নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লুৰিণক প্ৰশংসা মন্ত্ৰী ড০ হিমন্তৰ, লগতে কলে আছুত এতিয়া ছাত্ৰ নাই

নিয়মীয়া বাৰ্তা ১ ডিচেম্বৰঃ   আজি সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোত গগৈক মুকলিকৈ প্ৰশংসা কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। বিশেষক যি সময়ত আছুত বয়স আৰু বিবাহ বিতৰ্ক চলি আছে এনে সময়তে মন্ত্ৰী গৰাকীয়ে আছু সম্পৰ্কে প্ৰকাশ কৰিলে ভিন্ন বিষয়।

লুৰিণজ্যোত ধন্যবাদ জ্ঞাপন মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়- আছু ময়ো কৰিছিলো কিন্তু যি সকলো আছুত থাকে ওলাই আহিব নিবিচাৰে। লুৰিণজ্য়োতি গগৈৰ পথ যিয়েই নহওক কিয় , ৫ বছৰৰ ভিতৰেত তেওঁৰ কাৰ্যকালতে আছু ত্যাগ কৰি ওলাই আহিলে, সি এটা ভাল দৃষ্টান্ত। কাৰণ নিয়মমতে বিবাহিত হোৱাৰ পিছত, নিয়মীয়া ছাত্ৰ নোহোৱাৰ পিছত আছুত থাকিব নাপায়। কিন্তু এইটো এটা পৰম্পৰা হৈ গল যে যেতিয়ালৈকে মন্ত্ৰ -বিধায়ক নহয় বা কোনো আন সুবিধা নাথাকে তেতিয়ালৈকে আছু কৰি গৈ থাকে। কিন্তু ৰাজনৈতিক পাৰ্থক্য থকাৰ পিছতো বা লুৰিণজ্যোতিৰ কামত মই একমত নহয় যদিও লুৰিণে নিজে কোৱাৰ দৰে সময়মতে আছুৰ পৰা ওলাই আহি ভৱিষ্যত প্ৰজন্মৰ আছুৰ বাবে এটা ভাল উদাহৰণ ৰাখি গ’ল। ই এক সাহসী সিদ্ধান্ত।

আনহাতে কাৰো নাম প্ৰকাশ নকৰাকৈ মন্ত্ৰীগৰাকীয়ে কয় যে গোটেই জাতীয় সংগঠনবিলাক এক বোৱঁতী নদীৰ দৰে হব লাগে, এটা চাম আহিছে আৰু আন এটা চাম ওলাই গৈছে নতুন চাম সোমাইছে। তেতিয়া সংগঠন এটাৰ গতিশীলতা থাকে, প্ৰাণৱন্ত হৈ থাকে। সেই হিচাপত আছুৰ যিটো অধিৱেশনৰ সিদ্ধান্ত বিবাহিত হলে আছুত থাকিব নোৱাৰিব তথা ৪০ বছৰ ঊৰ্ধ্বৰ ছাত্ৰ থাকিব নোৱাৰৰ সন্দৰ্ভত তেওঁ কয়- ৪০ বছৰ নহয় আচলতে ৩০ বছৰৰ পিছত কোনোও আছু কৰিব নালাগে। কাৰণ ছাত্ৰই ছাত্ৰৰ মনৰ কথা বুজি পাব লাগিব ছুপাৰ ষ্টুডেণ্টে ছাত্ৰৰ মনৰ কথা  বুজি নাপাব। গতিকে তেনেকুৱা সংগঠনত থাকি লাভ নাই। লুৰিণে যিটো উদাহৰণ দেখুৱালে সেইটোকে কেন্দ্ৰ কৰি যদি আছু এখন বোৱঁতী গংগা হৈ যায়, পুৰণা মানুহ ওলাই থাকিব নতুন মানুহ সোমাই থাকিব, তেতিয়াহে আছুৰ প্ৰাসংগিকতা থাকিব। আজি যিহেতু আছুৰ একেবাৰে প্ৰাসংগিকতা নাই । কিন্তু যদি ভাল ছাত্ৰ আহে, তেতিয়াহে আছু প্ৰাণৱন্ত হ’ব। বৰ্তমান আছুত কোনো ছাত্ৰ নাই ।

 

You might also like