৰু ভূ–বিজ্ঞানৰ পৰীক্ষা অনুষ্ঠিত হ’ব৷ ৯ মার্চৰ পুৱা ৯ বজাৰ পৰা কাৰিকৰী ষষ্ঠ ঐচ্ছিক প্রশ্ণকাকত আৰু বিয়লি ১.৩০ বজাৰ পৰা লজিক এণ্ড ফিল’শ্বফী, ফাইনেন্স আৰু চাইক’লজী বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব৷ ১১ মার্চৰ বিয়লি ১.৩০ বজাৰ পৰা এনথ্র’পলজী, ছ’চিয়লজী আৰু ছেলছমেনশ্বিপ এণ্ড এডভাৰটাইজিং বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব৷ ১২ মার্চৰ পুৱা ৯ বজাৰ পৰা গৃহ বিজ্ঞান আৰু বিয়লি ১.৩০ বজাৰ পৰা কম্পিউটাৰ চাইন্স এণ্ড এপ্লিকেচন বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব৷ ১৩ মার্চৰ দিনা বিয়লি ১.৩০ বজাৰ পৰা মাল্টিমিডিয়া এণ্ড ৱেব টেকন’লজী বিষয়ৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ’ব৷ উল্লেখ্য যে আধুনিক অসমীয়া ভাষাসমূহৰ ভিতৰত অসমীয়া, বঙালী, বড়ো, গাৰো, মাৰ, হিন্দী, খাচী, মণিপুৰী, মিজো, নেপালী, উর্দু আৰু কার্বি ভাষা অন্তর্ভুক্ত হৈ আছে৷ একেদৰে উচ্চ ভাষাৰ ভিতৰত থাকিব উচ্চ অসমীয়া, উচ্চ বঙালী, উচ্চ বড়ো, উচ্চ হিন্দী আৰু উচ্চ মণিপুৰী৷ সংগীতৰ ‘এ’ গ্রুপত হিন্দুস্তানী ভোকেল, কথক নৃত্য, তবলা, ভায়লিন আৰু চেতাৰ অন্তর্ভুক্ত হৈ থাকিব৷ সেইদৰে সংগীতৰ ‘বি’ গ্রুপত সত্রীয়া ভোকেল মিউজিক (বৰগীত), সত্রীয়া নৃত্য আৰু খোল অন্তর্ভুক্ত হৈ থাকিব৷ সংগীতৰ ‘চি’ গ্রুপত অসমীয়া লোকসংগীত, অসমীয়া লোকনৃত্য সন্নিৱিষ্ট হৈ আছে৷ পৰীক্ষাৰ বাবে দুঘণ্টা সময় প্রদান কৰা হ’ব৷ এইবাৰ ৰাজ্যৰ মুঠ ৮৭৫টা পৰীক্ষা কেন্দ্রত অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাত ২.৫৫ লাখ পৰীক্ষার্থী অৱতীর্ণ হ’ব৷

#বাৰ্তা ডেস্ক

You might also like