নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ নহয়, দেশৰ সকলোতকৈ সফল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

গৌতম ৰয়ৰ পুত্ৰ ৰাহুল ৰয় হাইলাকান্দি বিধানসভা সমষ্টিত কংগ্ৰেছৰ টিকটত প্ৰাৰ্থিত্ব আশা কৰি আছে

ৰাজ্যৰ নহয়, বৰং দেশৰ সকলোতকৈ সফল মুখ্যমন্ত্ৰী হৈছে ডঃ হিমন্ত বিশ্ব শৰ্মা— এই মন্তব্য কৰিলে প্ৰাক্তন মন্ত্ৰী আৰু বিজেপিৰ জ্যেষ্ঠ নেতা গৌতম ৰয়ে। সাংবাদিকৰ সৈতে মত বিনিময়ৰ সময়ত তেওঁ দাবী কৰে, “ডঃ শৰ্মাৰ দৰে সক্ৰিয় আৰু কৰ্মঠ মুখ্যমন্ত্ৰী দেশ এতিয়ালৈ দেখা নাই। তেওঁ আজি দেশৰ নম্বৰ ৱান মুখ্যমন্ত্ৰী।”

কেবিনেট মন্ত্ৰী কৃষ্ণেন্দু পালে প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ৰ হাইলাকান্দিৰ বাসভৱনত গৈ তেওঁৰ সৈতে সাক্ষাৎ কৰে। এক সময়ৰ প্ৰভাৱশালী মন্ত্ৰী গৌতম ৰায় এতিয়া শাৰীৰিকভাৱে দুর্বল হলেও মুখ্যমন্ত্ৰীৰ অহা হাইলাকান্দি ভ্ৰমণৰ বাবে অপেক্ষা কৰি আছে বুলি জনায়।

অন্যহাতে মন্ত্ৰী কৃষ্ণেন্দু পালে কয়, “মুখ্যমন্ত্ৰীৰ  কাৰ্যসূচীত উপস্থিত থাকিবলৈ নিমন্ত্ৰণ জনাবলৈহে মই আজি গৌতম ৰায়ৰ ঘৰলৈ আহিছোঁ। এই বৈঠক ৰাজনৈতিক নহয়, সম্পূৰ্ণভাবে সামাজিক।”

উল্লেখযোগ্য যে গৌতম ৰয়ৰ পুত্ৰ ৰাহুল ৰয় হাইলাকান্দি বিধানসভা সমষ্টিত কংগ্ৰেছৰ টিকটত প্ৰাৰ্থিত্ব আশা কৰি আছে। এই পৰিপ্ৰেক্ষিতত গৌতম ৰয়ৰ বিজেপিৰ হিতত সক্ৰিয়তায়ো বহুতো প্রশ্নও উত্থাপন কৰিছে বুলিও ৰাজনৈতিক মহলে মত প্ৰকাশ কৰিছে।

ডিজিটেল ডেস্ক, ৪ ডিচেম্বৰ

You might also like