ডিজিটেল ডেস্ক, ১৪ মে’ : ২০১২ চনত দিল্লীত চলন্ত বাছত এগৰাকী যুৱতীক নিৰ্যাতন চলোৱা হৈছিল। পাছত চিকিৎসালয়ত নিৰ্যাতিতাগৰাকীৰ মৃত্যু হয়। সেই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ দেশ উত্তাল হৈ পৰিছিল। ১৪ বছৰৰ পিছত ‘নিৰ্ভয়া কাণ্ড’ৰ সেই নৃশংস ঘটনাৰ স্মৃতি পুনৰ সজীৱ কৰি আকৌ এগৰাকী যুৱতীক বাছৰ ভিতৰতে নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে। এইবাৰো ঘটনাস্থল দেশৰ ৰাজধানী দিল্লী। ইতিমধ্যে আৰক্ষীয়ে দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।
খবৰ অনুসৰি, সোমবাৰে নিশা দিল্লীৰ ৰাণীবাগ অঞ্চলত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। কাম শেষ কৰি যুৱতীগৰাকী ঘৰলৈ উভতিছিল। সৰস্বতী বিহাৰ অঞ্চলৰ বাছ ষ্টেণ্ডৰ পৰা তেওঁ এখন ব্যক্তিগত শ্লিপাৰ বাছত উঠিছিল। সেই সময়ত বাছখন প্ৰায় খালী আছিল। অভিযোগ অনুসৰি, যুৱতীগৰাকীয়ে বাছৰ দুৱাৰত থিয় হৈ থকা কণ্ডাক্টৰজনক সময় সুধিছিল। কিছু সময় পিছতে কণ্ডাক্টৰজনে তেওঁক জোৰকৈ বাছৰ ভিতৰলৈ টানি লৈ যায়। তাৰ পিছত চালকজনে বাছখন নাংলোইৰ দিশে লৈ যায়। অভিযোগ অনুসৰি, তাৰ পিছতে চালক আৰু কণ্ডাক্টৰে মিলি যুৱতীগৰাকীক নিৰ্যাতন চলায়। কেৱল সেয়াই নহয়, নিৰ্যাতনৰ পিছত যুৱতীগৰাকীক বাছৰ পৰা পেলাই দিয়াৰো অভিযোগো উঠিছে।
উল্লেখ্য যে যুৱতীগৰাকীৰ অভিযোগৰ ভিত্তিত এফআইআৰ ৰুজু কৰা হৈছে। দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে বাছখনো জব্দ কৰা হৈছে। যদিও অভিযুক্তসকলৰ পৰিচয় এতিয়াও ৰাজহুৱাভাৱে প্ৰকাশ কৰা হোৱা নাই। ঘটনাটোৰ সকলো দিশ চাই তদন্ত চলোৱা হ’ব বুলি আৰক্ষী বিষয়াসকলে আশ্বাস দিছে। খবৰ অনুসৰি, ইতিমধ্যে তদন্তকাৰীয়ে নিৰ্যাতিতাগৰাকীৰ ভাষ্য সংগ্ৰহ কৰিছে। যদিও সমগ্ৰ ঘটনাক লৈ এই মুহূৰ্তত বিশদ মন্তব্য কৰিবলৈ আৰক্ষীয়ে অস্বীকাৰ কৰিছে।