নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আশা কৰাতকৈ বেছি টকা চুৰিঃ আনন্দত আত্মহাৰা হৈ হাৰ্টফেইল হ’ল চোৰৰ

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ দুই চোৰে একলগ হৈ টকা চুৰি কৰিছিল। কিন্তু চুৰিৰ পিছতহে তেওঁলোকে লক্ষ্য কৰিছিল যে তেওঁলোকে ভবাতকৈ বহুত বেছি টকা চুৰি কৰিছিল। অৱশেষত আনন্দত আত্মহাৰা হৈ হৃদৰোগত আক্ৰান্ত হয় এজন চোৰ। আৰু সেই চোৰৰ চিকিৎসাৰ নামত ব্যয় হয় তেওঁলোক দুয়োজনে মিলি চুৰি কৰা বেছিভাগ টকা। শুনি হাস্যকৰ লাগিছে যদিও কিন্তু এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বিজনোৰত।

শেহতীয়াকৈ আৰক্ষীৰ জালত পৰিছে নাগিনা আৰক্ষী থানাৰ অন্তৰ্গত আলিপুৰৰ বাসিন্দা দুই চোৰ নওছাদ আৰু আজাজ।

আৰক্ষীৰ সোধপোছত তেওঁলোক দুয়োজনেই সকলো ঘটনা স্বীকাৰ কৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহিছে।

আৰক্ষী সূত্ৰ অনুসৰি, চোৰ দুজন ১৬ আৰু ১৭ ফেব্ৰুৱাৰীত নৱাব হেইদাৰ নামৰ এজন ব্যক্তিৰ মালিকানাধীন পাবলিক চেক্টৰ চেন্টাৰত চুৰি কৰিবলৈ প্ৰৱেশ কৰিছিল। তেতিয়া সেই কেন্দ্ৰত ৭ লাখ টকা আছিল। দুয়োজনে এই সকলোবোৰ টকা চুৰি কৰিছিল।

কিন্তু শেষত, ইমানবোৰ টকা হাতত পাই আনন্দত আত্মহাৰা হৈ হৃদৰোগত আক্রান্ত হয় এজন চোৰ। পিছত তেওঁক এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰা হৈছিল। চিকিৎসাৰ নামতে বেছিভাগ চুৰি হোৱা টকা শেষ হয়।

ইতিমধ্যে দুয়োজনৰ নামত একাধিক ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

You might also like